ভাৰুচৰ মহিলাসকলে প্রধানমন্ত্রীক এক বৃহৎ ৰাখী উপহাৰ দিয়াৰ লগতে তেওঁলোকৰ মর্যাদা আৰু জীৱন-যাপনৰ মান উন্নয়নত আগবঢ়োৱা অৱদানৰ বাবে ধন্যবাদ জনায়
হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় প্রধানমন্ত্রীৰ
অর্থপূৰ্ণ সাফল্য তেতিয়াই পোৱা যায়, যেতিয়া চৰকাৰে আন্তৰিকতাৰে দৃঢ় সংকল্প লৈ হিতাধিকাৰীসকলৰ কাষত থিয় হয়
এইখন চৰকাৰৰ আঠ বছৰ সেৱা, সুশাসন আৰু দুখীয়া লোকৰ কল্যাণৰ নামত উৎসৰ্গিত
মোৰ সপোন হ’ল বিভিন্ন প্রকল্পৰ সৰ্বাংগীন ৰূপায়ন; আমি ১০০শতাংশ লোকক সামৰি লোৱাৰ লক্ষ্যৰে অগ্রসৰ হ’ব লাগিব; চৰকাৰী ব্যৱস্থা বিভিন্ন প্রকল্পৰ সৰ্বাংগীন ৰূপায়নত অভ্যস্ত হৈ পৰিব লাগিব আৰু সাধাৰণ জনতাৰ মাজত আস্থা গঢ়ি তুলিব লাগিব
হিতাধিকাৰীসকলক ১০০% সা-সুবিধা প্ৰদানৰ অর্থই হ’ল সবকা সাথ, সবকা বিকাশৰ প্ৰচেষ্টাৰ লগতে সমানভাৱে প্রতিটো ধর্ম আৰু প্রতিটো শ্রেণীৰ লোকক সেৱা প্ৰদান কৰা

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে গুজৰাটৰ ভাৰুচত উৎকর্ষ সমাৰোহত ভাষণ প্ৰদান কৰে। জিলাখনত ৰাজ্য চৰকাৰৰ চাৰিখন গুৰুত্বপূর্ণ আঁচনিৰ ১০০শতাংশ কাম সম্পন্ন হোৱাৰ উপলক্ষে এই অনুষ্ঠানৰ আয়োজন কৰা হয়। চাৰিখন আঁচনি সম্পন্ন হোৱাৰ ফলত দৰিদ্র লোকে সময়মতে আর্থিক সাহায্য লাভ কৰিব৷ অনুষ্ঠানত গুজৰাটৰ মুখ্যমন্ত্রী শ্রী ভূপেন্দ্রভাই পেটেলকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

এই উপলক্ষে অঞ্চলটোৰ মহিলাসকলে প্রধানমন্ত্রীক এক বৃহৎ ৰাখী উপহাৰ দিয়ে আৰু তেওঁলোকৰ মর্যাদা আৰু জীৱন-যাপনৰ মান উন্নয়নত তেওঁ সহায় কৰিছে তাৰ বাবে তেওঁক ধন্যবাদ জনায়৷ এই উপলক্ষে প্রধানমন্ত্রীয়ে বিভিন্ন আঁচনিৰ কেইবাগৰাকী হিতাধিকাৰীৰ সৈতে মত বিনিময় কৰে।

এগৰাকী কম দৃষ্টিশক্তি সম্পন্ন হিতাধিকাৰীৰ সৈতে মত বিনিময়ৰ সময়ত প্রধানমন্ত্রীয়ে সেই হিতাধিকাৰীগৰাকীৰ কন্যাৰ পঢ়া-শুনাৰ সম্পর্কে খবৰ লয়। হিতাধিকাৰীগৰাকীয়ে কন্যাৰ সমস্যা সম্পর্কে ক’বলৈ গৈ অতি আৱেগিক হৈ পৰে৷ প্রধানমন্ত্রীয়ে হিতাধিকাৰীগৰাকীক কয় যে সংবেদনশীলতাই তেওঁৰ জীৱনৰ মূল শক্তি। প্রধানমন্ত্রীয়ে আন এগৰাকী হিতাধিকাৰীৰ পৰা তেওঁৰ লগতে তেওঁ পৰিয়ালৰ ঈদ উদযাপন সম্পর্কে জানিব বিচাৰে। তেওঁ সেই হিতাধিকাৰীগৰাকীক টিকা গ্ৰহণ কৰা আৰু তেওঁৰ কন্যাসকলৰ আশা পূৰণৰ বাবে অভিনন্দন জনায়। এগৰাকী মহিলা হিতাধিকাৰীৰ সৈতে মত বিনিময়ৰ সময়ত প্রধানমন্ত্রীয়ে তেওঁৰ জীৱন-যাপন সম্পর্কে জানিব বিচীৰে৷ মহিলা হিতাধিকাৰীগৰাকীয়ে মর্যাদাৰে জীৱন-যাপনত যি দৃঢ় সংকল্প লৈছে তাৰ বাবে প্রধানমন্ত্রীয়ে তেওঁৰ ভূয়সী প্রশংসা কৰে। কম বয়সীয়া এগৰাকী বিধবা হিতাধিকাৰীৰ সৈতে কথা পতাৰ সময়ত প্রধানমন্ত্রীয়ে তেওঁৰ দৈনন্দিন জীৱন-যাপন আৰু ল’ৰা-ছোৱালীৰ উজ্জ্বল ভৱিষ্যতৰ দিশা দেখুওৱাৰ প্রচেষ্টাৰ প্রশংসা কৰে। প্রধানমন্ত্রীয়ে তেওঁক ক্ষুদ্ৰ সঞ্চয়ৰ জৰিয়তে লাহে লাহে জীৱনৰ যাত্রাপথত আগুৱাই যোৱাৰ পৰামর্শ দিয়ে৷ এনে পৰিপ্রেক্ষিতত তেওঁ সংশ্লিষ্ট কর্তৃপক্ষক হিতাধিকাৰী মহিলাগৰাকীক তেওঁৰ যাত্রাপথত আগুৱাই যোৱাত সহায় আগবঢ়োৱাৰ নির্দেশ দিয়ে৷

উৎকর্ষ সমাৰোহ উপলক্ষে আয়োজিত এক সমাৱেশত প্রধানমন্ত্রীয়ে কয় যে আজিৰ এই অনুষ্ঠানে এইটো প্রমাণ কৰে যে অর্থপূৰ্ণ সাফল্য তেতিয়াই পোৱা যায়, যেতিয়া চৰকাৰ আন্তৰিকতাৰে দৃঢ় সংকল্প লৈ হিতাধিকাৰীসকলৰ কাষত থিয় দিয়ে৷ প্ৰধানমন্ত্ৰী মোদীয়ে সামাজিক নিৰাপত্তাৰ সৈতে জড়িত চাৰিখন আঁচনিৰ ১০০শতাংশ ৰূপায়ন সম্পন্ন হোৱাৰ বাবে ভাৰুচ জিলা প্রশাসন আৰু গুজৰাট চৰকাৰৰ প্রচেষ্টাৰ প্রশংসা কৰে। এই কাৰ্যসূচীক লৈ হিতাধিকাৰীসকলৰ মাজত যি সন্তুষ্টি আৰু আস্থা প্রতিফলিত হৈছে, সেই বিষয়েও প্রধানমন্ত্রীয়ে সদৰি কৰে। তেওঁ লগতে কয় যে প্রচাৰৰ অভাৱত এই আঁচনিসমূহৰ সা-সুবিধাৰ পৰা বহু আদিবাসী, অনুসূচীত জাতি আৰু সংখ্যালঘু সম্প্রদায়ৰ লোকসকল বঞ্চিত হৈ আছে৷ সবকা সাথ, সবকা বিশ্বাস মানসিকতাৰ প্রসংগ উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে সৎ প্রচেষ্টাই সদায় সুফল প্ৰদান কৰে৷

চৰকাৰৰ সমাগত অষ্টম বর্ষপূর্তিৰ কথা উল্লেখ কৰি প্রধানমন্ত্রী কয় যে এই চৰকাৰৰ আঠ বছৰ সেৱা, সুশাসন আৰু দুখীয়া লোকসকলৰ কল্যাণৰ নামত উৎসৰ্গা কৰা হৈছে। বঞ্চনা, উন্নয়ন আৰু দাৰিদ্র সম্পর্কে জনসাধাৰণৰ এজন হিচাপে যি অভিজ্ঞতা অর্জন কৰিছে, তাৰ বাবে তেওঁ প্রশাসনিক সাফল্যকে কৃতিত্ব প্ৰদান কৰে৷ দাৰিদ্রৰ ব্যক্তিগত অভিজ্ঞতা আৰু সাধাৰণ জনতাৰ চাহিদাৰ ভিত্তিত কাম কৰি অহা বুলি সদৰি কৰি প্রধানমন্ত্রীয়ে কয় যে প্রতিগৰাকী যোগ্য ব্যক্তিয়ে যেন আঁচনিৰ সম্পূর্ণ সা-সুবিধা পায়৷ তেওঁ কয় যে গুজৰাটৰ এই ভূমিয়ে তেওঁক শিকাইছে যে আত্মসন্তুষ্টিত বিশ্রাম লোৱাৰ কোনো অৱকাশ নাই। সেয়েহে তেওঁ সদায় সাধাৰণ জনতাৰ কল্যাণত সা-সুবিধাৰ মান উন্নয়ন আৰু সম্প্রসাৰণত অগ্রাধিকাৰ দিয়ে। মোদীয়ে লগতে কয় যে মোৰ সপোই হ’ল বিভিন্ন প্রকল্পৰ সৰ্বাংগীন ৰূপায়ন কৰা। আঁচনিসমূহৰ জৰিয়তে ১০০শতাংশ লোকক সামৰি লোৱাৰ লক্ষ্যৰে আমি অগ্রসৰ হ’ব লাগিব৷ চৰকাৰী ব্যৱস্থাক বিভিন্ন প্রকল্পৰ সৰ্বাংগীন ৰূপায়নত অভ্যস্ত কৰি তুলিব লাগিব আৰু সাধাৰণ জনতাৰ মাজত আস্থা গঢ়ি তুলিব লাগিব।

প্রধানমন্ত্রীয়ে কয় যে ২০১৪ত দেশৰ প্রায় আধাসংখ্যক লোকে শৌচাগাৰ, টিকা, বিদ্যুৎ সংযোগ আৰু বেংক একাউণ্টৰ দৰে সা-সুবিধাৰ পৰা বঞ্চিত আছিল৷ সকলোৰে প্রচেষ্টাত বিগত বছৰসমূহত আমি একাধিক প্রকল্পৰ ১০০শতাংশ ৰূপায়ন সম্পন্ন কৰাৰ দিশে গতি কৰিছো। চৰকাৰৰ এই আঠ বছৰ পাৰ হোৱাৰ পাছত আমি নতুন উদ্যম আৰু সংকল্পৰে পুনৰ উৎসৰ্গা কৰিব লাগিব বুলিও প্ৰধানমন্ত্ৰীয়ে মত প্রকাশ কৰে।

প্রধানমন্ত্রীয়ে কয় যে হিতাধিকাৰীসকলক ১০০% সা-সুবিধা প্ৰদানৰ অর্থ হ’ল সবকা সাথ, সবকা বিকাশ প্রয়াসৰ লগতে সমানভাৱে প্রতিটো ধর্ম আৰু প্রতিটো শ্রেণীৰ লোকক সেৱা প্ৰদান কৰা৷ তেওঁ কয় যে দৰিদ্র লোকৰ কল্যাণত পৰিচালিত কোনো আঁচনিৰ পৰা যেন কোনো বাদ নপৰে৷ ইয়াৰ ফলত এফালে যেনেদৰে তুষ্টিকৰণৰ ৰাজনীতিৰ অৱসান ঘটে, আনফালে বিভিন্ন প্রকল্পৰ সৰ্বাংগীন ৰূপায়ণৰ ফলত ইয়াৰ সুফল সমাজৰ একেবাৰে শেষ প্রান্তত থকা লোকসকলে পাবলৈ সক্ষম হৈছে৷

অঞ্চলটোৰ বিধবা ভগ্নীসকলৰ পৰা উপহাৰ হিচাপে পোৱা ৰাখীয়ে তেওঁৰ মনোবল আৰু অধিক বৃদ্ধি কৰিছে৷ সেইবাবে তেওঁ তেওঁলোকক ধন্যবাদ জনাই কয় যে তেওঁৰ প্রতি এই শুভকামনা ৰক্ষাকবচৰ দৰে, যি তেওঁক আৰু অধিক কঠোৰ পৰিশ্রম কৰিবলৈ উদ্বুদ্ধ কৰিব।

প্রধানমন্ত্রীয়ে লগতে কয় যে প্রত্যেকৰে প্রচেষ্টা আৰু বিশ্বাসৰ ওপৰত নির্ভৰ কৰি তেওঁ লালকিল্লাৰ প্রাচীৰৰ পৰা বিভিন্ন আঁচনিৰ সৰ্বাংগীন ৰূপায়ন সম্পন্ন কৰাৰ কথা ঘোষণা কৰিব পাৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এয়া সামাজিক সুৰক্ষাৰ এক গুৰুত্বপূর্ণ আঁচনি। দুখীয়া লোকক মর্যাদা প্ৰদানৰ লক্ষ্যৰে পৰিচালিত উৎকর্ষ অভিযানৰ সামৰণিৰ কথাও ঘোষণা কৰে প্ৰধানমন্ত্ৰীয়ে।

গুজৰাটী ভাষাত প্রধানমন্ত্রীয়ে ভাৰুচৰ বাণিজ্যিক আৰু সাংস্কৃতিক ঐতিহ্যৰ কথা স্মৰণ কৰে। ভাৰুচৰ সৈতে তেওঁৰ দীৰ্ঘদিনীয়া সম্পর্কৰ কথাও উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ঔদ্যোগীকৰণে স্থানীয় যুৱ সম্প্রদায়ৰ আশা পূৰণ কৰাৰ লগতে ভাৰুছে বিকাশৰ মূল ধাৰাৰ সৈতে আগুৱাই গৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে অঞ্চলটোৰ অর্থনীতি, শিক্ষা, স্বাস্থ্য আৰু যোগাযোগ ক্ষেত্রত অপৰিসীম সম্ভাৱনাৰ কথাও কয়৷

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways clears ₹755-crore project to build third line between Champa and Korba

Media Coverage

Indian Railways clears ₹755-crore project to build third line between Champa and Korba
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister hails India-UK Comprehensive Economic and Trade Agreement as a historic milestone for bilateral relations
June 17, 2026

The Prime Minister, Shri Narendra Modi, has expressed delight that the India-UK Comprehensive Economic and Trade Agreement will enter into force on 15 July 2026.

The Prime Minister said that the agreement will significantly boost bilateral trade and investment.

Shri Modi stated that the agreement will unlock numerous opportunities for Indian farmers, workers, MSMEs, startups and innovators and contribute meaningfully to the realisation of Viksit Bharat 2047.

The Prime Minister noted that both he and UK Prime Minister Keir Starmer, who are in Evian for the G7 Summit, are very happy with the significant momentum being added to India-UK economic ties.

The Prime Minister wrote on X;

“A historic milestone for India-UK relations.

Delighted to note that the India-UK Comprehensive Economic and Trade Agreement will enter into force on 15th July 2026.

This agreement will significantly boost our bilateral trade and investment.

It will also unlock numerous opportunities for Indian farmers, workers, MSMEs, startups and innovators and contribute meaningfully to the realisation of Viksit Bharat 2047.

Both PM Starmer and I, who are in Evian for the G7 Summit, are naturally very happy with the significant momentum being added to our economic ties.

@Keir_Starmer”