PM Modi dedicates multiple development projects worth Rs. 22,000 crores in Bhilai, Chhattisgarh
The expansion of Bhilai Steel Plant will further strengthen the foundation of a New India: PM Modi
Continuous efforts are being made to enhance water, land and air connectivity: PM Modi
Under UDAN Yojana, we are opening new airports at places where the previous government even refrained to construct roads: PM
Naya Raipur is now the country’s first Greenfield Smart City; be it electricity, water or transport, everything will be controlled from a single command centre: PM Modi
Development is necessary to eliminate any kind of violence: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চত্তীশগড় ভ্ৰমণ কৰে। এই উপলক্ষে তেওঁ নয়া ৰায়পুৰ স্মাৰ্ট চিটীৰ ইণ্টিগ্ৰেটেড কমাণ্ড এণ্ড কণ্ট্ৰোল চেণ্টাৰ উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীক নিয়ন্ত্ৰণ কেন্দ্ৰটোৰ বিভিন্ন দিশৰ সন্দৰ্ভত চমুকৈ অৱগত কৰা হয়।

ইয়াৰ পাছতে তেওঁ ভিলাই তীখা প্ৰকল্পৰ ব্লাষ্ট ফাৰনেচ-৮ পৰিদৰ্শন কৰে আৰু প্ৰকল্পটোৰ বিভিন্ন খুঁটিনাতিৰ বিষয়ে কোৱা হয়।

এক বিশাল জনসমাৱেশত প্ৰধানমন্ত্ৰীয়ে আধূনিকীকৰণ তথা সম্প্রসাৰণ কৰা ভিলাই তীখা প্রকল্পটো দেশবাসীৰ উদ্দেশ্যে উৎসর্গা কৰে। তেওঁ এই অনুষ্ঠানতে ভিলাই আইআইটিৰো আধাৰশিলা স্থাপন কৰে। তদুপৰি, ভাৰতনেটৰ দ্বিতীয় পর্যায়ৰ শুভাৰম্ভণি উপলক্ষে এখন নাম ফলকো উন্মোচন কৰে প্ৰধানমন্ত্ৰীয়ে।

প্রধানমন্ত্রীক আদৰণী জনোৱাৰ উদ্দেশ্যে বহু সংখ্যক লোক আজি ভিলাইৰ পথৰ দাঁতিত ৰৈ থকা পৰিলক্ষিত হয়।

ইফালে, জগদালপুৰ আৰু ৰায়পুৰৰ মাজত বিমান সেৱাৰো আজি আনুষ্ঠানিকভাৱে মুকলি কৰে প্ৰধানমন্ত্ৰীয়ে। একেটা অনুষ্ঠানতে তেওঁ বিভিন্ন আঁচনিৰ হিতাধিকাৰীক লেপটপ, চেক আৰু প্ৰমাণপত্র প্ৰদান কৰে।

জনসভাত ভাষণ প্ৰদানৰ সময়ত প্রধানমন্ত্রীয়ে কয় যে উন্নয়নেই হৈছে যিকোনো ধৰণৰ হিংসাৰ উচিৎ প্ৰত্যুত্তৰ। ৰাষ্ট্ৰ নিৰ্মাণৰ কামত ভিলাই তীখা প্রকল্পৰ অৱদান যথেষ্ট পৰিমাণে থকাৰ কথাও তেওঁ উপস্থিত ৰাইজক জনায়। সম্প্রসাৰিত আৰু অত্যাধুনিক এই প্রকল্পটোক তেওঁ নব্য ভাৰত গঠনৰ এক শক্তিশালী সঁজুলি বুলি কয়। যিবোৰ উন্নয়ন প্রকল্পৰ আজি শুভাৰম্ভ হ’ল, সেইবোৰে জনসাধাৰণৰ উপকৃত কৰিব বুলি মন্তব্য কৰে প্রধানমন্ত্রীয়ে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ‘গ্রাম স্বৰাজ অভিযান’ৰ ফল বিগত দুমাহত অধিক ইতিবাচক হৈছে বুলি কয়। দেশৰ উন্নয়নকামী ১১৫খন জিলাত এই অভিযানক ব্যাপকভাবে আগুৱাই দিয়া হৈছে। এই জিলাসমূহৰ ভিতৰত ১২খন চত্তীশগড়ত আছে। জন ধন যোজনা, মুদ্রা যোজনা, উজ্জ্বালা যোজনা, ফচল বীমা যোজনা আৰু সৌভাগ্যৰ দৰে বিভিন্ন আঁচনিয়ে ৰাজ্যখনলৈ বিশেষ সুফল আনিছে।

প্রধানমন্ত্রীয়ে কয় যে আদিবাসী জনজাতিৰ কথা চিন্তা কৰি তেওঁলোকৰ স্বার্থত ৰক্ষাত কঠোৰভাৱে অৰণ্য অধিকাৰ আইন ৰূপায়ণ কৰা হৈছো। আদিবাসী লোকসকলৰ কল্যাণত এই চৰকাৰে সক্রিয়ভাৱে কাম কৰাৰ লগতে দেশৰ বিভিন্ন ঠাইত ‘একলব্য বিদ্যালয়’ স্থাপন কৰা হৈছে।

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

Click here to read PM's speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Budget 2026 aims to build job-ready, formal talent base, say experts

Media Coverage

Budget 2026 aims to build job-ready, formal talent base, say experts
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 3 ফেব্ৰুৱাৰী 2026
February 03, 2026

Modi Hai Toh Mumkin Hai: India Gains Competitive Boost in US Market, Slamming Doubters