Those who sacrificed their lives for nation security will continue to live in our hearts: PM Modi
Vande Bharat Express is a successful example of #MakeInIndia initiative: PM Modi
Our efforts are towards making a modern Kashi that also retains its essence: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৱাৰাণসীত ৩৩৫০ কোটি মূল্যৰ উন্নয়নমূলক প্ৰকল্প মুকলি কৰে৷ এই প্ৰকল্পসমূহ স্বাস্থ্য, শৌচালয়, স্মাৰ্ট চিটী, যোগাযোগ ব্যৱস্থা, বিদ্যুৎ, আৱাসগৃহ আৰু আন খণ্ডৰ সৈতে জড়িত৷ উত্তৰ-প্ৰদেশৰ ৰাজ্যপাল শ্ৰী ৰাম নাইক, মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ আৰু আন কেইবাগৰাকীও গণ্যমান্য ব্যক্তি অনুষ্ঠানত উপস্থিত থাকে৷

আৰম্ভণিতে প্ৰধানমন্ত্ৰীয়ে পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুওৱা ৱাৰাণসীৰ বীৰ শ্বহীদ স্বৰ্গীয় ৰমেশ যাদৱৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে৷

ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ চৰকাৰে উন্নয়নক গতি প্ৰদান কৰিবলৈ দুই দিশত কাম কৰি আছে৷ প্ৰথমটো হ’ল ৰাষ্ট্ৰীয় ঘাইপথ, ৰেলৱে’ আদিৰ দৰে আন্তঃগাথনি নিৰ্মাণৰ সৈতে জড়িত আৰু আনটো হ’ল উন্নয়নমূলক আঁচনিৰ উপযোগিতা জনসাধাৰণৰ বাবে নিশ্চিত কৰা৷

আজি মুকলি কৰা প্ৰকল্পসমূহৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে কয় যে ৱাৰাণসীক নিউ ইণ্ডিয়াৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰস্থল হিচাপে গঢ়ি তোলাৰ এয়া এক প্ৰয়াস৷ মেক ইন ইণ্ডিয়াৰ অধীনত ৱাৰাণসীত আজি মুকলি কৰা ল’কোম’টিভ ট্ৰেইনে ভাৰতীয় ৰেলৱে’ৰ সক্ষমতা আৰু গতি বৃদ্ধি কৰিব৷ তেওঁ পুনৰ কয় যে যোৱা চাৰে চাৰি বছৰত ৰেলৱে’ খণ্ডৰ পৰিৱৰ্তনৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ হাতত লৈছে৷ ভাৰতৰ প্ৰথম ছেমি হাই-স্পীড ৰেলগাড়ী বন্দে ভাৰত এক্সপ্ৰেছ ইয়াৰে এক অন্যতম উদাহৰণ৷

 

প্ৰধানমন্ত্ৰীয়ে বিভিন্ন আঁচনিৰ উপভোক্তাৰ মাজত প্ৰমাণ পত্ৰও বিতৰণ কৰে৷ আইআইটি বেনাৰছৰ ১০০বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে তেওঁ এক স্মাৰক ডাক টিকট উন্মোচন কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে, বেনাৰছ কৰ্কট কেন্দ্ৰ আৰু লাহাৰতাৰাৰ ভাবা কৰ্কট হস্পিতালে বিহাৰ, ঝাৰখণ্ড, চত্তীশগড় আৰু ইয়াৰ নিকটৱৰ্তী ৰাজ্যসমূহৰ ৰোগীক উন্নত চিকিৎসা সেৱা আগবঢ়াব৷

আয়ুষ্মান ভাৰত সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে উত্তৰ-প্ৰদেশত প্ৰায় ৩৮ হাজাৰ লোকে এইপৰ্যন্ত এই আঁচনিৰদ্বাৰা উপকৃত হৈছে আৰু ৰাজ্যখনৰ অতি কমেও ১ কোটি ২০ লাখ পৰিয়ালক আয়ুষ্মান ভাৰত আঁচনিয়ে সাঙুৰি ল’ব৷

তেওঁ কয় যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাই উত্তৰ-প্ৰদেশত প্ৰায় ২.২৫ কোটি দৰিদ্ৰ কৃষকক উপকৃত কৰিছে৷

গোধনৰ সংৰক্ষণ আৰু উন্নয়নৰ বাবে কাম কৰা ৰাষ্ট্ৰীয় কামধেনু আয়োগৰ কথাও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷

তেওঁ আশা প্ৰকাশ কৰে যে ৱাৰাণসীত আজি আধাৰশিলা স্থাপন হোৱা প্ৰকল্পসমূহ সময়মতে সম্পূৰ্ণ হৈ উঠিব৷

শেষত প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে দিব্যাংগসকললৈ সাহায্য বিতৰণ অনুষ্ঠানত উপস্থিত থাকে৷ অনুষ্ঠানত তেওঁ জনসাধাৰণক চত্ৰপতি শিৱাজী মহাৰাজ জয়ন্তীৰ শুভেচ্ছাও জ্ঞাপন কৰে৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
States benefit from GST reform

Media Coverage

States benefit from GST reform
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Unnati Sharma on winning Bronze in Women’s 63 kg Judo
August 02, 2026

The Prime Minister, Shri Narendra Modi, has congratulated Unnati Sharma on winning the Bronze medal in the Women’s 63 kg Judo category at the Commonwealth Games 2026.

The Prime Minister said that Unnati Sharma’s commitment and determination were clearly visible throughout the competition.

Shri Modi wished her continued success in all her future endeavours.

The Prime Minister wrote on X;

“More glory for India in Judo!

Congratulations to Unnati Sharma for winning the Bronze Medal in the Women's 63 kg category at the Commonwealth Games 2026. Her commitment and determination were clearly visible during the games. May she keep excelling in all her forthcoming endeavours.

#CWG2026”