মই আজিৰেপৰা পোলেণ্ড আৰু ইউক্ৰেইনলৈ চৰকাৰী ভ্ৰমণ আৰম্ভ কৰিছোঁ।

 

আমাৰ কূটনৈতিক সম্পৰ্কৰ ৭০ বছৰ পূৰ্তিৰ সময়তে মই পোলেণ্ড ভ্ৰমণলৈ ওলাইছোঁ। পোলেণ্ড হৈছে মধ্য ইউৰোপৰ এক প্ৰধান অৰ্থনৈতিক অংশীদাৰ। গণতন্ত্ৰ আৰু বহুত্ববাদৰ প্ৰতি আমাৰ পাৰস্পৰিক দায়বদ্ধতাই আমাৰ সম্পৰ্কক অধিক সুদৃঢ় কৰিছে। আমাৰ অংশীদাৰিত্বক অধিক আগুৱাই নিবলৈ মোৰ বন্ধু প্ৰধানমন্ত্ৰী ড’নাল্ড টাস্ক আৰু ৰাষ্ট্ৰপতি আন্দ্ৰেজ ডুডাক লগ পাবলৈ মই আগ্ৰহী হৈ উঠিছোঁ। মই পোলেণ্ডৰ স্পন্দনশীল ভাৰতীয় সমাজৰ সদস্যসকলৰ সৈতেও যোগাযোগ স্থাপন কৰিম।

 

পোলেণ্ডৰপৰা ৰাষ্ট্ৰপতি ভ্লাদিমিৰ জেলেনস্কিৰ আমন্ত্ৰণ মৰ্মে মই ইউক্ৰেইন ভ্ৰমণ কৰিম। এয়া ভাৰতৰ প্ৰধানমন্ত্ৰীৰ প্ৰথম ইউক্ৰেইন ভ্ৰমণ। মই ৰাষ্ট্ৰপতি জেলেনস্কিৰ সৈতে দ্বিপাক্ষিক সহযোগিতা সুদৃঢ়কৰণৰ ক্ষেত্ৰত পূৰ্বৰ কথা-বতৰাৰ আধাৰত সাম্প্ৰতিক সুযোগ আৰু অব্যাহত ইউক্ৰেইনৰ সংঘাতৰ শান্তিপূৰ্ণ সমাধানৰ বাবে দৃষ্টিভংগী বিনিময়ৰ বাবে আগ্ৰহী হৈ উঠিছোঁ। বন্ধু আৰু অংশীদাৰ হিচাপে আমি অঞ্চলটোলৈ সোনকালে শান্তি আৰু সুস্থিৰতা ঘূৰি আহিব বুলি আশা কৰিছোঁ।

 

এই ভ্ৰমণে দুয়োখন দেশৰ বিস্তৃত যোগাযোগৰ স্বাভাৱিক ধাৰাবাহিকতা হিচাপে কাম কৰিব তথা আগন্তুক বছৰকেইটাত অধিক সুদৃঢ় আৰু অধিক স্পন্দনশীল সম্পৰ্কৰ ভেটি গঢ়াত সহায় কৰিব বুলি মই নিশ্চিত।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Rural commercial vehicle retail sales growth outpaces urban: Fada data

Media Coverage

Rural commercial vehicle retail sales growth outpaces urban: Fada data
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 31 আগষ্ট 2026
August 31, 2026

New India, One Time, One Direction: Growth at Home, Stature Abroad Under PM Modi