নতুন দিল্লীৰ ৭ লোক কল্যান মাৰ্গত আয়োজিত এক অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাত্মা গান্ধীৰ ১৫০সংখ্যক জন্ম বাৰ্ষিকী উপলক্ষে চাৰিটা সাংস্কৃতিক ভিডিঅ’ উন্মোচন কৰে৷

অনুষ্ঠানত অভিনেতা আমিৰ খান, শ্বাহৰুখ খান, ৰাজকুমাৰ হিৰানী, কংগনা ৰানাৱট, আনন্দ এল ৰায়, এছ. পি. বালাসুব্ৰমনিয়াম, সোণম কাপুৰ, জেকি শ্ৰুফ, ছনু নিগম, এক্টা কাপুৰ, তাৰক মেহতা গ্ৰূপৰ সদস্যবৃন্দ, ইটিভি গ্ৰূপকে ধৰি ভাৰতীয় ছবি আৰু মনোৰঞ্জন জগতৰ সদস্যসকল উপস্থিত থাকে৷

এই উপলক্ষে এক বাৰ্তালাপ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে তেওঁৰ অনুৰোধ মৰ্মে ব্যস্ত সূচীৰ মাজতে মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিবলৈ অহা সৃষ্টিশীল ব্যক্তি তথা অৱদান আগবঢ়োৱা লোকসকলক ধন্যবাদ জনায়৷

প্ৰধানমন্ত্ৰীয়ে ছবি আৰু মনোৰঞ্জন উদ্যোগক সাধাৰণ লোকসকলক প্ৰণোদিত কৰিব পৰাকৈ মনোৰঞ্জনত ইন্ধন যোগোৱাৰ লগতে সৃষ্টিশীল দিশত উৎসাহিত কৰাৰ আহ্বান জনায়৷ প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক সমাজত ইতিবাচক পৰিৱৰ্তন আনিব পৰা অপৰিসীম সম্ভাৱনা আৰু দক্ষতাৰ কথা সোঁৱৰাই দিয়ে৷

গান্ধী, এক ভাৱনা, যিটোৱে বিশ্বক সংযোগ কৰিব পাৰে

বৰ্তমান সময়ত মহাত্মা গান্ধীৰ প্ৰভাৱ সম্পৰ্কে আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যদিহে এক ভাৱনা, এক ব্যক্তি কথা কোৱা হয়, যিগৰাকীয়ে সমগ্ৰ বিশ্বৰ লোকসকলৰ মাজত সংযোগ স্থাপন কৰিব পাৰে, তেন্তে সেয়া হৈছে গান্ধীজী৷

তেওঁৰ প্ৰস্তাৱিত আইনষ্টাইনৰ প্ৰত্যাহ্বানক দোঁহাৰি প্ৰধানমন্ত্ৰীয়ে ছবি জগতৰ বিশিষ্ট ব্যক্তিসকলক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে গান্ধীজীৰ চিন্তাধাৰাক আগুৱাই নিবলৈ আহ্বান জনায়৷

ভাৰতীয় মনোৰঞ্জন উদ্যোগৰ প্ৰভাৱ আৰু সম্ভাৱনীয়তা

মামল্লাপুৰমত চীনৰ ৰাষ্ট্ৰপতিৰ সৈতে হোৱা কথোপকথনৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাষ্ট্ৰপতিগৰাকীয়ে চীনত ডংগলৰ দৰে ভাৰতীয় ছবিৰ জনপ্ৰিয়তাক আলোকপাত কৰে৷ তেওঁ লগতে দক্ষিণ-পূব এছিয়াত ৰামায়ণৰ জনপ্ৰিয়তাৰ বিষয়েও উল্লেখ কৰে৷

প্ৰধানমন্ত্ৰীয়ে ছবি জগতৰ বিশিষ্ট ব্যক্তিসকলক ভাৰতৰ পৰ্যটনৰ প্ৰচাৰৰ বাবে তেওঁলোকৰ সুক্ষ্ম সক্ষমতাক ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়৷

ভৱিষ্যতৰ ৰোডমেপ

প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে ২০২২ চনত ভাৰতে স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি উদযাপনৰ দিশে অগ্ৰসৰ হৈছে৷ ইয়াৰ পৰিপ্ৰেক্ষিতত সমবেত লোকসকলক তেওঁ ১৮৫৭ৰ পৰা ১৯৪৭লৈ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰেৰণামূলক কাহিনী আৰু ১৯৪৭ৰ পৰা ২০২২লৈকে ভাৰতৰ বিকাশৰ কাহিনী প্ৰতিফলিত কৰাৰ আহ্বান জনায়৷ তেওঁ লগতে ভাৰতত এখনি বাৰ্ষিক আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জনধৰ্মী সন্মিলন অনুষ্ঠিত কৰাৰ পৰিকল্পনা সন্দৰ্ভতো অৱগত কৰে৷

প্ৰধানমন্ত্ৰীক প্ৰশংসা চিনেষ্টাৰ্ছৰ

প্ৰধানমন্ত্ৰীৰ সৈতে এক মত বিনিময় অনুষ্ঠানত অভিনেতা আমিৰ খানে মহাত্মা গান্ধীৰ বাৰ্তা বিশ্ববাসীৰ মাজত প্ৰচাৰৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীৰ তেজস্বী ধাৰণাৰ বাবে তেওঁক ধন্যবাদ জনায়৷

বিশিষ্ট ছবি পৰিচালক ৰাজকুমাৰ হিৰানীয়ে উনুকিয়াই দিয়ে যে আজি উন্মোচিত ভিডিঅ’সমূহৰ ‘নিজৰ মাজত পৰিৱৰ্তন’ শীৰ্ষক বিষয়বস্তুটো ইতিমধ্যে উন্মোচিত হোৱা বোৰৰ অন্যতম৷ তেওঁ বিগত সময়ত নিৰন্তৰ অনুপ্ৰেৰণা, তদাৰক আৰু সমৰ্থন আগবঢ়াই অহাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনায়৷

ছবি জগতৰ ব্যক্তিসকলক একেমঞ্চত লগ হোৱাৰ লগতে একেটা কামক লৈ এক মঞ্চ গঢ়ি তোলাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাই শ্বাহৰুখ খানে কয় যে এনে প্ৰচেষ্টাই মহাত্মা গান্ধীৰ শিক্ষণক সমগ্ৰ বিশ্ববাসীৰ সন্মুখত গান্ধী ২.০ হিচাপে পৰিচিত কৰিব৷

খ্যাতনামা ছবি নিৰ্মাতা আনন্দ এল ৰায়ে দেশ নিৰ্মাণ ক্ষেত্ৰত মনোৰঞ্জন উদ্যোগৰ সম্ভাৱনীয়তাক উপলব্ধি কৰাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনায়৷

প্ৰধানমন্ত্ৰীয়ে মনোৰঞ্জন উদ্যোগৰ সামগ্ৰিক উন্নয়নৰ বাবে তেওঁ চৰকাৰে সকলো ধৰণৰ সহযোগিতা আগবঢ়াব বুলি ছবি জগতৰ ব্যক্তিসকলক আশ্বাস দিয়ে৷

উল্লেখ্য যে মহাত্মা গান্ধীৰ ১৫০সংখ্যক জন্ম বাৰ্ষিকী উপলক্ষে প্ৰস্তুত কৰা এই ভিডিঅ’সমূহৰ ধাৰণা আৰু নিৰ্মাতা হৈছে ৰাজকুমাৰ হিৰানী, ইটিভি গ্ৰূপ, তাৰক মেহতা গ্ৰূপ আৰু ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
10 Years of UPI: From 18 mln to 219 bln transactions, volumes jump 12,000x

Media Coverage

10 Years of UPI: From 18 mln to 219 bln transactions, volumes jump 12,000x
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 10 এপ্ৰিল 2026
April 10, 2026

Safe Anchor, Green Engine, Digital Dynamo: PM Modi’s Blueprint for India’s Economic Renaissance