প্ৰথমবাৰলৈ বঁটাপ্ৰাপকসকলে ব্লকচেইন প্ৰযুক্তিৰ জৰিয়তে লাভ কৰিব ডিজিটেল প্ৰমাণপত্ৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ৰ ২৪ জানুৱাৰীৰ দুপৰীয়া ১২ বজাত ভিডিঅ’ কনফাৰেন্সিংযোগে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰষ্কাৰ (পিএমআৰবিপি) প্ৰাপকসকলৰ সৈতে মত বিনিময় কৰিব৷ এই উপলক্ষে ব্লকচেইন প্ৰযুক্তিৰ জৰিয়তে ২০২২ আৰু ২০২১ বৰ্ষৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰষ্কাৰ প্ৰাপকসকলক ডিজিটেল প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব৷ বঁটাপ্ৰাপকসকলক প্ৰমাণপত্ৰ প্ৰদানৰ বাবে প্ৰথমবাৰলৈ এই প্ৰযুক্তি ব্যৱহাৰ কৰা হ’ব৷

ভাৰত চৰকাৰে উদ্ভাৱন, সমাজ সেৱা, শিক্ষা, ক্ৰীড়া, কলা আৰু সংস্কৃতি আৰু সাহসিকতাকে ধৰি ছটা শিতানত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰষ্কাৰ প্ৰদান কৰি আহিছে৷ এইবাৰ সমগ্ৰ দেশৰ ২৯গৰাকী শিশুক বাল শক্তি পুৰষ্কাৰৰ বিভিন্ন শিতানত ২০২২ বৰ্ষৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰষ্কাৰৰ বাবে মনোনীত কৰা হৈছে৷ এই বঁটাপ্ৰাপকসকলে প্ৰতিবছৰে গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিব৷ প্ৰতিগৰাকী প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰষ্কাৰপ্ৰাপকক এটা পদক, এক লাখ টকা আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হয়৷ নগধ ধন ২০২২ বৰ্ষৰ সংশ্লিষ্ট প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰষ্কাৰ বঁটাপ্ৰাপকসকলৰ একাউণ্টত হস্তান্তৰ কৰা হ’ব৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
EU Firms Generate 186 Billion Euros In India, Support 6 Million Jobs: Report

Media Coverage

EU Firms Generate 186 Billion Euros In India, Support 6 Million Jobs: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 8 মে’ 2026
May 08, 2026

Nari Shakti to National Security: One Vision, a Thousand Victories Under PM Modi