আপোনালোক কৃষক বন্ধুসকলৰ মাজত এই বিষয়ৰ চৰ্চাই এক নতুন আশা সঞ্চাৰ কৰে, নতুন বিশ্বাস জন্মায়৷ আজি আমাৰ মন্ত্ৰী শ্ৰীমান নৰেন্দ্ৰ সিং টোমৰজীয়ে কোৱাৰ দৰে আজি ভগৱান বাসৱেশ্বৰ জয়ন্তী, পৰশুৰাম জয়ন্তী, আজি অক্ষয় তৃতীয়ৰো পবিত্ৰ পৰ্ব৷ লগতে মোৰ ফালৰ পৰা দেশবাসীক ঈদৰ মোবাৰক জনাইছো৷

ক’ৰোনাৰ এই ক্ষণত সকলো দেশবাসীৰ উৎসাহ বৃদ্ধি হওক, এই মহামাৰীক পৰাস্ত কৰাৰ সংকল্প আৰু অধিক দৃঢ় হওক, সেই কামনাৰে আপোনালোকৰ সকলো কৃষক ভাইৰ সৈতে মোৰ যি কথা-বতৰা হ’ল, এতিয়া মই সেয়া আগবঢ়াই নিব বিছাৰিছো৷ এই কাৰ্যসূচীত উপস্থিত কৃষি আৰু কৃষক কল্যান মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ জী, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ অন্য সহযোগীসকল, মুখ্যমন্ত্ৰীসকল, ৰাজ্য চৰকাৰৰ আদৰণীয় মন্ত্ৰীসকল, সাংসদসকল, বিধায়কসকল আৰু সমগ্ৰ দেশৰ মোৰ কৃষক ভাই-ভনীসকল৷

আজি অতি প্ৰত্যাহ্বানপূৰ্ণ সময়ত আমি এই কাৰ্যসূচীৰ আয়োজন কৰিছো৷ এই ক’ৰোনা কালতো দেশৰ কৃষকসকলে আমাৰ কৃষি ক্ষেত্ৰত নিজৰ দায়িত্ব পালন কৰিছে, অভিলেখ পৰিমাণ ধান উৎপাদন কৰিছে, আপোনালোকে কৃষি ক্ষেত্ৰত নতুন নতুন পদ্ধতি অৱলম্বন কৰিছে৷ আপোনালোকৰ প্ৰচেষ্টাত পিএম কিষাণ সন্মান নিধিৰ আৰু এটা কিস্তি দিব ওলাইছো৷ আজি অক্ষয় তৃতীয়াৰ পবিত্ৰ উৎসৱ, কৃষি খণ্ডত নতুন চক্ৰৰ আৰম্ভণিৰ সময় আৰু আজিয়েই প্ৰায় ১৯,০০০ কোটি টকা কৃষকসকলৰ একাউণ্টত পোনপটীয়াকৈ হস্তান্তৰ কৰা হৈছে৷ ইয়াৰ লাভালাভ প্ৰায় ১০ কোটি কৃষকে পাব৷ পশ্চিমবংগৰ কৃষকে প্ৰথমবাৰলৈ এই সুবিধা পোৱা আৰম্ভ হৈছে৷ আজি পশ্চিমবংগৰ লাখ লাখ কৃষকে প্ৰথমটো কিস্তি লাভ কৰিছে৷ ৰাজ্যখনৰ পৰা কৃষকৰ নাম কেন্দ্ৰীয় চৰকাৰে যিমানে পাব হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰি গৈ থাকিব৷

বন্ধুসকল,

পিএম-কিষাণ সন্মান নিধিৰ পৰা বিশেষকৈ ক্ষুদ্ৰ আৰু মজলীয়া কৃষকসকল অধিক উপকৃত হয়৷ আজিৰ এই জটিল সময়ক এই ধনৰাশিয়ে এই পৰিয়ালসমূহৰ যথেষ্ট কামত আহিব৷ এতিয়ালৈকে এই যোজনাৰ অধীনত দেশৰ প্ৰায় ১১ কোটি কৃষকে প্ৰায় ১.৩৫লাখ কোটি টকা লাভ কৰিছে৷ ইয়াৰে ভিতৰত ক’ৰোনা কালতে প্ৰায় ৬০ হাজাৰ কোটিতকৈ অধিক ধন লাভ কৰিছে৷ প্ৰয়োজনৰ সময়ত দেশবাসীয়ে পোনপটীয়াকৈ সুবিধা লাভ কৰিছে৷ যিসকলৰ প্ৰয়োজন, তেওঁলোকে ক্ষিপ্ৰতাৰে লাভালাভ প্ৰদান কৰাৰ দিশত চৰকাৰে সদায় প্ৰচেষ্টা হাতত লৈ আহিছে৷

ভাই-ভনীসকল,

ক্ষিপ্ৰতাৰে পোনপটীয়াকৈ কৃষকক লাভ আদায় দিয়াৰ লক্ষ্যৰে উৎপাদিত সামগ্ৰী ক্ৰয়ৰ মাত্ৰা চৰকাৰে বৃদ্ধি কৰিছে৷ ক’ৰোনাৰ সমস্যাবহুল প্ৰত্যাহ্বানৰ মাজত, য’ত কৃষকসকলে কৃষি আৰু উদ্যান শস্যৰ অভিলেখ পৰিমাণৰ উৎপাদন কৰিছে, সেয়াও চৰকাৰে প্ৰতি বছৰে এমএছপিৰ হাৰ ক্ৰয় কৰাৰ নতুন অভিলেখ ৰচনা কৰিছে৷ আগতে ধান আৰু এতিয়া ঘেঁহু ক্ৰয়ৰ পৰিমাণেও অভিলেখ ৰচিছে৷ এই বৰ্ষত এতিয়ালৈকে বিগত বৰ্ষৰ তুলনাত ১০শতাংশ অধিক ঘেঁহু এমএছপি হাৰত ক্ৰয় কৰা হৈছে৷ এতিয়ালৈকে ঘেঁহুৰ ক্ৰয় প্ৰায় ৫৮ হাজাৰ কোটি টকা পোনপটীয়াকৈ কৃষকসকলৰ একাউণ্টত সোমাইছে৷ আটাইতকৈ ডাঙৰ কথাটো হ’ল যে এতিয়া কৃষকসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰী মাণ্ডিত বিক্ৰী কৰাৰ বাবে দীঘল শাৰী পতাৰ আৰু ধনৰ কাৰণেও অধিক সময় অপেক্ষা কৰাৰ দৰকাৰ নাই, চিন্তা কৰিব লগাও নহয়৷ কৃষকসকলে পাবলগীয়া ধন পোনপটীয়াকৈ তেওঁলোকৰ একাউণ্টত জমা হয়৷ মই আনন্দিত যে পঞ্জাৱ আৰু হাৰিয়ানাৰ লাখ লাখ কৃষকে প্ৰথমবাৰলৈ প্ৰত্যক্ষ লাভ হস্তান্তৰৰ সুবিধাৰ সৈতে জড়িত হৈছে৷ এতিয়ালৈকে পঞ্জাৱৰ কৃষকসকলৰ বেংক একাউণ্টত প্ৰায় ১৮ হাজাৰ কোটি টকা আৰু হাৰিয়ানাৰ কৃষকৰ বেংক একাউণ্টত ৯ হাজাৰ কোটি টকা পোনপটীয়াকৈ জমা কৰা হৈছে৷ নিজৰ সম্পূৰ্ণ ধন বেংক একাউণ্টযোগে লাভ কৰাৰ আনন্দ কিমান হ’ব পাৰে, সেয়া পঞ্জাৱ আৰু হাৰিয়ানা কৃষকেহে অনুভৱ কৰিছে আৰু আমি সেই সন্তুষ্টিৰ হাঁহি দেখিবলৈ পাইছো৷ মই ছ’চিয়েল মিডিয়াত ইমান ভিডিঅ’ দেখিছো যে বিশেষকৈ পঞ্জাৱৰ কৃষকসকলে এইদৰে তেওঁলোকৰ সম্পূৰ্ণ ধন লাভ কৰাৰ সন্তুষ্টি অতি উৎসাহেৰে ব্যক্ত কৰিছে৷

|

বন্ধুসকল,

খেতিত নতুন সমাধান, নতুন বিকল্প দিয়াৰ বাবে চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা হাতত লৈছে৷ জৈৱিক কৃষিৰ প্ৰতি উদ্গনি দিয়াৰ প্ৰয়াস কৰা হৈছে৷ এই পদ্ধতিত উৎপাদন ব্যয় কম হয়, ই মাটি আৰু মানুহৰ স্বাস্থ্যৰ বাবে লাভজনক আৰু ইয়াৰ দামো অধিক পোৱা যায়৷ অলপ সময়ৰ আগতে এই ধৰণৰ খেতিৰ সন্দৰ্ভত দেশৰ কেইবাগৰাকী কৃষকৰ সৈতে মই কথা পাতিছো৷ তেওঁলোকৰ উৎসাহ, তেওঁলোকৰ অনুভৱ জানি যথেষ্ট উৎসাহিত হৈছো৷ আজি গংগাৰ দুয়ো পাৰত প্ৰায় ৫ কিলোমিটাৰ এলেকা জৈৱিক খেতিৰ প্ৰতি উৎসাহিত কৰা হৈছে, যাতে খেতিত ব্যৱহাৰ কৰা কেমিকেল, বাৰিষাৰ সময়ত পানীত বৈ আহি গংগাত নপৰে আৰু গংগা প্ৰদূষিত নহয়৷ এই জৈৱিক উৎপাদিত শস্য নমামি গংগাৰ ব্ৰেণ্ড হিচাপে বজাৰত উপলব্ধ হৈছে৷ সেইদৰে ভাৰতীয় কৃষি পদ্ধতিৰ ব্যাপক হাৰত প্ৰোৎসাহিত কৰ হৈছে৷ ইয়াৰ সমান্তৰালভাৱে এইটো ধাৰাবাহিক প্ৰচেষ্টা লোৱা হৈছে যে ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকসকলৰ বেংকৰ পৰা কম হাৰত আৰু সহজে ঋণ লাভ কৰে৷ ইয়াৰ বাবে বিগত ডেৰ বছৰৰ পৰা কিষাণ ক্ৰেডিট কাৰ্ড উপলব্ধ কৰাৰ এক বিশেষ অভিযান চলোৱা হৈছে৷ এই সময়ছোৱাত ২ কোটিতকৈ অধিক কিষাণ ক্ৰেডিট কাৰ্ড জাৰি কৰা হৈছে৷ এই কাৰ্ডৰ জৰিয়তে কৃষকসকলে ২ লাখ কোটিতকৈ অধিক ঋণ বেংকৰ পৰা লাভ কৰিছে৷ ইয়াৰ অধিক লাভ পশুপালন, দু্গ্ধপাম আৰু মীন পালনৰ সৈতে জড়িত কৃষকসকলে পোৱা আৰম্ভ কৰিছে৷ কেইদিন পূৰ্বে চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে আৰু মই ভাৱো যে মোৰ কৃষক ভাই-ভনীসকলে চৰকাৰৰ এই সিদ্ধান্তৰ জৰিয়তে সুখী হ’ব, তেওঁলোকৰ বাবে বহুত লাভজনক হ’ব৷ চৰকাৰে সিদ্ধান্ত লৈছে যে ক’ৰোনা কালৰ প্ৰতি লক্ষ্য ৰাখি কেচিচি ঋণ পৰিশোধ আৰু নবীকৰণৰ সময়সীমা বৃদ্ধি কৰা হৈছে৷ সকলো কৃষকৰে যিমান ঋণ পৰিশোধ কৰিবলৈ বাকী আছে, সেয়া এতিয়া ৩০ জুনলৈকে নবীকৰণ কৰিব পাৰিব৷ এই বৰ্ধিত সময়তো কৃষকসকলে ৪ শতাংশ সুদত যি ঋণ লাভ কৰিছে, যি লাভ অৰ্জন কৰে, সেই লাভ অব্যাহত থাকিব৷

বন্ধুসকল,

গাঁৱে গাঁৱে কৃষকসকলে ক’ৰোনাৰ বিৰুদ্ধে ভাৰতৰ যুঁজত যথেষ্ট অৱদান আগবঢ়াইছে৷ এয়া আপোনালোকৰে পৰিশ্রমৰ ফল যে আজি এই ক’ৰোনাৰ সংকটকালত ভাৰত বিশ্বৰ সর্ববৃহৎ বিনামূলীয়া ৰেচন দিয়াৰ প্রকল্প অব্যাহত ৰাখিব পাৰিছো। প্রধানমন্ত্রী গৰীব কল্যাণ যোজনাৰ জৰিয়তে বিগত বছৰ আঠ মাহ ধৰি দুখীয়ালোকসকলক বিনামূলীয়াকৈ ৰেচন দিয়া হৈছিল। এই বছৰ মে’ আৰু জুন মাহত দেশৰ ৮০ কোটিতকৈও অধিক বন্ধুৱে যাতে ৰেচন পায়, তাৰ ব্যৱস্থা কৰা হৈছে। এই ক্ষেত্রতো আমাৰ দুখীয়া লোকসকলৰ ঘৰৰ যেন চৌকা জ্বলে তাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্রীয় চৰকাৰে ২৬ হাজাৰ কোটি টকা খৰচ কৰিছে। আমি ৰাজ্য চৰকাৰসমূহক অনুৰোধ জনাও যাতে দুখীয়া লোকসকলৰ এই ৰেচন বিতৰণৰ ক্ষেত্রত কোনো সমস্যা নাহে, সেয়া সুনিশ্চিত কৰে।

বন্ধুসকল,

১০০ বছৰ পাছত অহা ইমান ভয়ংকৰ মহামাৰীয়ে প্রতিটো পদক্ষেপত বিশ্ববাসীৰ পৰীক্ষা লৈছে৷ আমাৰ সন্মুখত এক অদৃশ্য শত্রু আছে। এই শত্রু বহুৰূপীও। এই শত্রুৰ আক্রমণত, এই ক’ৰোনা ভাইৰাছৰ আক্রমণত আমি আমাৰ বহু আপোনজনক হেৰুৱাইছো৷ বিগত সময়ত দেশবাসীয়ে যি কষ্ট সহ্য কৰিছে, বহুতে যে শোক আৰু যন্ত্রণাত দিন কটাইছে, সেয়াও আমি সিমানেই অনুভৱ কৰিছো৷ দেশৰ প্রধান সেৱক হিচাপে আপোনালোকৰ প্রতিটো ভাৱনাত মই সহমৰ্মিতা প্ৰকাশ কৰিছো। ক’ৰোনাৰ দ্বিতীয় লহৰ মোকাবিলা কৰাৰ বিভিন্ন সৰঞ্জামৰ অপৰ্যাপ্ততাৰ ফলত যিমান সমস্যা আহিছে সেয়া দ্রুতগতিত দূৰ কৰা হৈছে৷ যুদ্ধকালীন পৰিস্থিতিত কাম কৰাৰ চেষ্টা চলিছে। আপোনালোকে হয়তো লক্ষ্য কৰিছে, চৰকাৰৰ সকলো বিভাগ, সকলো সম্পদ, আমাৰ দেশৰ নিৰাপত্তা বাহিনী, আমাৰ বিজ্ঞানীসকল–প্রত্যেকেই দিন-ৰাতি এক কৰি ক’ভিড সমস্যাৰ মোকাবিলা কৰিবলৈ ঐক্যবদ্ধ হৈ কাম কৰিছে৷ দেশৰ বিভিন্ন অংশত দ্রুতগতিত ক’ভিড হাস্পতাল নিৰ্মাণ হৈছে। নতুন প্রযুক্তিৰ জৰিয়তে দ্রুত অক্সিজেন প্লাণ্ট গঢ় লৈ উঠিছে। আমাৰ তিনিটা সশস্ত্র সেনা দল–বায়ু সেনা, নৌ-সেনা আৰু স্থল সেনাই পূর্ণ শক্তিৰে এই কামত লাগি পৰিছে। অক্সিজেন ৰে’লে ক’ৰোনাৰ বিৰুদ্ধে যুঁজত ডাঙৰ শক্তি হৈ উঠিছে। দেশৰ দূৰ-দুৰণিলৈ এই বিশেষ অক্সিজেন ৰে’লেৰে অক্সিজেন টেংকাৰ কঢ়িয়াই নিছে৷ অক্সিজেন টেংকাৰ পৰিবহণকাৰী ট্রাক চালকসকলেও ক’তো অপেক্ষা নকৰাকৈ একেৰাহে গাড়ী চলাই গৈছে৷ দেশৰ চিকিৎসকসকল, নাৰ্ছিং ষ্টাফ, চাফাই কর্মচাৰী, এম্বুলেন্স চালকসকল, গৱেষণাগাৰত কর্মৰত ভাই-ভনীসকল, ৰোগীৰ ছোৱাবৰ নমুনা সংগ্রহকাৰীসকলে প্রতিজন মানুহৰ জীৱন ৰক্ষাৰ বাবে ২৪ ঘণ্টা কাম কৰি আহিছে৷ আজি দেশত জৰুৰি ঔষধৰ যোগান বৃদ্ধিৰ বাবে যুদ্ধকালীন তৎপৰতাৰে কাম কৰা হৈছে৷ চৰকাৰ আৰু দেশৰ ফার্মা চেক্টৰে বিগত দিনসমূহত জৰুৰী ঔষধ উৎপাদনত কেইবাগুণ বৃদ্ধি কৰিছে। বিদেশৰ পৰাও ঔষধ আমদানি কৰা হৈছে৷ এই সংকটকালত নিজৰ নিহিত স্বার্থত যিসকলে ঔষধ আৰু অন্যান্য প্রয়োজনীয় সঁজুলিৰ মজুত আৰু ক’লা বজাৰ,  ৰাজ্য চৰকাৰসমূহক অনুৰোধ কৰিম যে তেওঁলোকক চিনাক্ত কৰি কঠোৰ শাস্তি দিয়ক। এয়া তেওঁলোকে মানৱতাৰ বিৰুদ্ধে কাম কৰিছে। ভাৰত সাহস হেৰুওৱা দেশ নহয়। ভাৰতে সাহস নেহেৰুৱায়, কোনো ভাৰতীয়ই সাহস নেহেৰুৱায়৷ আমি যুঁজিম আৰু জয়ী হ’ম৷

বন্ধুসকল,

আজিৰ এই অনুষ্ঠানত আমি দেশৰ সকলো কৃষক, গাঁৱত বসবাসকাৰী সকলো ভাই-ভনীক পুনৰবাৰ ক’ৰোনাৰ বিৰুদ্ধে সজাগ কৰিব বিচাৰো৷ এই সংক্রমণ এতিয়া দ্রুতগতিত গাঁৱে গাঁৱে বিয়পি পৰিছে। দেশৰ প্রতিখন চৰকাৰে ইয়াৰ প্রতিৰোধ কৰিবলৈ যথাসম্ভৱ চেষ্টা কৰিছে। এই প্রতিৰোধত গাঁওবাসীৰ সজাগতা, আমাৰ পঞ্চায়তীৰাজৰ সৈতে যুক্ত যি ব্যৱস্থা আছে তাৰ সহযোগিতা, তেওঁলোকৰ অংশীদাৰিত্ব অতি প্রয়োজনীয়। আপোনালোকে কেতিয়াও দেশকে হতাশ কৰা নাই। এইবাৰো আপোনালোকৰ পৰা এয়াই আশা। ক’ৰোনাৰ সংক্রমণৰ পৰা আপোনালোক, আপোনাৰ পৰিয়ালক ৰক্ষা কৰাৰ বাবে সামাজিক পৰ্যায়ত যিমান পদক্ষেপ লোৱা প্রয়োজন সেয়া আমি ল’মেই। কিন্তু নিয়মীয়া মাস্ক পিন্ধাটো অতি জৰুৰী। প্রত্যেকেই এনেদৰে মাস্ক পিন্ধিব লাগিব, যাতে নাক আৰ মুখ সম্পূর্ণৰূপে ঢাকি থাকে। দ্বিতীয়তে, আপোনালোকৰ কোনো ধৰণৰ কাঁহ, চর্দি, ঠাণ্ডা লগা, জ্বৰ, বমি, পাতলীয়া শৌচ হ’লে–এই ধৰণৰ লক্ষণক সাধাৰণভাৱে অৱহেলা কৰিলে নহ’ব৷ আগতে নিজক যথাসম্ভৱ আনৰ পৰা পৃথক কৰিব ল’ব লাগিব৷ তাৰপাছত য’তদূৰসম্ভৱ ক’ৰোনা পৰীক্ষা কৰাব লাগিব৷ আৰ যেতিয়ালৈকে পৰীক্ষাৰ ৰিপ’র্ট নাপায়, তেতিয়ালৈকে চিকিৎসকসকলে যেতিয়া যি যি ঔষধ খাবলৈ কয়, সেইবোৰ খাই থাকিব লাগিব৷

বন্ধুসকল,

ক’ৰোনা প্রতিৰোধৰ এটা ডাঙৰ মাধ্যম হ’ল টিকাকৰণ। কেন্দ্রীয় চৰকাৰ আৰু সকলো ৰাজ্য চৰকাৰে সন্মিলিতভাৱে নিৰন্তৰ চেষ্টা কৰিছে, যাতে ক্ষিপ্ৰতাৰে অধিকাংশ ভাৰতীয়ৰ টিকাকৰণ হয়। সমগ্ৰ দেশত ইতিমধ্যে প্রায় ১৮ কোটি মানুহৰ টিকাকৰণ হৈছে। সমগ্ৰ দেশত চৰকাৰী হাস্পতালত বিনামূলীয়া টিকা দিয়া হৈছে৷ সেইবাবে যেতিয়াই আপোনালোকৰ নম্বৰ আহিব টিকা অৱশ্যে ল’ব। এই টিকাই আমাৰ ক’ৰোনাৰ বিৰুদ্ধে সুৰক্ষা কবচ প্রদান কৰিব৷ ৰোগৰ প্রাবল্যৰ লগতে মৃত্যুৰ আশংকাও হ্রাস কৰিব। হয়, টিকা লোৱাৰ পাছতো মাস্ক পিন্ধিব লাগিব আৰু দুই গজৰ দূৰত্বৰ কৌশলো মানি নচলিলে নহ’ব৷ পুনৰবাৰ সকলো কৃষক বন্ধুক বহুত বহুত শুভকামনা জনাইছো৷

বহুত বহুত ধন্যবাদ!

 

  • Virudthan May 29, 2025

    🔴🔴🔴🔴हमारा पीएम, हमारा अभिमान 🔴🔴🔴🔴🔴🔴 🔴🔴🔴🔴🔴🔴भारत माता की जय🔴🔴🔴🔴🔴🔴🔴🔴 🔴🔴🔴🔴🔴🔴🔴🔴#OperationSindoor🔴🔴🔴🔴
  • Ratnesh Pandey April 16, 2025

    भारतीय जनता पार्टी ज़िंदाबाद ।। जय हिन्द ।।
  • Jitendra Kumar April 14, 2025

    🙏🇮🇳
  • Dr srushti March 29, 2025

    namo
  • Ganesh Dhore January 01, 2025

    Jay Shri ram 🚩
  • didi December 25, 2024

    '
  • Devendra Kunwar October 17, 2024

    BJP
  • Ram Raghuvanshi February 26, 2024

    jai shree Ram
  • Jayanta Kumar Bhadra February 17, 2024

    Jay Maa Tara
  • Jayanta Kumar Bhadra February 17, 2024

    Jay Maa
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
270 million pulled out of poverty! How Modi government achieved a remarkable dip in extreme poverty & what’s the road ahead? Explained

Media Coverage

270 million pulled out of poverty! How Modi government achieved a remarkable dip in extreme poverty & what’s the road ahead? Explained
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister meets members of various delegations who represented India in various countries
June 10, 2025
QuotePM commends the Delegations for championing India’s Stand on Terrorism

Prime Minister Shri Narendra Modi met the members of various delegations who represented India in different countries at his official residence in New Delhi today. These representatives played a crucial role in elaborating India’s commitment to peace and the need to eradicate the menace of terrorism. Shri Modi commended the delegations for their dedication in advancing India's voice on global platforms.

|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|

In a post on X, he wrote:

“Met members of the various delegations who represented India in different countries and elaborated on India's commitment to peace and the need to eradicate the menace of terrorism. We are all proud of the manner in which they put forward India's voice.”