22 lakh houses to be constructed in UP, 21.5 already approved, 14 lakh families already got their housing unit
Guru Saheb’s life and message inspires us to take on the challenges while following the path of service and truth: PM Modi
Uttar Pradesh is among the states that are moving the fastest on building houses for the poor: PM Modi
Aatmnirbhar Bharat is directly linked to the self-confidence of the country’s citizens and a house of one’s own enhances this self-confidence manifold: PM

প্ৰধানমন্ত্ৰী আবাস যোজনাত গ্ৰামীণ ক্ষেত্ৰত ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ ৬ লাখতকৈও অধিক উপভোক্তালৈ আৰ্থিক অনুদান মঞ্জুৰ কৰিছে। উপভোক্তাসকলৰ সৈতে তেওঁ কিছু আলাপ-আলোচনাও কৰে। অনুষ্ঠানত কেন্দ্ৰীয় গ্ৰামীণ উন্নয়ন মন্ত্ৰী, উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীও উপস্থিত থাকে।

প্ৰধানমন্ত্ৰীয়ে উপভোক্তাসকলক অভিনন্দন জনায় আৰু তাৰ লগতে গুৰু গোবিন্দ সিংৰ জন্ম দিৱস 'প্ৰকাশ পূৰব' উৎসৱ উপলক্ষে শুভেচ্ছা জনাইছে। প্ৰধানমন্ত্ৰীয়ে 'প্ৰকাশ পূৰব'- ত গুৰু গোবিন্দ সিংলৈ বিনম্ৰভাৱে শ্ৰদ্ধা নিবেদন কৰে। এই উৎসৱ উপলক্ষে তেওঁ দেশবাসীক শুভেচ্ছা জনাইছে। প্ৰধানমন্ত্ৰীয়ে কয় যে, তেওঁ অনুভৱ কৰে যে গুৰু চাহেবে তেওঁৰ প্ৰতি অত্যন্ত সদয় হৈ তেওঁক সেৱা কৰাৰ যথেষ্ট সুযোগ দিছে। গুৰু চাহেবৰ জীৱন আৰু বাৰ্তা আমাৰ সেৱা তথা সত্যৰ পথেৰে চলাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানবোৰ গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰে। সত্যৰ এই চেতনাৰ পৰাই উদ্বুদ্ধ হৈ গুৰু গোবিন্দ সিং-এ দেখুওৱা পথেৰেই দেশ আগুৱাই গৈছে বুলিও প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে।

প্ৰধানমন্ত্ৰীয়ে কয়, দৰিদ্ৰ - নিপীড়িত মানুহৰ জীৱনযাত্ৰাৰ মান উন্নয়নত অভূতপূৰ্ব কাম দেখা গৈছে। পাঁচবছৰ পূৰ্বে আগ্ৰাত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ আৰম্ভণিৰ কথা উল্লেখ কৰি তেওঁ কয়, ভাৰতৰ গাওঁৰ যি ছবি, সেয়া সলনি কৰিবৰ বাবেই এই যোজনাৰ সূচনা হৈছিল। যাৰ মাধ্যমেৰে দৰিদ্ৰ লোকসকলে এতিয়া একোটাকৈ ঘৰৰ মালিকানা লাভ কৰিবৰ বাবে আত্মবিশ্বাসী হৈছে।

তেওঁ কয়, এই প্ৰকল্পৰ সাৰ্থক ৰূপায়নৰ বাবে উত্তৰপ্ৰদেশ হৈছে দেশৰ এনে এখন ৰাজ্য, য’ত ৰাজ্য চৰকাৰে দ্ৰুততাৰে কাম কৰি গৈছে। ইতিমধ্যেই ৬ লাখ হিতাধিকাৰী পৰিয়ালৰ বেংক একাউন্টত মুঠ ২৬০০ কোটি টকা দিয়া হৈছে।

প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে, আত্মনিৰ্ভৰ ভাৰত সমগ্ৰ দেশৰ নাগৰিকৰ আত্মবিশ্বাসৰ সৈতে জড়িত আৰু নিজস্ব এটা ঘৰে সেই আত্মবিশ্বাস বহুগুণে বৃদ্ধি কৰিব। এটি স্ব- মালিকানাধীন ঘৰে জীবনত আশ্বাস আৰু দাৰিদ্ৰ্য মোচনত যথেষ্ট সহায় কৰে।

বিগত চৰকাৰৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, সেই সময়ত দৰিদ্ৰ লোকসকল আত্মবিশ্বাসী নাছিল যে, চৰকাৰে তেওঁলোকৰ বাবে ঘৰ নিৰ্মাণ কৰি দিব পাৰে। পূৰ্বৰ প্ৰকল্পবোৰত যি গৃহ নিৰ্মাণ কৰা হৈছে তাৰ গুণগত মানো ভাল নাছিল বুলি তেওঁ মন্তব্য কৰে। ভুল নীতিৰ চিকাৰ হ’বলগীয়া হৈছিল তেওঁলোক। বিগত কেইটামান বছৰৰ ভিতৰত গ্ৰামীণ এলেকাত ২ কোটি গৃহ নিৰ্মাণ কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে কয়, উত্তৰ প্ৰদেশত মুঠ ২২ লাখ গ্ৰামীণ আবাসগৃহ নিৰ্মাণ কৰি তোলা হ’ব। ইয়াৰ ভিতৰত ২১.৫ লাখ আবাসগৃহ নিৰ্মাণৰ বাবে ইতিমধ্যেই অনুমোদন দিয়া হৈছে। ইতিমধ্যেই ১৪.৫ লাখ পৰিয়ালে তেওঁলোকৰ ঘৰ লাভো কৰিছে।

প্ৰধানমন্ত্ৰীয়ে কয়, অতীতত কিছু তিক্ত অভিজ্ঞতাৰ কথা মনত ৰাখি কেবাটাও বিষয়ত জোৰ দিয়া হৈছে। যেনে, দৰিদ্ৰ কোনো পৰিয়াল, যিয়ে নিজ গৃহৰ মালিকানাৰ আশা হেৰুৱাই পেলাইছে, তেওঁলোকক অগ্ৰাধিকাৰ দিব লাগিব। দ্বিতীয়তে, প্ৰধানমন্ত্ৰী আবাস যোজনাত বাসস্থান আবণ্টনৰ ক্ষেত্ৰত স্বচ্ছতা ৰাখিব লাগিব। তৃতীয়তে, মালিকানা দিয়াৰ ক্ষেত্ৰত মহিলাসকলক অগ্ৰাধিকাৰ দিব লাগিব। চতুৰ্থতে, প্ৰযুক্তিৰ মাধ্যমেৰে তদাৰক কৰিব লাগিব। ইয়াৰ উপৰিও ঘৰবোৰত যেন সকলোবোৰ মৌলিক সা-সুবিধা সুসজ্জিত হৈ থাকে তাৰ প্ৰতি লক্ষ্য ৰাখিব। এই বাসস্থানবোৰ প্ৰদান কৰাৰ ফলত, যিসকল লোকে কেঁচা ঘৰত বসবাস কৰিছিল, যেনে স্থানীয় শ্ৰমিক, কৃষক অথবা ভূমিহীন শ্ৰমিক তেওঁলোক উপকৃত হৈছে। ভূমিহীন পৰিয়ালবোৰে ভূমিৰ নথিও পাইছে। ইয়াৰ সমান্তৰালকৈ দুৰ্নীতি নাইকিয়া কৰি হিতাধিকাৰীৰ একাউন্টত প্ৰত্যক্ষভাৱে ধন স্থানান্তৰ কৰা হৈছে। প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহবোৰৰ বেছিভাগেই পৰিয়ালৰ মহিলাসকলৰ নামত হোৱা বাবে মহিলাৰ সবলীকৰণৰ ক্ষেত্ৰতো ই এক উৎকৃষ্ট উদাহৰণ হৈ ৰৈছে বুলি উল্লেখ কৰে শ্ৰী মোদীয়ে।

প্ৰধানমন্ত্ৰীয়ে কয়, গাওঁ বা চহৰ অঞ্চলৰ সুবিধাবোৰৰ মাজৰ ব্যৱধান হ্ৰাস কৰা আৰু গ্ৰামীণ মানুহৰ জীৱন যাত্ৰাক নগৰকেন্দ্ৰিক কৰি তোলাৰ লক্ষ্যৰে আবাস যোজনাৰ ঘৰবোৰত শৌচাগাৰ, পোহৰৰ ব্যৱস্থা, খোৱাপানী আৰু গেছ সংযোগৰ দৰে মৌলিক সুবিধাবোৰ সংযুক্ত কৰা হৈছে। ইয়াৰ উদ্দেশ্য হৈছে দৰিদ্ৰলোকসকলে যাতে প্ৰাথমিক সুবিধা গ্ৰহণ কৰাৰ ক্ষেত্ৰত পিছপৰি থাকিবলগীয়া নহয়।

শ্ৰী মোদীয়ে লগতে কয়, প্ৰধানমন্ত্ৰী স্বামীত্ব যোজনাই গাওঁবাসীৰ জীৱন ধাৰাৰ উন্নয়নত এক গেম চেঞ্জাৰ হিচাপে কাম কৰিব। উত্তৰপ্ৰদেশ এনে এক অগ্ৰণী ৰাজ্য য’ত এই প্ৰকল্পটো প্ৰণয়ন কৰা হৈছে। এই প্ৰকল্পৰ অধীনত গাওঁবাসীয়ে ঘৰৰ মালিকানা সংক্ৰান্তীয় কাগজপত্ৰসহ তেওঁলোকৰ ভুমিও লাভ কৰিব। উত্তৰ প্ৰদেশৰ হাজাৰ হাজাৰ গাওঁত ভূমি জৰীপৰ বাবে দ্ৰোণ ব্যৱহাৰ কৰা হৈছে। মেপিং কৰা হৈছে যাতে জনগণৰ সম্পত্তি চৰকাৰৰ ওচৰত নিবন্ধিত হৈ থাকে আৰু ভূমি বিবাদৰ অৱসান ঘটে। প্ৰধানমন্ত্ৰীয়ে কয়, আবাস যোজনাৰ এক বৃহৎ দিশ হৈছে, আবণ্টিত ঘৰবোৰ বন্ধকত ৰাখি বেংকৰ পৰা ঋণ ল’বও পৰা যাব। তেওঁ কয় যে ৮ হাজাৰ ৫০০ খন গাওঁত ভূমি জৰীপৰ কাং শেষ হৈছে। জৰীপৰ পিছত গাওঁবাসীয়ে ডিজিটেল অনুজ্ঞাপত্ৰ লাভ কৰিছে, স্থানীয়ভাৱা যি 'ঘৰোনি' নামেৰে পৰিচিত। উত্তৰ প্ৰদেশত ইতিমধ্যেই ৫১ হাজাৰতকৈও অধিক অনুজ্ঞাপত্ৰ বিতৰণ কৰা হৈছে বুলি জনায় প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে, গ্ৰামীণ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত চৰকাৰে একাধিক প্ৰকল্প গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাই গ্ৰামীণ জনসাধাৰণৰ জীৱন অধিক সুচল কৰি তুলিছে। অপ্টিকেল ফাইবাৰৰ মাধ্যমেৰে ৬ লাখ গাওঁত ইন্টাৰনেট সেৱা প্ৰদান কৰা হৈছে। ইয়াৰ মাধ্যমেৰে গাওঁত কৰ্মসংস্থানৰ সুযোগ বৃদ্ধি পাইছে। ক’ৰোনাৰ সময়ত প্ৰব্ৰজনকাৰী শ্ৰমিকসকলক সাহায্যৰ বাবে গৰীব কল্যাণ ৰোজগাৰ অভিযানত ১০ কোটি কৰ্মসংস্থান সৃষ্টি কৰি উত্তৰ প্ৰদেশে দেশেৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয়, আয়ুষ্মান ভাৰত প্ৰকল্প, জাতীয় পুষ্টি মিশ্যন, উজ্বলা প্ৰকল্পৰ দৰে জীৱনযাত্ৰাৰ স্বাচ্ছন্দ্যৰ উন্নয়নত উত্তৰ প্ৰদেশ চৰকাৰৰ ভূমিকা উল্লেখযোগ্য। ইয়াৰ সমান্তৰালকৈ এক্সপ্ৰেছৱে বা এইমছৰ দৰে প্ৰকল্পবোৰে উত্তৰ প্ৰদেশৰ উন্নয়নত গতিৰ সৃষ্টি কৰিব বুলও তেওঁ উল্লেখ কৰে। উত্তৰ প্ৰদেশত আজি বহু ডাঙৰ ডাঙৰ সংস্থাই বিনিয়োগ কৰিবলৈ অহাৰ আঁৰত এই প্ৰকল্পবোৰ অন্যতম কাৰণ বুলি তেওঁ জনায়। প্ৰধানমন্ত্ৰীয়ে কয়, 'এক জিলা এক দ্ৰব্য'- ইয়াৰ মাধ্যমেৰে ক্ষুদ্ৰ সংস্থাবোৰৰ বাবে সুযোগ আছে য’ত স্থানীয় শিল্পীসকলে সুবিধা লাভ কৰিছে।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From Vajpayee to Modi: India’s growing influence at the G-7 Summit

Media Coverage

From Vajpayee to Modi: India’s growing influence at the G-7 Summit
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi highlights youth-led development and India's thriving innovation ecosystem
June 13, 2026
PM emphasizes the remarkable contributions of Yuva Shakti across diverse sectors and their growing impact on the global stage

Prime Minister Shri Narendra Modi today stated that the Government is strongly working towards youth-led development. He noted that one of the defining features of the last 12 years has been the confidence with which India’s youth have pursued their aspirations.

Shri Modi highlighted that through initiatives such as Startup India, Digital India, Skill India, and Atal Innovation Mission, an ecosystem has emerged that encourages innovation, entrepreneurship, and enterprise. The Prime Minister pointed out that today, India is among the world’s leading StartUp destinations and many of these success stories are being scripted by our Yuva Shakti, and that too from smaller towns and villages.

The Prime Minister observed that India’s youth are making their mark across various sectors, from science and technology to manufacturing, space, semiconductors, and drones. He expressed that it is heartening to see young Indians contributing to areas that will shape the future of the nation and the world.
Shri Modi emphasized that our youth have also brought immense glory to the nation in the field of sports, consistently enhancing national pride in numerous international competitions. He further stated that a stronger sporting ecosystem, better infrastructure, and greater support for athletes are creating new opportunities for young talent and encouraging them to pursue sports.

In a series of posts on X, the Prime Minister shared:

"The NDA Government is one that is strongly working towards youth-led development. One of the defining features of the last 12 years has been the confidence with which India’s youth have pursued their aspirations.

Through initiatives such as Startup India, Digital India, Skill India and Atal Innovation Mission, an ecosystem has emerged that encourages innovation, entrepreneurship and enterprise.

Today, India is among the world’s leading StartUp destinations and many of these success stories are being scripted by our Yuva Shakti and that too from smaller towns and villages.

#12YearsOfYuvaShakti”

“India’s youth are making their mark across various sectors, from science and technology to manufacturing, space, semiconductors and drones. It is heartening to see young Indians contributing to areas that will shape the future of our nation and the world.

Our youth have also brought immense glory to the nation in the field of sports. In numerous international competitions, young Indian athletes have consistently enhanced national pride.
At the same time, a stronger sporting ecosystem, better infrastructure and greater support for athletes are creating new opportunities for young talent and encouraging them to pursue sports.

#12YearsOfYuvaShakti"