Let our motto be Yoga for peace, harmony and progress: PM Modi
Yoga transcends the barriers of age, colour, caste, community, thought, sect, rich or poor, state and border: PM Modi
Yoga is both ancient and modern. It is constant and evolving: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাঁচীত আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে এক বিশাল যোগচৰ্চা অনুষ্ঠানত অংশগ্ৰহণ কৰে৷

যোগাভ্যাসৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰি কয় যে ‘‘আমাৰ যোগৰ মূলমন্ত্ৰ হওক শান্তি, সদভাৱ তথা উন্নতি৷’’

অনুষ্ঠানটোত সকলো সম্ভাষণ জনাই তেওঁ সংবাদ মাধ্যম, ছ’চিয়েল মিডিয়াই যোগাভ্যাসক প্ৰচাৰ কৰাত আগবঢ়োৱা অৱদানৰ শলাগ লয়৷ প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ আধুনিক যোগক চহৰৰ পৰা গাঁৱলৈ, দৰিদ্ৰ তথা জনজাতিৰ কাষলৈ লৈ যাব বিচাৰে৷ দৰিদ্ৰ আৰু জনজাতিসকলৰ বাবে যোগ জীৱনৰ অভিন্ন অংশ হিচাপে গ্ৰহণ কৰাত তেওঁ গুৰুত্ব প্ৰদান কৰি কয় যে কিয়নো তেওঁলোকে ৰোগত আক্ৰান্ত হ’লে অধিক লোকচান হয়৷

প্ৰধানমন্ত্ৰীয়ে কয় যে আজিৰ পৰিৱৰ্তিত সময়ত আমি ৰোগ প্ৰতিৰোধৰ উপৰিও কল্যাণৰ ফালেও গুৰুত্ব প্ৰদান কৰিব লাগে৷ তেওঁ কয় যে যোগে আমাক শক্তি প্ৰদান কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে যোগ মানে কেৱল আমি মজিয়াত অথবা মেটৰ ওপৰত কৰা কাৰ্যসূচীয়েই নহয়৷ তেওঁ কয় যে যোগ মানে অনুশাসন, উৎসৰ্গা তথা ইয়াক আমি দৈনন্দিন অভ্যাস কৰিব লাগে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে যোগ বয়স, বৰ্ণ, জাতি, ধনী, দুখীয়া, ৰাজ্য, সীমা আদিৰ সকলোৰে ঊৰ্ধত৷ তেওঁ কয় যে যোগ সকলোৰে বাবে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে আজি শোৱনি কক্ষৰ পৰা ব’ৰ্ড কক্ষ, পাৰ্কৰ পৰা ক্ৰীড়াংগন, পথৰ পৰা কল্যাণ কেন্দ্ৰলৈ, সকলোতে যোগে আধিপত্য বিস্তাৰ কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে আজি শোৱনি কক্ষৰ পৰা ব’ৰ্ড কক্ষ, পাৰ্কৰ পৰা ক্ৰীড়াংগন, পথৰ পৰা কল্যাণ কেন্দ্ৰলৈ, সকলোতে যোগে আধিপত্য বিস্তাৰ কৰিছে৷

শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে যোগ প্ৰাচীনো তথা ই আধুনিকো৷ ই ধ্ৰুৱকো আৰু ই পৰিৱৰ্তনশীলো৷

শতিকাজুৰি যোগ একেই আছে, ই আমাৰ শৰীৰ স্বাস্থ্যৱান কৰি ৰাখে, একতাৰ ভাৱ জগাই তোলে, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷ তেওঁ কয় যে যোগ হ’ল জ্ঞান, কৰ্ম আৰু ভক্তিভাৱৰ সংমিশ্ৰণ৷

প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্বই যোগক আকোৱালি লোৱাৰ পৰিপ্ৰেক্ষিতত এই সম্বন্ধীয় গৱেষণাসমূহত আমি গুৰুত্ব দিয়া উচিত৷ যোগক চিকিৎসা, ফিজিঅ’থেৰাপী আৰু কৃত্ৰিম বুদ্ধিমতা আদি বিষয়সমূহৰ সৈতে সংযুক্ত কৰা উচিত বুলি তেওঁ মন্তব্য কৰে৷

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Lakshadweep Tourist Numbers Soar After PM Modi’s Appeal, Maldives Sees Sharp Dip In Indian Visitors

Media Coverage

Lakshadweep Tourist Numbers Soar After PM Modi’s Appeal, Maldives Sees Sharp Dip In Indian Visitors
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 20 মে’ 2026
May 20, 2026

Strategic Diplomacy Meets Rural Power: PM Modi Forges Indo-Mediterranean Bonds While Empowering Village India