Deep rooted ties between India and Uganda since thousands of years and both the countries have stood the test of time: PM Modi
Training, Capacity building, technology and infrastructure are the key sectors of India-Uganda cooperation: PM Modi
PM Modi announces two lines of credit worth $200 million for Uganda
I thank President Museveni for giving me the opportunity to address the Ugandan Parliament: PM Modi

মাননীয় ৰাষ্ট্ৰপতি মিউছেভিনি মহাশয়,

সন্মানীয় প্ৰতিনিধিসকল,

সংবাদ মাধ্যমৰ সদস্যসকল,

 

এয়া মোৰ সৌভাগ্য যে দুটা দশকৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে প্ৰথম দ্বিপাক্ষিক যাত্ৰাৰ বাবে মই উগাণ্ডালৈ আহিছোঁ৷ ৰাষ্ট্ৰপতি মিউছেভিনি ভাৰতৰ বহু পুৰণি মিত্ৰ৷ মোৰো তেওঁৰ সৈতে পুৰণি পৰিচয় আছে৷ ২০০৭ চনত যেতিয়া গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে ইয়ালৈ আহিছিলো, সেই যাত্ৰাৰ সুখদ স্মৃতি এতিয়াও মোৰ সৈতে আছে৷ আৰু আজি ৰাষ্ট্ৰপতি মহোদয়ৰ উদাৰ শব্দ তথা মোৰ উষ্ম আদৰণিৰ বাবে মই তেওঁক হৃদয়েৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ৷

বন্ধুসকল,

ভাৰত আৰু উগাণ্ডাৰ মাজত শতিকা পুৰণি ঐতিহাসিক সম্বন্ধ সময়ৰ লগে লগে দৃঢ় হৈছে৷ উগাণ্ডা আমাৰ হৃদয়ৰ মাজত প্ৰৱিষ্ট হৈছে৷ উগাণ্ডাৰ আৰ্থিক প্ৰগতি আৰু ৰাষ্ট্ৰীয় বিকাশৰ প্ৰয়াসত ভাৰতে সদায়েই সহযোগিতা প্ৰদান কৰিছে৷ প্ৰশিক্ষণ, সামৰ্থ নিৰ্মাণ, প্ৰযুক্তি,আন্তঃগাঁথনি আদি আমাৰ সহযোগিতাৰ প্ৰধান ক্ষেত্ৰ৷ ভৱিষ্যতেও আমি উগাণ্ডাৰ প্ৰয়োজনীয়তা আৰু প্ৰাথমিকতা অনুসৰি নিজৰ সহযোগিতাই বৰ্তাই ৰাখিম৷ উগাণ্ডাৰ জনতাৰ প্ৰতি আমাৰ মিত্ৰতাৰ অভিব্যক্তি ৰূপত ভাৰত চৰকাৰে কাম্পালাত উগাণ্ডা কৰ্কট প্ৰতিষ্ঠান শীৰ্ষক এক অত্যাধুনিক কৰ্কট থেৰাপী মেচিন উপহাৰ হিচাপে দিবলৈ নিৰ্ণয় কৰিছে৷ মই এয়া জানি সুখী হৈছোঁ যে এই মেচিনৰ দ্বাৰা কেৱল উগাণ্ডাই নহয়, পূব আফ্ৰিকাৰ দেশৰ মিত্ৰসমূহৰো প্ৰয়োজনীয়তা পূৰণ হ’ব৷ উগাণ্ডাত শক্তি আন্তঃগাঁথনি আৰু কৃষি তথা দুগ্ধ ক্ষেত্ৰত বিকাশৰ বাবে আমি প্ৰায় দুশ মিলিয়ন ডলাৰক দুটা ভাগত ঋণ হিচাপে দিয়াৰ প্ৰস্তাৱত অনুমোদন জনাইছোঁ৷ এয়া সন্তোষৰ বিষয় যে প্ৰতিৰক্ষা ক্ষেত্ৰতো আমাৰ সহযোগিতা আগবাঢ়ি আছে৷ মিলিটেৰী প্ৰশিক্ষণত আমাৰ সহযোগিতাৰ ইতিহাস বহু পুৰণি৷ আমি এই সহযোগিতা অধিক শক্তিশালী কৰাৰ বাবে প্ৰস্তুত৷ আমি উগাণ্ডাৰ সেনাৰ বাবে আৰু অসামৰিক কামৰ বাবে বাহন আৰু এম্বুলেন্স দিয়াৰ নিৰ্ণয় গ্ৰহণ কৰিছোঁ৷ বাণিজ্য আৰু বিনিয়োগতো আমাৰ সম্বন্ধ শক্তিশালী হৈছে৷ কাইলৈ ৰাষ্ট্ৰপতি মহোদয়ৰ সৈতে লগ হৈ মই দুয়োখন দেশৰ মুখ্য ব্যৱসায় নেতা সকলৰ সৈতে এই সম্বন্ধক আৰু অধিক শক্তিশালী কৰাৰ বাবে আলোচনাত মিলিত হ’ম৷

বন্ধুসকল,

উগাণ্ডাস্থিত ভাৰতীয় সমাজৰ প্ৰতি ৰাষ্ট্ৰপতি মহোদয়ৰ স্নেহ দেখি মই তেওঁক হৃদয়েৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ৷ এটা কঠিন সময়ৰ অন্তত, ৰাষ্ট্ৰপতি মহোদয়ৰ কুশল আৰু শক্তিশালী নেতৃত্বত আজি ভাৰতীয় মূলৰ সমাজ উগাণ্ডাৰ সামাজিক আৰু আৰ্থিক জীৱনত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াবলৈ সক্ষম হৈছে৷ মই সুখী যে আজি সন্ধিয়া ভাৰতীয় মূলৰ সমাজে অনুষ্ঠিত কৰা অনুষ্ঠানত ৰাষ্ট্ৰপতি মহোদয় স্বয়ং উপস্থিত থাকিব৷ তেওঁৰ এই বিশেষ আগ্ৰহৰ বাবে মই সমগ্ৰ ভাৰতৰ তৰফৰ পৰা তেওঁক অভিনন্দন জনাইছোঁ৷ কাইলৈ পুৱা মই উগাণ্ডাৰ সংসদত সম্বোধন কৰাৰ সৌভাগ্য প্ৰাপ্ত কৰিম৷ এই সৌভাগ্য প্ৰাপ্ত কৰা মই ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী৷ এই বিশেষ সন্মানৰ বাবে মই ৰাষ্ট্ৰপতি মহোদয় আৰু উগাণ্ডাৰ সংসদক হৃদয়েৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ৷

বন্ধুসকল,

ভাৰত আৰু উগাণ্ডা দুয়োখনেই যুৱ প্ৰধান দেশ৷ দুয়োখন দেশৰ চৰকাৰৰ যুৱ প্ৰজন্মৰ আকাংক্ষা পূৰণ কৰাৰ দায়িত্ব আছে৷ আৰু এই প্ৰয়াসত আমি পৰস্পৰে পৰস্পৰৰ সহযোগী হোৱাৰ বাবে সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ৷ এশ পচিশ কোটি ভাৰতীয়ৰ তৰফৰ পৰা মই উগাণ্ডাৰ জনসাধাৰণৰ প্ৰগতি আৰু সমৃদ্ধিৰ বাবে অশেষ শুভকামনা জনাইছোঁ৷

ধন্যবাদ৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Bank credit, deposit growth at 16.08% in FY26, fastest since FY24

Media Coverage

Bank credit, deposit growth at 16.08% in FY26, fastest since FY24
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam, highlights commitment to women empowerment
April 16, 2026

The Prime Minister, Shri Narendra Modi said that with the special session of Parliament commencing today, the country is set to take a historic step towards women empowerment. He noted that respect for mothers and sisters is respect for the nation, and with this spirit, the country is moving forward with firm resolve in this direction.

The Prime Minister shared a Sanskrit Shubhashitam-

“व्युच्छन्ती हि रश्मिभिर्विश्वमाभासि रोचनम्।
ता त्वामुषर्वसूयवो गीर्भिः कण्वा अहूषत॥”

The Sanskrit Shubhashitam conveys that a woman, with the light of her knowledge, dispels the darkness of ignorance and illuminates the entire world. Therefore, those who aspire for prosperity and noble virtues always honor and respect women.

The Prime Minister wrote on X;

“आज से शुरू हो रही संसद की विशेष बैठक में हमारा देश नारी सशक्तिकरण के लिए ऐतिहासिक कदम उठाने जा रहा है। हमारी माताओं-बहनों का सम्मान राष्ट्र का सम्मान है और यही भावना लेकर हम इस दिशा में दृढ़ता से आगे बढ़ रहे हैं।

व्युच्छन्ती हि रश्मिभिर्विश्वमाभासि रोचनम्।

ता त्वामुषर्वसूयवो गीर्भिः कण्वा अहूषत॥”