মাই আয়ুষ ইণ্টেগ্ৰেটেড চাৰ্ভিচেছ পৰ্টেল মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে
আয়ুষৰ সামগ্ৰী আৰু সেৱাৰ বিশ্বজোৰা মান আয়ুষ মাৰ্কো উন্মোচন কৰিব প্ৰধানমন্ত্ৰীয়ে
২০২১–২০২৫ বৰ্ষৰ যোগৰ প্ৰসাৰ আৰু উন্নয়নত অসাধাৰণ অৱদানৰ বাবে প্ৰধানমন্ত্ৰীৰ বঁটা লাভ কৰাসকলক সম্বৰ্ধনা জনাব প্ৰধানমন্ত্ৰীয়ে
দিল্লীত বিশ্ব স্বাস্থ্য সংস্থাৰ -দক্ষিণ-পূব এছিয়াৰ নতুন আঞ্চলিক কাৰ্যালয় চৌহদ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
শীৰ্ষ সন্মিলনৰ বিষয়বস্তু হৈছে “ভাৰসাম্য পুনৰুদ্ধাৰ: স্বাস্থ্য আৰু সুস্থতাৰ বিজ্ঞান তথা অনুশীলন”

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ ডিচেম্বৰ ২০২৫ তাৰিখে বিয়লি ৪:৩০ বজাত নতুন দিল্লীৰ ভাৰত মণ্ডপমত বিশ্ব স্বাস্থ্য সংস্থাৰ পৰম্পৰাগত চিকিৎসা সম্পৰ্কীয় দ্বিতীয় বিশ্ব স্বাস্থ্য সংস্থাৰ গোলকীয়  সন্মিলনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব  ।

সামৰণি অনুষ্ঠানৰ সময়ত প্ৰধানমন্ত্ৰীয়ে  ভাষণ দিব। এই কাৰ্যসূচীয়ে বিশ্বব্যাপী, বিজ্ঞানভিত্তিক আৰু জনকেন্দ্ৰিক পৰম্পৰাগত চিকিৎসা বিজ্ঞানৰ ভেটি  গঢ়ি তোলাৰ ক্ষেত্ৰত ভাৰতৰ ক্ৰমবৰ্ধমান নেতৃত্ব তথা অগ্ৰণী পদক্ষেপসমূহৰ বিষয়ত গুৰুত্ব আৰোপ কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে গৱেষণা, মানকৰণ আৰু বিশ্ব সহযোগিতাৰ জৰিয়তে পৰম্পৰাগত চিকিৎসা আৰু ভাৰতীয় জ্ঞান ব্যৱস্থাক মূলসুঁতিলৈ অনাৰ বাবে অহৰহ গুৰুত্ব আৰোপ কৰি আহিছে। এই দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আয়ুষ খণ্ডৰ বাবে মাষ্টাৰ ডিজিটেল পৰ্টেল মাই আয়ুছ ইন্টিগ্ৰেটেড চাৰ্ভিচেছ পৰ্টেল (এম এ আই এছ পি)কে ধৰি আয়ুষৰ কেইবাটাও উল্লেখনীয়   পদক্ষেপ আৰম্ভ কৰিব।

আয়ুষৰ সামগ্ৰী আৰু সেৱাৰ মানৰ বাবে বিশ্বব্যাপী মাপকাঠী হিচাপে গ্ৰহণ  কৰা আয়ুষ মাৰ্কো তেওঁ উন্মোচন কৰিব।

এই উপলক্ষ্যে  প্ৰধানমন্ত্ৰীয়ে যোগৰ প্ৰশিক্ষণ সম্পৰ্কীয় বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰিকৰী প্ৰতিবেদন আৰু “ফ্ৰম ৰুটছ টু গ্ল’বেল ৰিচ: ১১ ইয়েৰছ অৱ ট্ৰেন্সফৰ্মেচন ইন আয়ুষ” শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰিব।

ভাৰতৰ পৰম্পৰাগত ঔষধি ঐতিহ্যৰ বিশ্বব্যাপী অনুৰণনৰ প্ৰতীক হিচাপে অশ্বগন্ধা বিষয়ক  স্মাৰক ডাক ডাকটিকটো  মুকলি কৰিব।

প্ৰধানমন্ত্ৰীয়ে দিল্লীত ডব্লিউ এইচ অ’ৰ-দক্ষিণ-পূব এছিয়া আঞ্চলিক কাৰ্যালয়  চৌহদটোও উদ্বোধন কৰিব, য’ত বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে ভাৰতৰ অংশীদাৰিত্বৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে ডব্লিউ এইচ অ’ৰ ভাৰতৰ দেশীয় কাৰ্যালয়ো থাকিব।

প্ৰধানমন্ত্ৰীয়ে যোগ আৰু ইয়াৰ বিশ্বজুৰি  প্ৰচাৰৰ প্ৰতি  স্থায়ী সমৰ্পণক স্বীকৃতি দি ২০২১–২০২৫ বৰ্ষৰ যোগৰ প্ৰসাৰ আৰু উন্নয়নত অসাধাৰণ অৱদানৰ বাবে আগবঢ়োৱা  প্ৰধানমন্ত্ৰীৰ বঁটা প্ৰাপকসকলকো সম্বৰ্ধনা জনাব।

এই বঁটাসমূহে যোগক ভাৰসাম্য, সুস্থতা আৰু সমন্বয়ৰ বাবে এক কালজয়ী অনুশীলন হিচাপে দৃঢ়তা প্ৰদান কৰিছে, যিয়ে এখন সুস্থ আৰু শক্তিশালী নতুন ভাৰতত অৰিহণা যোগায়।

প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু সমগ্ৰ বিশ্বৰ পৰম্পৰাগত চিকিৎসা বিজ্ঞানৰ জ্ঞান ব্যৱস্থাৰ বৈচিত্ৰ্য, গভীৰতা আৰু সমসাময়িক প্ৰাসংগিকতাক প্ৰদৰ্শন কৰা পৰম্পৰাগত চিকিৎসা আৱিষ্কাৰ স্থান বিষয়ক প্ৰদৰ্শনীও পৰিদৰ্শন কৰিব।

 

বিশ্ব স্বাস্থ্য সংস্থা (WHO) আৰু ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয়ৰ যৌথ উদ্যোগত আয়োজন কৰা এই সন্মিলনখন ২০২৫ চনৰ ১৭ৰ পৰা ১৯ ডিচেম্বৰলৈ “ভাৰসাম্য পুনৰুদ্ধাৰ: স্বাস্থ্য আৰু সুস্থতাৰ বিজ্ঞান তথা অনুশীলন” শীৰ্ষক বিষয়বস্তুৰে  নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হৈছে।

এই সন্মিলনত বিশ্বৰ নেতা, নীতি নিৰ্ধাৰক, বিজ্ঞানী, ব্যৱহাৰকাৰী, খিলঞ্জীয়া জ্ঞানেৰে পুষ্ট লোক  আৰু নাগৰিক সমাজৰ প্ৰতিনিধিসকলৰ উপস্থিতিত সমতাপূৰ্ণ, বহনক্ষম তথা  প্ৰমাণ-নিৰ্ভৰ স্বাস্থ্য ব্যৱস্থাক আগুৱাই নিয়াৰ  বিষয়ত আলোচনা অনুষ্ঠিত হৈছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s Agricultural Transformation: How India’s Agri sector transformed over the last decade

Media Coverage

India’s Agricultural Transformation: How India’s Agri sector transformed over the last decade
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses grief over the mishap at the Visakhapatnam Steel Plant
June 08, 2026
PM announces ex-gratia from PMNRF

Prime Minister Shri Narendra Modi today expressed sadness over the mishap at the Visakhapatnam Steel Plant. The Prime Minister extended his condolences to those who have lost their loved ones and prayed that the injured recover at the earliest. He noted that the local authorities are providing all possible assistance to those affected.

Shri Modi announced that an ex-gratia of Rs. 2 lakh from the Prime Minister's National Relief Fund (PMNRF) would be given to the next of kin of each deceased. The Prime Minister added that the injured would be given Rs. 50,000.

The Prime Minister posted on X:

"Saddened by the mishap at the Visakhapatnam Steel Plant. Condolences to those who have lost their loved ones. Praying that the injured recover at the earliest. The local authorities are providing all possible assistance to those affected.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi"