প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাহৰেইন সাম্ৰাজ্যৰ ক্ৰাউন প্ৰিন্স আৰু প্ৰধানমন্ত্ৰী মহামহিম ছালমান বিন হামাড অল খালিফাৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰে। প্ৰিন্স ছালমানে ভাৰতৰ গণৰাজ্য দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী মোদীক শুভেচ্ছা জনায়।

দুয়োগৰাকী নেতাই ভাৰত আৰু বাহৰেইনৰ দ্বিপাক্ষিক সম্পৰ্ক পৰ্যবেক্ষণ কৰে আৰু এই সম্পৰ্কক লৈ সন্তুষ্টি ব্যক্ত কৰে। ভাৰত আৰু বাহৰেইনৰ মাজত ৰাজনীতি, ব্যৱসায়, বাণিজ্য, শক্তি, স্বাস্থ্য, সুৰক্ষা আদিৰ দৰে বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্ক অব্যাহত আছে। ভাৰত আৰু বাহৰেইনে ২০২১-২২ত কূটনৈতিক সম্পৰ্ক স্থাপনৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে মহামাৰী কভিড-১৯ৰ সময়ছোৱাত প্ৰৱাসী ভাৰতীয়সকলৰ যতন লোৱাৰ লগতে তেওঁলোকৰ সামাজিক-সাংস্কৃতিক অভাৱ দূৰ কৰাৰ বাবে বাহৰেইনৰ নেতৃত্ববৰ্গক ধন্যবাদ জ্ঞাপন কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Teachers: The artists of education

Media Coverage

Teachers: The artists of education
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 7 ছেপ্টেম্বৰ 2026
September 07, 2026

Vasudhaiva Kutumbakam in Action: Tech Hub, Border Villages, Global Leadership by PM Modi