PM’s statement prior to his departure to Sweden and UK

নিম্নোলিখিত কথাখিনি ছুইডেন আৰু ব্ৰিটেইন ভ্ৰমণৰ প্ৰাকমুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদ্ৰীয়ে সংবাদ মাধ্যমত দিয়া প্ৰেছ বিবৃতিত লিখিত ৰূপ।

“অহা ১৭-২০ এপ্ৰিললৈ দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ লক্ষ্যৰে মই ছুইডেন আৰু ব্ৰিটেইন ভ্ৰমণ কৰাৰ লগতে ভাৰত-নৰ্ডিক সন্মিলন আৰু কমনৱেল্থ সদস্যৰাষ্ট্ৰসমূহৰ মুৰব্বীসকলৰ বৈঠকতো ভাগ ল’ম।

ছুইডেনৰ প্রধানমন্ত্রী ষ্টিফেন লোফেনৰ আমন্ত্রণ ক্ৰমে মোৰ প্রথম ছুইডেন ভ্ৰমণ উপলক্ষে ১৭ এপ্রিলত মই ষ্ট’কহমত উপস্থিত হ’ম। ভাৰত আৰু ছুইডেন উভয়ৰে মাজত এক উষ্ণ বন্ধুত্বপূৰ্ণ সম্পর্ক আছে। গণতান্ত্রিক মূল্যবোধ আৰু এক মুক্ত, অন্তর্ভুক্তিমূলক তথা নিয়মনীতি পৰিচালিত বিশ্ব শৃংখলাৰ ভিত্তিতে আমাৰ দুয়ো দেশৰ এই সহযোগিতামুলক সম্পর্ক গঢ় লৈ উঠিছে। ভাৰতৰ উন্নয়নমুলক প্রচেষ্টাত আমাৰ এক মূল্যবান সহযোগী হৈছে ছুইডেন। প্রধানমন্ত্রী লোফেন আৰু মই দুয়ো দেশৰ ব্যয়সায়িক মুৰব্বীসকলৰ সৈতে মত বিনিময় কৰিম। বাণিজ্য, বিনিয়োগ, উদ্ভাৱনী প্রচেষ্টা, বিজ্ঞান আৰু প্রযুক্তি, দক্ষতা বিকাশ, স্মার্ট চিটী, স্বচ্ছ শক্তি, স্বাস্থ্য আৰু ডিজিটেল পদ্ধতিৰ প্রয়োগ তথা ব্যৱহাৰৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি আমাৰ ভৱিষ্যতৰ উন্নয়নমুলক প্রচেষ্টাৰ এটি উপায়ো আমি অন্বেষণ কৰাৰ চেষ্টা কৰিম। এই ভ্ৰমণকালত মই ছুইডেনৰ ৰজা ষষ্ঠদশ কার্ল গুষ্টাফৰকো সাক্ষাৎ কৰিম।

১৭ এপ্রিলত ভাৰত আৰু ছুইডেনে যুটীয়াভাৱে ফিনলেণ্ড, নৰৱে, ডেনমার্ক আৰু আইলেণ্ডৰ প্রধানমন্ত্রীসকলৰ সৈতে ভাৰত-নর্ডিক সন্মিলনৰ আয়োজন কৰিম। উত্তৰ ইউৰোপ আৰু উত্তৰ আটলাণ্টিকৰ এই দেশসমূহে স্বচ্ছ প্রযুক্তি, পৰিৱেশগত সমস্যাৰ সমাধান প্রচেষ্টা, বন্দৰ আধুনিকীকৰণ, দক্ষতা বিকাশ আৰু উদ্ভাৱনী প্রচেষ্টাৰ শক্তিত বিশ্বাস কৰে। ভাৰতত পৰিৱৰ্তনৰ লক্ষ্যৰে আমি যে দৃষ্টিভংগী গ্রহণ কৰিছো, তাৰ সৈতে এই দেশসমূহৰ চিন্তা-ধাৰাৰ সামঞ্জস্য আছে।

প্রধানমন্ত্রী টেৰেছা মে’ৰ আমন্ত্রণ ক্ৰমে অহা ১৮ এপ্ৰিলত মই লণ্ডনত উপস্থিত হ’ম। ইয়াৰ আগতে মই ২০১৫ৰ নৱেম্বৰত ব্ৰিটেইন ভ্ৰমণ কৰিছিলো। ভাৰত আৰু ব্ৰিটেইনৰ মাজত এক বলিষ্ঠ ঐতিহাসিক সম্পর্কৰ ভিত্তিত আধুনিক সহযোগিতা বিদ্যমান।

 

মোৰ লণ্ডন ভ্ৰমণে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বৈঠকত এক নতুন গতি প্ৰদান কৰাৰ লগতে অন্যান্য দিশতো সূযোগ সৃষ্টি কৰিব। সেই সময়ছোৱাত মই স্বাস্থ্য সজাগতা, উদ্ভাৱনী প্রচেষ্টা, ডিজিটাইজেচন, বিদ্যুৎ শক্তিৰ প্রসাৰ, স্বচ্ছ শক্তি আৰু চাইবাৰ নিৰাপত্তা সম্পর্কীয় ক্ষেত্রসমূহৰ প্ৰসাৰত অধিক গুৰুত্ব দিম।

 

‘জীৱন্ত সেঁতু’ এই বিষয়বস্তুক অৱলম্বন কৰি ভাৰত আৰু ব্ৰিটেইনৰ সম্পর্কক অধিক পৰিমানে প্রসাৰিত হোৱাত সহায় কৰাৰ লগতে বিভিন্ন বৃত্তিৰ আৰু অনেক লোকৰ সৈতে মোৰ যোগাযোগেৰ সুযোগ ঘটিব।

 

ব্ৰিটেইন মহামান্য ৰাণীৰ সৈতেও মই মিলিত হ’ম। দুয়ো দেশৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতেও মই চমু আলোচনাত মিলিত হ’ম। তেওঁলোকে অর্থনৈতিক সহযোগিতাৰ এক নতুন কর্মসূচীৰ ভিত্তিত কাম কৰি আহিছে। লণ্ডনত মই এটি উন্নত আয়ুর্বেদ কেন্দ্রৰো শুভাৰম্ভ কৰিম। তদুপৰি, আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ নৱাগত সদস্য হিচাপে ব্ৰিটেইনক স্বাগতম জনাম।

 

১৯ আৰু ২০ এপ্রিলত ব্ৰিটেইনত আয়োজিত কমনৱেল্থ সদস্য ৰাষ্ট্রসমূহৰ মুৰব্বীসকলৰ বৈঠকত মই অংশগ্ৰহন কৰিম। তাত কমনৱেল্থৰ নতুন সভাপতি হিচাবে দায়িত্বভাৰ গ্রহণ কৰিব মাল্টাই। কমনৱেল্থ হ’ল কেইবাখনো ৰাষ্ট্রক লৈ গঠিত এটি অসাধাৰণ মঞ্চ, যি ক্ষুদ্র ৰাষ্ট্র আৰু সৰু সৰু উন্নয়নশীল দ্বীপ ৰাষ্ট্রক কেৱল সহায় নকৰে, বৰঞ্চ উন্নয়নমুলক। যি কোনো প্রশ্নক লৈ আন্তঃৰাষ্ট্ৰীয় মঞ্চত সৰব হয়।

 

মোৰ ছুইডেন আৰু ব্ৰিটেইন ভ্ৰমণে এই দেশসমূহৰ সৈতে আমাৰ সহযোগিতামুলক প্রচেষ্টাৰ মাত্রাক আৰু অধিক উন্নীত কৰাত সহায় কৰিব বুলি মই দৃঢ় বিশ্বাসী”।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Years In Govt, Still Popular Among Citizens’: Meloni Praises PM Modi’s Vision, Pragmatism

Media Coverage

‘Years In Govt, Still Popular Among Citizens’: Meloni Praises PM Modi’s Vision, Pragmatism
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam highlighting the sacred legacy of our motherland and praying for universal prosperity
May 21, 2026

Prime Minister Shri Narendra Modi today shared a Sanskrit Subhashitam, noting that our motherland has been the sacred land of spiritual practice and worship, as well as courage, strength, and universal welfare. Shri Modi expressed his earnest wish that this holy land of great heritage and ancient culture may always keep everyone replete with happiness and prosperity.

The Prime Minister posted on X:

"हमारी मातृभूमि साधना और उपासना के साथ-साथ साहस, शक्ति और सर्व-कल्याण की पुण्यभूमि रही है। महान विरासत और प्राचीन संस्कृति की यह पावन धरती हर किसी को सदैव सुख-समृद्धि से परिपूर्ण रखे, यही कामना है।

यस्यां पूर्वे पूर्वजना विचक्रिरे यस्यां देवा असुरानभ्यवर्तयन् ।
गवामश्वानां वयसश्च विष्ठा भगं वर्चः पृथिवी नो दधातु ।।"

May the land where our ancestors performed great and benevolent deeds, and where the gods defeated the unjust forces, that motherland, full of livestock and power, grant us vast space and prosperity.