ভাৰতৰ প্ৰথমটো বুলেট ট্ৰেইন প্ৰকল্পৰ সৈতে জড়িত দলটোৰ সৈতে মত বিনিময় কৰে প্ৰধানমন্ত্ৰীয়ে
বুলেট ট্ৰেইন প্ৰকল্পৰ পৰা লাভ কৰা শিক্ষা লিপিবদ্ধ কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে প্ৰধানমন্ত্ৰীয়ে
প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে যেতিয়া দেশৰ বাবে কাম কৰা আৰু নতুন কিবা এটা অৱদান আগবঢ়োৱাৰ মনোভাৱ জাগ্ৰত হয় তেতিয়া ই এক অপৰিসীম প্ৰেৰণাৰ উৎস হৈ পৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি গুজৰাটৰ ছুৰাটত নিৰ্মাণৰত বুলেট ট্ৰে্ইন ষ্টেচন পৰিদৰ্শন কৰি মুম্বাই-আহমেদাবাদ হাই-স্পীড ৰেল কৰিডৰৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। ভাৰতৰ প্ৰথমখন বুলেট ট্ৰেইন প্ৰকল্পৰ দলটোৰ সৈতেও তেওঁ মত বিনিময় কৰাৰ লগতে ইয়াৰ গতি আৰু সময়সূচীৰ লক্ষ্যকে ধৰি প্ৰকল্পটোৰ অগ্ৰগতিৰ বিষয়েও সোধা-পোছা কৰে। শ্ৰমিকসকলে তেওঁক আশ্বাস দিয়ে যে প্ৰকল্পটো কোনো অসুবিধা নোহোৱাকৈ সুচাৰুৰূপে আগবাঢ়িছে।

কেৰালাৰ এগৰাকী অভিযন্তাই গুজৰাটৰ নৱছাৰীৰ নইজ বেৰিয়াৰ ফেক্টৰীত কাম কৰাৰ অভিজ্ঞতা শ্বেয়াৰ কৰে, য’ত ৰিবাৰ কেজ ৱেল্ডিঙৰ বাবে ৰবটিক ইউনিট নিয়োগ কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক ভাৰতৰ প্ৰথমখন বুলেট ট্ৰেইন নিৰ্মাণৰ ক্ষেত্ৰত ব্যক্তিগতভাৱে কেনে অনুভৱ কৰে আৰু এই ঐতিহাসিক কৃতিত্বৰ বিষয়ে তেওঁৰ পৰিয়ালৰ সৈতে কি শ্বেয়াৰ কৰে বুলি প্ৰশ্ন কৰে। দেশৰ প্ৰথমখন বুলেট ট্ৰেইনত অৰিহণা যোগোৱাৰ বাবে গৌৰৱ প্ৰকাশ কৰি ইয়াক “সপোনৰ প্ৰকল্প” আৰু পৰিয়ালৰ বাবে “গৌৰৱৰ মুহূৰ্ত” বুলি অভিহিত কৰে।

ৰাষ্ট্ৰীয় সেৱাৰ মনোভাৱৰ ওপৰত গুৰু্ত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে এই কথাত গুৰুত্ব আৰোপ কৰে যে যেতিয়া দেশৰ বাবে কাম কৰি নতুন কিবা এটা অৱদান আগবঢ়োৱাৰ অনুভূতি জাগ্ৰত হয়, তেতিয়া ই এক অপৰিসীম প্ৰেৰণাৰ উৎস হৈ পৰে। তেওঁ ইয়াক ভাৰতৰ মহাকাশ যাত্ৰাৰ সৈতে দেশৰ প্ৰথম উপগ্ৰহ উৎক্ষেপণ কৰা বিজ্ঞানীসকলে নিশ্চয় কেনে অনুভৱ কৰিছিল আৰু আজি শ শ উপগ্ৰহ উৎক্ষেপণ কৰা হৈছে তাৰ তুলনা কৰে।

বেংগালুৰুৰ আন এগৰাকী কৰ্মচাৰী শ্ৰুতিয়ে মুখ্য অভিযান্ত্ৰিক পৰিচালক হিচাপে কাম কৰা কঠোৰ ডিজাইন আৰু অভিযান্ত্ৰিক নিয়ন্ত্ৰণ প্ৰক্ৰিয়াৰ বিষয়ে কয়। তেওঁ আলোকপাত কৰে যে ৰূপায়ণৰ প্ৰতিটো পৰ্যায়তে তেওঁৰ দলটোৱে লাভ-লোকচানৰ মূল্যায়ন কৰে, সমাধান চিনাক্ত কৰে আৰু ত্ৰুটিহীন ৰূপায়ণ নিশ্চিত কৰিবলৈ বিকল্পৰ সন্ধান কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কয় যে ইয়াত লাভ কৰা অভিজ্ঞতাসমূহ যদি লিপিবদ্ধ কৰি ব্লু বুকৰ দৰে সংকলন কৰা হয়, তেন্তে দেশখনে বুলেট ট্ৰেইনৰ বৃহৎ পৰিসৰৰ ৰূপায়ণৰ দিশত নিৰ্ণায়কভাৱে আগবাঢ়িব পাৰে। তেওঁ দৃঢ়তাৰে কয় যে ভাৰতে বাৰে বাৰে পৰীক্ষা-নিৰীক্ষাৰ পৰা আঁতৰি থাকিব লাগে আৰু ইয়াৰ পৰিৱৰ্তে বৰ্তমানৰ আৰ্হিৰ পৰা শিক্ষা লৈ ইয়াৰ প্ৰতিৰূপ ব্যৱহাৰ কৰিব লাগে। শ্ৰী মোদীয়ে দৃঢতাৰে কয় যে কিয় কিছুমান পদক্ষেপ লোৱা হ’ল সেই বিষয়ে স্পষ্ট বুজি পালেহে প্ৰতিৰূপ সাৰ্থক হ’ব। অন্যথা পুনৰাবৃত্তি অৰ্থহীন আৰু উদ্দেশ্য বা নিৰ্দেশনাহীন হৈ পৰিব পাৰে বুলি তেওঁ সকীয়াই দিয়ে। তেওঁ পৰামৰ্শ দিছিল যে এনে অভিলেখ ৰক্ষা কৰিলে ভৱিষ্যতৰ ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ’ব পাৰে আৰু ৰাষ্ট্ৰ নিৰ্মাণত অৰিহণা যোগাব পাৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে আমি ইয়াত আমাৰ জীৱন উৎসৰ্গা কৰি দেশৰ বাবে মূল্যৱান কিবা এটা দি থৈ যাম।

এজন কৰ্মচাৰীয়ে এটা কবিতাৰ জৰিয়তে আৱেগিক শব্দৰে নিজৰ দায়বদ্ধতা প্ৰকাশ কৰে, যাৰ বাবে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ নিষ্ঠাৰ শলাগ লয় আৰু প্ৰশংসা কৰে।

মত বিনিময়ৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱো উপস্থিত থাকে।

পটভূমি

প্ৰধানমন্ত্ৰীয়ে ছুৰাটত নিৰ্মীয়মান অৱস্থাত থকা বুলেট ট্ৰেইন ষ্টেচন ভ্ৰমণ কৰি মুম্বাই-আহমেদাবাদ দ্ৰুতগতিৰ ৰে’ল কৰিডৰ (এমএএইচএছআৰ)ৰ অগ্ৰগতি পৰ্যালোচনা কৰে। দেশে দ্ৰুতগতিৰ যোগাযোগৰ যুগলৈ অগ্ৰসৰ হোৱাৰ প্ৰতীকস্বৰূপ এই কৰিডৰ হৈছে ভাৰতৰ আটাইতকৈ অভিলাসী আন্তঃগাঁথনি প্ৰকল্পসমূহৰ ভিতৰত অন্যতম।

প্ৰায় ৫০৮ কিলোমিটাৰ বিস্তাৰিত হৈ থকা এমএএইচএছআৰে গুজৰাট তথা দাদৰা আৰু নগৰ হাভেলীত ৩৫২ কিলোমিটাৰ আৰু মহাৰাষ্ট্ৰত ১৫৬ কিলোমিটাৰ আৱৰি আছে। এই কৰিডৰটোৱে সবৰমতী, আহমেদাবাদ, আনন্দ, বদোদৰা, ভাৰুচ, ছুৰাট, বিলিমোৰা, ভাপি, বোইছাৰ, ৱিৰাৰ, থানে আৰু মুম্বাইকে ধৰি প্ৰধান চহৰসমূহক সংযোগ কৰাৰ জৰিয়তে ভাৰতৰ পৰিবহণ আন্তঃগাঁথনিৰ ক্ষেত্ৰত এক পৰিবৰ্তনশীল পদক্ষেপ প্ৰতিফলিত কৰিব।

আন্তঃৰাষ্ট্ৰীয় মান বজাই ৰাখি উন্নত অভিযান্ত্ৰিক কৌশলেৰে নিৰ্মিত এই প্ৰকল্পটোত ৪৬৫ কিলোমিটাৰ (প্ৰায় ৮৫ শতাংশ পথ)পথত উৰণ সেতুৰ ব্যৱস্থা কৰাৰ জৰিয়তে স্থলপথসমূহত ন্যূনতম বিশৃংখলতা আৰু উন্নত সুৰক্ষা নিশ্চিত কৰা হৈছে। এতিয়ালৈকে ৩২৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণ সেতুৰ কাম সম্পূৰ্ণ হৈছে আৰু ২৫ খন নদী সেতুৰ ভিতৰত ১৭ খন ইতিমধ্যে নিৰ্মাণ কৰা হৈছে।

সম্পূৰ্ণ হোৱাৰ পাছত, বুলেট ট্ৰেইনে মুম্বাই আৰু আহমেদাবাদৰ মাজত ভ্ৰমণৰ সময় প্ৰায় দুঘণ্টালৈ হ্ৰাস কৰাৰ জৰিয়তে আন্তঃ-চহৰ ভ্ৰমণ দ্ৰুত, সহজ আৰু অধিক আৰামদায়ক কৰি এইক্ষেত্ৰত বৈপ্লৱিক পৰিবৰ্তন আনিব। এই প্ৰকল্পটোৰ জৰিয়তে সমগ্ৰ কৰিডৰটোত ব্যৱসায়, পৰ্যটন আৰু অৰ্থনৈতিক কাৰ্যকলাপ ত্বৰান্বিত হ’ব বুলি আশা কৰা হৈছে, যাৰ ফলত আঞ্চলিক উন্নয়ন ত্বৰান্বিত হ’ব।

প্ৰায় ৪৭ কিলোমিটাৰ আৱৰি থকা ছুৰাট-বিলিমোৰা অংশটোৰ সিংহভাগ কাম তথা ট্ৰেক-বেড স্থাপন প্ৰায় সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত এই অংশটোৰ কাম-কাজ শেষ পৰ্যায়ত উপনীত হৈছে। ছুৰাট চহৰৰ বিশ্ববিখ্যাত হীৰা উদ্যোগৰ অনুপ্ৰেৰণাৰে প্ৰস্তুত কৰা ছুৰাট ষ্টেচনৰ শৈলীয়ে সৌন্দৰ্য্য আৰু কাৰ্য্যকৰীতা দুয়োটাকে প্ৰতিফলিত কৰে। যাত্ৰীৰ স্বাচ্ছন্দ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি শৈলী প্ৰস্তুত কৰা এই ষ্টেচনটোত সুবিশাল অপেক্ষাগৃহ, বিশ্ৰামগৃহ আৰু খুচুৰা বিপণী আছে। ইয়াৰ জৰিয়তে ছুৰাট মেট্ৰ’, চিটি বাছ আৰু ভাৰতীয় ৰে’লৱে নেটৱৰ্কৰ সৈতে নিৰৱচ্ছিন্ন মাল্টি-মডেল সংযোগ স্থাপন সম্ভৱ হৈ উঠিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India develops first indigenous expendable turbo jet engine in 350 kg thrust class

Media Coverage

India develops first indigenous expendable turbo jet engine in 350 kg thrust class
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 জুলাই 2026
July 27, 2026

Viksit Bharat in Motion: Indigenous Warships, Deepwater Energy, Transparent Exams & Cultural Revival