The NDA Government is giving great priority to the health sector, so that everyone is healthy and healthcare is affordable: PM Modi
The speed and scale at which Mission Indradhanush is working is setting a new paradigm in preventive healthcare, says the Prime Minister
Our Government is committed to TB elimination by 2025: PM Narendra Modi

মাডুৰাই আৰু তামিলনাডুৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ স্বাস্থ্যসেৱা ব্যৱস্থালৈ বৃহৎ উদগণি কঢ়িয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মাডুৰাইত এইমছৰ আধাৰশিলা স্থাপন কৰাৰ লগতে আন কেইবাটাও প্ৰকল্প উদ্বোধন কৰে৷

নতুন এইমছখন মাডুৰাইৰ থোপ্পুৰত স্থাপন কৰা হ’ব৷ ইয়ে অঞ্চলটোত উন্নত স্বাস্থ্যসেৱা, চিকিৎসা শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰখনক এক নতুন মাত্ৰা প্ৰদান কৰিব৷ এই স্থানত অৱস্থিত হোৱা বাবে এইমছখনে দক্ষিণ তামিলনাডুৰ পিছপৰা জিলাসমূহৰ ৰাইজক বিশেষভাৱে উপকৃত কৰিব পাৰিব৷

মাডুৰাইত গোট খোৱা বৃহৎ পৰিমাণৰ জনসমাগমক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয়, ‘মাডুৰাইত আজি এইমছ মুকলিয়ে আমাৰ এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ সপোনক প্ৰতিফলিত কৰে৷ দিল্লীৰ এইমছ প্ৰতিষ্ঠানে স্বাস্থ্যসেৱা খণ্ডত এক ব্ৰেণ্ড নাম হিচাপে পৰিচিত হৈছে৷ মাডুৰাইত এইমছৰ আধাৰশিলা স্থাপন কৰি আমি ক’ব পাৰো স্বাস্থ্যখণ্ডৰ এই ব্ৰেণ্ড কাশ্মীৰৰ পৰা মাডুৰাই, গুৱাহাটীৰ পৰা গুজৰাটলৈ—দেশৰ প্ৰতিটো প্ৰান্তলৈ লৈ যোৱা হ’ব৷ মাডুৰাইৰ এইমছ প্ৰতিষ্ঠানে সমগ্ৰ তামিলনাডুৰ জনসাধাৰণক উপকৃত কৰিব৷’

প্ৰধানমন্ত্ৰীয়ে লগতে মাডুৰাইৰ ৰাজাজী মেডিকেল কলেজ, থানঝাভূৰ মেডিকেল কলেজ আৰু তিৰুনেলভেলি মেডিকেল কলেজৰ ছুপাৰ স্পেচীয়েলিটী ব্ল’ক প্ৰধানমন্ত্ৰী স্বচ্ছ সুৰক্ষা যোজনাৰ অধীনত উদ্বোধন কৰে৷ এই যোজনাৰ লক্ষ্য হ’ল দেশৰ ৭৩খন মেডিকেল কলেজৰ উন্নীতকৰণ৷

স্বাস্থ্য খণ্ডৰ প্ৰতি চৰকাৰৰ গুৰুত্বৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিগৰাকী ব্যক্তিক স্বাস্থ্যৱান কৰি ৰখা আৰু স্বাস্থ্যসেৱা সুলভ কৰা আমাৰ চৰকাৰৰ প্ৰধান লক্ষ্য৷ মিছন ইন্দ্ৰধনুষ, প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আৰু প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযান আদিৰ দৰে আঁচনিয়ে ক্ষিপ্ৰতাৰে স্বাস্থ্যসেৱা উন্নত কৰিছে৷ যোৱা চাৰি বছৰত দেশত মেডিকেল আসনৰ সংখ্যা ৩০%লৈ বৃদ্ধি পাইছে৷

আয়ুস্মান ভাৰত সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে এই আঁচনিৰ অধীনত তামিলনাডুৰ ১ কোটি ৫৭লাখ লোক জড়িত হৈছে৷ মাত্ৰ তিনি মাহৰ ভিতৰতে তামিলনাডুৰ প্ৰায় ৮৯০০ লোকে আঁচনিখনৰদ্বাৰা উপকৃত হৈছে আৰু চিকিৎসালয়ত ভৰ্তি হোৱা ৰাজ্যখনৰ ৰোগীৰ বাবে ২০০ কোটিৰো অধিক ধন মুকলি কৰি দিয়া হৈছে৷ তামিলনাডুত ইতিমধ্যে ১৩২০ টা স্বাস্থ্য আৰু আৰোগ্য কেন্দ্ৰ মুকলি হোৱাক লৈ তেওঁ সন্তুষ্টি ব্যক্ত কৰে৷

প্ৰধানমন্ত্ৰীয়ে আজি ৰাজ্যখনত ১২ টা ডাকঘৰ পাছপ’ৰ্ট সেৱা কেন্দ্ৰও উদ্বোধন কৰে৷ তেওঁ কয় ‘দেশৰ নাগৰিকৰ জীৱন-ধাৰণৰ মান উন্নত কৰাৰ এয়া আন এক উদাহৰণ৷’

মাডুৰাইৰ পৰা তেওঁ কোচি অভিমূখে ৰাওনা হয়৷

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Labour reforms: Govt fully operationalises four new codes by publishing rules

Media Coverage

Labour reforms: Govt fully operationalises four new codes by publishing rules
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister meets Andhra Pradesh Chief Minister Shri N. Chandrababu Naidu and his family in Hyderabad
May 10, 2026

The Prime Minister, Shri Narendra Modi met the Chief Minister of Andhra Pradesh, Shri N. Chandrababu Naidu, and his family at his residence in Hyderabad today.

The Prime Minister said that it is always a delight to meet Shri Chandrababu Naidu and his family and exchange views on a wide range of subjects and diverse topics.

The Prime Minister wrote on X;

“In Hyderabad, went to Andhra Pradesh Chief Minister Shri Chandrababu Naidu Garu’s residence and met him along with his family. It’s always a delight to meet them and exchange views on so many diverse topics.

@ncbn”