প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আইচিটি ভিত্তিক সক্ৰিয় প্ৰশাসন আৰু সময়-সাপেক্ষ ৰূপায়ণৰ বহুপক্ষীয় মঞ্চ-প্ৰগতিৰ জৰিয়তে ২৬ সংখ্যক বাৰ্তালাপ অনুষ্ঠানত অধ্যক্ষতা কৰে।

বিগত ২৫টা প্ৰগতিৰ বৈঠকত বৰ্তমানলৈকে ১০ লাখ কোটিতকৈ অধিক টকা ব্যয়সাপেক্ষ ২২৭টা প্ৰকল্পৰ সামূহিক পৰ্যালোচনা কৰা হৈছে। বৈঠকত প্ৰতিটো খণ্ডৰ ৰাজহুৱা অভিযোগৰ পৰামৰ্শক পৰ্যালোচনা কৰা হৈছে।

|

আজিৰ ২৬ সংখ্যক বৈঠকত প্ৰধানমন্ত্ৰী ডাকঘৰ আৰু ৰে’লৱেৰ সৈতে জড়িত ৰাজহুৱা অভিযোগ পৰিচালনা আৰু ইয়াৰ সমাধানৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। প্ৰধানমন্ত্ৰীয়ে ডাক আৰু ৰে’ল খণ্ডত ডিজিটেল লেনদেন, বিশেষকৈ ভীম এপৰ ব্যৱহাৰ বৃদ্ধিত গুৰুত্ব দিয়ে।

প্ৰধানমন্ত্ৰীয়ে ৰে’লৱে, পথ, পেট্ৰ’লিয়াম আৰু শক্তিখণ্ডকে ধৰি ৯টা প্ৰধান আন্তঃগাঁথনিমুলক প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। এই প্ৰকল্পসমূহ হাৰিয়ানা, ৰাজস্থান, গুজৰাট, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, ওড়িশা, বিহাৰ, ঝাৰখণ্ড, পশ্চিমবংগ, তেলেংগানা, তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশকে ধৰি কেইবাখনো ৰাজ্যত চলি আছে। এই প্ৰকল্পসমূহৰ ভিতৰত ৱেষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেইট কৰিড’ৰ আৰু চাৰ ধাম মহামাৰ্গ বিকাশ পৰিযোজনা উল্লেখযোগ্য।

বৈঠকত প্ৰধানমন্ত্ৰীয়ে আমৰুট মিচনৰ কাৰ্যকৰীকৰণৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। তেওঁ লগতে পিডিএছৰ কাম-কাজৰ কম্পিউটাৰাইজেচনৰ সন্দৰ্ভতো পৰ্যালোচনা কৰে।

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
PM Modi holds 'productive' exchanges with G7 leaders on key global issues

Media Coverage

PM Modi holds 'productive' exchanges with G7 leaders on key global issues
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 18 জুন 2025
June 18, 2025

Citizens Appreciate PM Modi’s Reforms Driving Economic Surge