India has entered the third decade of the 21st century with new energy and enthusiasm: PM Modi
This third decade of 21st century has started with a strong foundation of expectations and aspirations: PM Modi
Congress and its allies taking out rallies against those persecuted in Pakistan: PM

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্ণাটকৰ টুমকুৰৰ শ্ৰী সিদ্ধগংগা মঠ পৰিদৰ্শন কৰি শ্ৰী শ্ৰী শিৱকুমাৰ স্বামীজীৰ স্মাৰক সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰে৷

টুমকুৰৰ শ্ৰী সিদ্ধগংগাত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ২০২০ৰ আৰম্ভণিতে এনে এক পবিত্ৰভূমিত পদাৰ্পণ কৰিবলৈল পাই তেওঁ নিজকে সৌভাগ্যৱান অনুভৱ কৰিছে৷ শ্ৰী সিদ্ধগংগা মঠৰ পবিত্ৰ শক্তিয়ে যেন দেশৰ জনসাধাৰণৰ জীৱন উদ্ভাসিত কৰে, এইবুলি তেওঁ আশা প্ৰকাশ কৰে৷

তেওঁ কয়, ‘‘আমি সকলোৱে পূজ্য স্বামী শ্ৰী শ্ৰী শিৱকুমাৰজীৰ কায়িক অনুপস্থিতি অনুভৱ কৰিছো৷ মই ব্যক্তিগতভাৱে অনুভৱ কৰো যে তেওঁৰ ব্যক্তিত্ব প্ৰেৰণাদায়ী আছিল৷ তেওঁৰ সেই প্ৰেৰণাদায়ী ব্যক্তিত্বৰ ফলত এই পবিত্ৰভূমিয়ে দশকজুৰি সমাজক পথ প্ৰদৰ্শিত কৰি আহিছে৷’’

তেওঁ কয়, ‘‘শ্ৰী শ্ৰী শিৱকুমাৰজীৰ স্মৃতিত সংগ্ৰহালয় নিৰ্মাণৰ আধাৰশিলা স্থাপনৰ সুযোগ লাভ কৰি মই নিজকে সৌভাগ্যৱান বিবেচিত কৰিছো৷ এই সংগ্ৰহালয়ে কেৱল জনতাক উদ্বুদ্ধ কৰাই নহয়, ই সমাজ আৰু দেশকো উচিত পথ প্ৰদৰ্শিত কৰিব৷’’

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে একবিংশ শতিকাৰ তৃতীয়টো দশকত নতুন শক্তি আৰু উদ্দীপনাৰে প্ৰৱেশ কৰিছে৷
তেওঁ ৰাষ্ট্ৰবাসীক যোৱা দশকটো কিদৰে আৰম্ভ হৈছিল সেয়া স্মৰণ কৰিবলৈ আহ্বান জনায়৷ এই পৰিপ্ৰেক্ষিতত তেওঁ কয় যে একবিংশ শতিকাৰ তৃতীয়টো দশকে শক্তিশালী প্ৰত্যাশাৰ সৈতে অগ্ৰসৰ হৈছে৷

তেওঁ কয়, ‘‘এই প্ৰত্যাশা নতুন ভাৰতৰ বাবে৷ এই প্ৰত্যাশা আপোনালোকৰ সপোনৰ৷ এই প্ৰত্যাশা দেশৰ ভগ্নী আৰু জীয়ৰীসকলৰ৷ এই প্ৰত্যাশা দুখীয়া, বঞ্চিত, পিছপৰা তথা দেশৰ জনজাতি ভাইসকলৰ বাবে৷’’

‘‘এই প্ৰত্যাশাই ভাৰতক এক সামৰ্থশালী দেশ হিচাপে বিশ্ব দৰবাৰত শক্তিশালী হৈ উদ্ভাসিত হৈছে৷ ইয়াৰ জৰিয়তে প্ৰত্যেক ভাৰতীয়ৰে সমস্যা সমাধান কৰাৰ এক মানসিকতা প্ৰস্তুত হৈছে৷ সমাজৰ পৰা উদ্ভাসিত এই বাৰ্তাই আমাৰ চৰকাৰকো উৎসাহিত কৰিছে৷’’

প্ৰধানমন্ত্ৰীয়ে কয় যে পাকিস্তানৰ পৰা ভাৰতলৈ বিভিন্ন লোকে তেওঁলোকৰ প্ৰাণ ৰক্ষা কৰিবলৈ, তেওঁলোকৰ কন্যা সন্তানসকলৰ প্ৰাণ ৰক্ষা কৰিবলৈ পলাই আহিছিল৷ তেওঁ ইয়াকো কয় যে প্ৰত্যেক ভাৰতীয়ৰে মনত এটা প্ৰশ্নই গুঁজৰি-গুমৰি উঠিছে যে কিয় পাকিস্তানক কোনেও আঙুলি টোৱাই প্ৰশ্ন সুধিব পৰা নাই৷

ভাৰতৰ সংসদৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰাসকলক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘যদি আপোনালোক বিচলিত হৈছে তেন্তে যোৱা ৭০ বছৰৰ পাকিস্তানৰ কাৰ্যকলাপৰ বিৰুদ্ধে কণ্ঠ ঊৰ্ধগামী কৰক৷ এতিয়া পাকিস্তানক বিশ্ব দৰবাৰত উন্মুক্ত কৰাৰ সময় আহি পৰিছে৷ যদি আপোনালোকে শ্ল’গান দিবই লাগে তেন্তে পাকিস্তানত সংখ্যালঘূসকলে সন্মুখীন হোৱা উৎপীড়নৰ বিৰুদ্ধে শ্ল’গান দিয়ক৷ যদি আপোনালোকে সমদল উলিয়াবই লাগে তেন্তে পাকিস্তানত উৎপীড়নৰ সন্মুখীন হোৱা হিন্দু-দলিতসকলৰ সমৰ্থন সমদল উলিয়াওক৷’’

প্ৰধানমন্ত্ৰীয়ে সন্ত সমাজৰ পৰা ৩টা সংকল্পত সক্ৰিয় সহযোগিতা বিচাৰে৷

প্ৰথমটো, ব্যক্তিবিশেষৰ কৰ্তব্য আৰু দায়িত্বসমূহৰ পালনৰ জৰিয়তে ভাৰতৰ প্ৰাচীন ঐতিহ্য শক্তিশালী কৰা৷

দ্বিতীয়টো, প্ৰকৃতি আৰু পৰিবেশক সুৰক্ষা প্ৰদান কৰা৷

আৰু তৃতীয়টো, জল সংৰক্ষণ আৰু জল উপযোগিতাৰ সপক্ষে জন সজাগতা বৃদ্ধি কৰা৷

তেওঁ কয় যে ভাৰতে সদায়েই সন্ত, সাধু, গুৰুসকলক আলোকমুখী পথ প্ৰদৰ্শক হিচাপে বিবেচিত কৰি আহিছে৷

 

 

 

 

 

 

 

 

 

 

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India Inc's $3.4-trillion club: AI, IPL, defence are new wealth creators

Media Coverage

India Inc's $3.4-trillion club: AI, IPL, defence are new wealth creators
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Mr. Andy Jassy meets the Prime Minister
June 25, 2026

CEO of Amazon, Mr. Andy Jassy met with the Prime Minister Shri Narendra Modi, today, at New Delhi. Shri Modi remarked that Amazon's record $48 billion investment in India shows the growing interest across the world to invest in India.

The Prime Minister posted on X;

A great meeting with Mr. Andy Jassy. I welcome Amazon's record $48 billion investment in India. This will create new opportunities for our youth. At the same time, it shows the growing interest across the world to invest in India!

@amazon