India is the land of 'Buddha', not 'Yuddha' (war): PM Modi at #UNGA
Terrorism is the biggest threat to humanity, world needs to unite and have a consensus on fighting it: PM at #UNGA
India is committed to free itself from single-use plastic: PM Modi at #UNGA

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিউয়ৰ্কত আজি ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৭৪সংখ্যক অধিৱেশন সম্বোধন কৰে৷

মহাত্মা গান্ধীক স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে গান্ধীজীৰ সত্য আৰু অহংসাৰ বাণী বিশ্বৰ শান্তি আৰু প্ৰগতিৰ বাবে আজিও প্ৰাসংগিক৷

প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণৰ কল্যাণৰ বাবে চৰকাৰে হাতত লোৱা স্বচ্ছ ভাৰত, আয়ুস্মান ভাৰত, জন ধন যোজনা আৰু আধাৰৰ দৰে পৰিৱৰ্তনকামী পদক্ষেপসমূহৰ কথা উপস্থাপন কৰে৷ তেওঁ উল্লেখ কৰে যে ভাৰতবৰ্ষই যেতিয়া এইধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছিল, ই সমগ্ৰ বিশ্বত আশা জাগ্ৰত কৰিছিল৷

প্ৰধানমন্ত্ৰীয়ে এবাৰ ব্যৱহাৰ্য প্লাষ্টিক বৰ্জনক লৈ ভাৰতবৰ্ষৰ দৃঢ়বদ্ধতাৰ কথা পুনৰ এবাৰ উল্লেখ কৰে৷ তেওঁ লগতে কয় যে, অনাগত পাঁচ বছৰত দেশৰ প্ৰতিটো পৰিয়ালক বিশুদ্ধ খোৱাপানী, প্ৰতিটো পৰিয়ালক এটাকৈ আৱাসগৃহৰ সুবিধা আগবঢ়োৱাৰ লগতে দেশৰ পৰা যক্ষ্মা ৰোগ নিৰ্মূল কৰিবলৈ চৰকাৰ সংকল্পবদ্ধ৷

ভাৰতীয় সংস্কৃতিৰ ওপৰত জোৰ দি প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজহুৱা কল্যাণ আমাৰ সংস্কৃতিৰ নীতি৷ জনসাধাৰণৰ অংশগ্ৰহণৰ মাধ্যমেৰে ৰাজহুৱা কল্যাণ এইখন চৰকাৰৰ মন্ত্ৰ৷

১৩০কোটি ভাৰতীয়ৰ স্বপ্ন পূৰণ কৰিবলৈ চৰকাৰে চলাই থকা প্ৰচেষ্টাই সমগ্ৰ বিশ্বকে উপকৃত কৰিব৷ “আমি কেৱল মাথো আমাৰ দেশৰ লোকৰ কল্যাণৰ বাবে কাম কৰি থকা নাই৷ বৰং সমগ্ৰ দেশৰ কল্যাণৰ বাবে কাম কৰি আছো৷ সেইবাবেই আমাৰ চৰকাৰৰ মূলমন্ত্ৰ হ’ল—সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস’—প্ৰধানমন্ত্ৰীয়ে কয়৷

সন্ত্ৰাসবাদক বিশ্বৰ সৰ্ববৃহৎ ভাবুকি আখ্যা দি প্ৰধানমন্ত্ৰীয়ে সকলো ৰাষ্ট্ৰক মানৱতাৰ খাতিৰত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যবদ্ধ হোৱাৰ আহ্বান জনায়৷ “ভাৰতবৰ্ষ এনে এখন দেশ, যিয়ে কেতিয়াও প্ৰথমে যুদ্ধ কৰা নাই, বৰং বুদ্ধৰ শান্তিৰ বাণী বিশ্বত বিয়পাইছে৷”—প্ৰধানমন্ত্ৰীয়ে কয়৷ ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানত ভাৰতৰ অৱদানৰ বিষয়েও তেওঁ লগতে উল্লেখ কৰে৷

প্ৰধানমন্ত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় সমূদায়ক আহ্বান জনাই যে সকলোৱে মিলি বহুপক্ষীয়তাবাদক এক নতুন দিশ প্ৰদান কৰা উচিত৷ তেওঁ কয় যে সমগ্ৰ বিশ্ব এতিয়া এক নতুন যুগৰ দিশে অগ্ৰসৰ হৈছে৷ নিজৰ চাৰিসীমাৰ ভিতৰত নিজকে সীমাৱদ্ধ কৰি ৰাখিবলৈ দেশসমূহৰ কোনো উপায় নাই৷ “বিভক্ত বিশ্ব এখন কোনেও নিবিচাৰে৷ আমি বহুপক্ষীয়তাবাদৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব আৰু ৰাষ্ট্ৰসংঘত সংস্কাৰ সাধন কৰিব লাগিব৷,”—প্ৰধানমন্ত্ৰীয়ে কয়৷

প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতৰ তৰফৰ পৰা বিশ্বলৈ বাৰ্তা হ’ল—শান্তি আৰু সম্প্ৰীতি৷
গোলকীয় উষ্ণতা সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে জনমূৰি নিৰ্গমনৰ হিচাপত গোলকীয় উষ্ণতাৰ প্ৰতি ভাৰতৰ অৱদান যথেষ্ট নিম্ন যদিও ইয়াক প্ৰত্যুত্তৰ আগবঢ়োৱাৰ ক্ষেত্ৰত ভাৰতে সদায় অগ্ৰণী ভূমিকা লৈ আহিছে৷ এই প্ৰসংগত তেওঁ জলবায়ু পৰিৱৰ্তন ৰোধৰ বাবে চৰকাৰে গ্ৰহণ কৰা ৪৫০ গিগাৱাট পুনৰ নৱীকৰণযোগ্য শক্তি অৰ্জনৰ লক্ষ্য আৰু আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ দৰে পদক্ষেপৰ কথা বিস্তৃতভাৱে বৰ্ণনা কৰে৷

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Stranded in Tehran, 50 Iranian Sikhs return safely to India

Media Coverage

Stranded in Tehran, 50 Iranian Sikhs return safely to India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Narendra Modi pays tributes to Freedom Fighter, Shri Pingali Venkayya on his 150th birth anniversary
August 02, 2026

The Prime Minister, Shri Narendra Modi, paid tributes to freedom fighter, Shri Pingali Venkayya on his 150th birth anniversary.

The Prime Minister remembered Pingali Venkayya for his invaluable role in giving the nation the Tricolour and said that his efforts continue to inspire people to serve the country with dedication and patriotic fervour.

Shri Modi said that the Tiranga fills every Indian heart with immense pride and inspires the nation to work towards nation-building.

The Prime Minister wrote on X;

“Tributes to Pingali Venkayya Ji on his 150th birth anniversary. He is remembered for his invaluable role in giving our nation the Tricolour. May his efforts always inspire people to serve our country with dedication and patriotic fervour.

The Tiranga fills every Indian heart with immense pride and inspires us to work towards nation building.”