প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদী আজি নতুন দিল্লীৰ ৭ লোককল্যাণ মার্গত আয়োজিত এক অনুষ্ঠানত দৃষ্টিহীনসকলৰ উপযোগী এলানি নতুন মুদ্রা মকুলি কৰে৷ আজি মুকলি কৰা মুদ্রাসমূহ হৈছে—১ টকা, ২ টকা, ৫টকা, ১০ টকা আৰু ২০ টকাৰ মুদ্ৰা।

অনুষ্ঠানলৈ একাংশ দৃষ্টিহীন শিশুসকলৰ বিশেষভাৱে আমন্ত্রণ জনোৱা হয়৷ দৃষ্টিহীন শিশুসকলৰ আপ্যায়ন কৰি প্রধানমন্ত্রীয়ে সন্তোষ প্রকাশ কৰাৰ লগতে তেওঁলোকৰ সৈতে মত বিনিময়ৰ সুযোগ পোৱাৰ বাবে সকলোকে ধন্যবাদ জনায়।

নতুন মুদ্রাসমূহ মুকলি কৰি প্রধানমন্ত্রীয়ে কয় যে কেন্দ্রীয় চৰকাৰে সমান্তৰ প্ৰান্তীয় লোকসকলেও যাতে সুবিধা লাভ কৰিব পাৰে, সেই লক্ষ্যৰে কাম কৰি আহিছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি তথা দৃষ্টিহীনসকলৰ বিষয়টোত গুৰুত্বআৰোপ কৰি আজি নতুন মুদ্রাসমূহ মুকলি কৰা হৈছে৷

প্রধানমন্ত্রীয়ে কয় যে পৃথক বৈশিষ্ট্যসম্পন্ন বিভিন্ন মূল্যৰ এই নতুন মুদ্রাসমূহে দৃষ্টিহীনসকলৰ বিশেষ উপকাৰ সাধন কৰিব৷ দৃষ্টিহীন লোকসকলে এই মুদ্রাসমূহৰ জৰিয়তে উপকৃত হোৱাৰ লগতে তেওঁলোকৰ  আত্মবিশ্বাসো বৃদ্ধি কৰিব৷

দিব্যাংগসকলৰ কল্যাণাৰ্থে কেন্দ্রীয় চৰকাৰে গ্ৰহণ কৰা বিভিন্ন প্ৰচেষ্টাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যেএই সকলো প্রচেষ্টা দিব্যাংগসকলৰ অনুকূল কৰি তোলাৰ প্ৰতি চৰকাৰ অতি সংবেদনশীল।

প্ৰধানমন্ত্ৰীয়ে এই মুদ্রাসমূহৰ নক্সা ৰচনাৰ কৰাৰ বাবে জাতীয় নক্সা প্রণয়ন প্রতিষ্ঠান, ছিকিউৰিটী প্রিণ্টিং এণ্ড মিণ্টিং কর্প’ৰেচন অৱ ইণ্ডিয়া লিমিটেডৰ লগতে বিত্ত মন্ত্ৰালয়কো ধন্যবাদ জনায়৷

দৃষ্টিহীন শিশুসকলৰ সৈতে কৰা বাৰ্তালাপত প্রধানমন্ত্রীয়ে তেওঁলোকক ধন্যবাদ জনাই কয় যে বিশেষভাবেসক্ষম লোকসকলৰ স্বার্থৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই নতুন মুদ্রাসমূহৰ প্ৰচলন আৰম্ভ কৰা হৈছে৷ এই নতুনমুদ্রাসমূহ বজাৰত প্ৰচলনৰ জৰিয়তে তেওঁলোকৰ দৈনন্দিন জীৱনযাপন আৰু অধিক সহজ হৈ পৰিব৷

দৃষ্টিহীন লোকসকলে যাতে সহজে এই নতুন মুদ্ৰাসমূহ ব্যৱহাৰ কৰিব পাৰে, তাৰ বাবে একাধিক বিশেষবৈশিষ্ট্যসম্পন্ন দিশ ইয়াত অন্তৰ্ভূক্ত কৰা হৈছে। নতুন মুদ্রাসমূহৰ আকাৰ আৰু ওজন বৃদ্ধি কৰা হৈছে। ২০টকাৰ মুদ্রাটোত কোনো খাঁজ অবিহনে  ১২টা পল থাকিব৷ বাকী মুদ্রাসমূহ ঘুৰণীয়া আকৃতিৰ।

অনুষ্ঠানত কেন্দ্রীয় বিত্তমন্ত্রী শ্রী অৰুণ জেটলি, বিত্ত বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্রী পন ৰাধাকৃষ্ণণো  উপস্থিত থাকে৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How India’s Rs 175 crore Diving Support Craft projects strengthen Navy’s underwater capabilities

Media Coverage

How India’s Rs 175 crore Diving Support Craft projects strengthen Navy’s underwater capabilities
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Jharkhand meets Prime Minister
August 03, 2026