Jharkhand: PM inaugurates and laid the foundation of a slew of projects in the health, education, water supply and sanitation sectors
The Central government is focusing on the health of the people of Jharkhand: PM
There were only three medical colleges since independence in the state before and now three more have been added: PM in Jharkhand

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৭ জানুৱাৰী, ২০১৯ত ঝাৰখণ্ডৰ হাজাৰিবাগ ভ্ৰমণ কৰে৷ ঝাৰখণ্ডত তেওঁ একাধিক উন্নয়নমূলক প্ৰকল্প মুকলি কৰে৷ অনুষ্ঠানত ঝাৰখণ্ডৰ ৰাজ্যপাল শ্ৰীমতী দ্ৰৌপদী মূৰ্মূ, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জয়ন্ত সিনহা আৰু ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰী ৰঘুবৰ দাসো উপস্থিত থাকে৷

এই উপলক্ষে আগবঢ়োৱা ভাষণৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীয়ে কয়, “দেশৰ বাবে প্ৰাণ আহুতি দিয়া ঝাৰখণ্ডৰ সাহসী সন্তান শ্ৰী বিজয় ছোৰেঙৰ প্ৰতি মই শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো৷ প্ৰতিটো খোজতে আমি শ্বহীদৰ পৰিয়ালবৰ্গৰ যত্ন ল’ব লাগিব৷”

প্ৰধানমন্ত্ৰীয়ে ডুমকাৰ হাজাৰিবাগ আৰু পালামুত চিকিৎসা মহাবিদ্যালয় উদ্বোধন কৰে৷ ২০১৭ত প্ৰধানমন্ত্ৰীয়ে এই মহাবিদ্যালয়সমূহৰ আধাৰশিলা স্থাপন কৰিছিল৷ নতুন মহাবিদ্যালয়সমূহৰ বাবে ৮৮৫ কোটি টকা ব্যয় কৰা হয়৷ প্ৰতিখন মহাবিদ্যালয়ৰ চৌহদ দিব্যাংগসকলৰ উপযোগীকৈ নিৰ্মাণ কৰা হৈছে৷ ইয়াৰ অত্যাধূনিক সা-সুবিধাৰ জৰিয়তে ঝাৰখণ্ডৰ ১১খন জিলাৰ ১.৫ কোটি লোক উপকৃত হ’ব৷ প্ৰধানমন্ত্ৰীয়ে কয়, “এয়াই সেই ঝাৰখণ্ডৰ ভূমি, য’ত আয়ুষ্মান ভাৰত যোজনাৰ শুভাৰম্ভ কৰা হৈছিল, যাৰদ্বাৰা ঝাৰখণ্ডৰ লগতে ভাৰতৰ লাখ লাখ লোক উপকৃত হৈছে৷ তদুপৰি, আমি ৰাজ্যখনৰ চিকিৎসা খণ্ডৰ আন্তঃগাঁথনি উন্নয়নৰ দিশত ধাৰাবাহিকভাৱে প্ৰচেষ্টা হাতত লৈ আহিছো৷” তেওঁ লগতে হাজাৰিবাগ, ডুমকা, পালামু আৰু জামছেদপুৰত ৫০০খন বিচনাযুক্ত চাৰিখন চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে স্বাস্থ্য আৰু বিশুদ্ধ খোৱাপানী দুয়োটাই অবিচ্ছেদ্য৷ ঝাৰখণ্ডত মুকলি কৰা পানীৰ প্ৰকল্পটোৱে ইয়াৰ লোকসকলৰ সু-স্বাস্থ্য সুনিশ্চিত কৰিব৷ প্ৰধানমন্ত্ৰীয়ে ৰামগড় আৰু হাজাৰিবাগ জিলাত চাৰিখন গ্ৰাম্য পানী যোগান আঁচনি উদ্বোধন কৰে৷ প্ৰধানমন্ত্ৰীয়ে এই দুয়োখন জিলাৰ বিশেষকৈ পিছপৰা জনজাতি সম্প্ৰদায়ৰ লোকসকলৰ বসতিপ্ৰধান অঞ্চলৰ বাবে অতিৰিক্ত ৬খন গ্ৰাম্য পানী যোগান আঁচনিৰো আধাৰশিলা স্থাপন কৰে৷ তেওঁ হাজাৰিবাগত নগৰীয়া পানী যোগান আঁচনিৰো আধাৰশিলা স্থাপন কৰে৷ ৫০০ কোটি টকা ব্যয়সাপেক্ষ এই পানী যোগান আঁচনিৰ জৰিয়তে হাজাৰিবাগৰ ৫৬,০০০পৰিয়ালক বিশুদ্ধ পানী যোগান ধৰিব৷

 প্ৰধানমন্ত্ৰীয়ে নমামি গংগা প্ৰচেষ্টাৰ অধীনত ছাহিবগঞ্জ আৱৰ্জনা নিষ্কাষণ প্লাণ্ট আৰু মধুসূদন ঘাটো উদ্বোধন কৰে৷

প্ৰধানমন্ত্ৰীয়ে কৃষকে ই-নামৰ অধীনত ম’বাইল ফোন ক্ৰয় কৰাৰ বাবে ডিবিটি আঁচনিৰ শুভাৰম্ভণি উপলক্ষে একাংশ নিৰ্বাচিত হিতাধিকাৰীক চেকো বিতৰণ কৰে৷ এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে কয়, “এই আঁচনিৰ জৰিয়তে ২৭ লাখ কৃষক উপকৃত হ’ব৷ এই স্মাৰ্ট ফোনৰ সহায়ত তেওঁলোকে বতৰ সম্পৰ্কীয় তথ্য লাভ কৰাৰ উপৰি শস্যৰ দাম, চৰকাৰৰ আঁচনি আৰু কৃষিৰ নতুন পদ্ধতিসমূহৰ বিষয়েও জানিব পাৰিব৷”

প্ৰধানমন্ত্ৰীয়ে ৰামগড়ত একমাত্ৰ মহিলা অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ উদ্বোধন কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে এইখন হৈছে পূব ভাৰতৰ প্ৰথমখন আৰু সমগ্ৰ ভাৰতৰ তৃতীয়খন এনে মহাবিদ্যালয়, য’ত কেৱল মহিলাই অভিযান্ত্ৰিক পাঠ্যক্ৰমত অধ্যয়ন কৰে৷ হাজাৰিবাগৰ আচাৰ্য বিনোৱা ভাৱে বিশ্ববিদ্যালয়ত জনজাতি সম্পৰ্কীয় অধ্যয়ন কেন্দ্ৰৰ আধাৰশিলাও স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে৷ তেওঁ কয় যে এই প্ৰতিষ্ঠানটি জনজাতীয় ৰীতি-নীতি আৰু সংস্কৃতিৰ জ্ঞানৰ ভাণ্ডাৰ হোৱাৰ লগতে ইয়াৰ সম্প্ৰসাৰিত কৰাত সহায় কৰিব৷ প্ৰধানমন্ত্ৰীয়ে কয় যে ‘সবকা সাথ, সবকা বিকাশ’ নীতিয়ে দুখীয়া, মহিলা, যুৱক-যুৱতী আৰু জনজাতি ইত্যাদি সমাজৰ সকলো শ্ৰেণীকে সবলীকৰণ কৰিছে৷ মহিলা আৰু জনজাতিসকলৰ বাবে মহাবিদ্যালয় স্থাপনো এই প্ৰচেষ্টাৱলীৰে অংশ৷

চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীক গাখীৰ প্ৰদানৰ কানহা দুগ্ধ আঁচনিৰ শুভাৰম্ভণিৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে একাংশ নিৰ্বাচিত শিক্ষাৰ্থীক পেকেট গাখীৰো বিতৰণ কৰে৷ ইয়াৰ অধীনত প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে ২০০ মিলিলিটাৰকৈ গাখীৰ লাভ কৰিব, যাৰ দ্বাৰা তেওঁলোকে অপুষ্টিৰ বিৰুদ্ধে যুঁজিব পাৰিব৷ প্ৰধানমন্ত্ৰীয়ে কয়, “মই আশা কৰো, প্ৰতিগৰাকী শিশুৱে তেওঁলোকৰ সক্ষমতাক উপলব্ধি কৰিব আৰু আমাৰ দেশক গৌৰৱান্বিত কৰিব৷”

প্ৰধানমন্ত্ৰীয়ে পুনৰ কয় যে তেওঁৰ চৰকাৰে আমাৰ স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰা জনজাতীয় বীৰসকলৰ স্মৃতি সংৰক্ষণ আৰু প্ৰচাৰৰ ক্ষেত্ৰত প্ৰচেষ্টা গ্ৰহণ কৰি আহিছে৷ এই ক্ষেত্ৰত ঝাৰখণ্ডৰ বীৰছামুণ্ডা সংগ্ৰহালয়ো অন্যতম৷

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s auto sales hit record high in Q1; PVs log 26% growth: SIAM

Media Coverage

India’s auto sales hit record high in Q1; PVs log 26% growth: SIAM
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam seeking blessings of Lord Jagannath
July 16, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam, seeking blessings of Lord Jagannath on the sacred occasion of Rath Yatra:

“देवदेव जगन्नाथ सुरासुरनमस्कृत।

पुण्यश्लोकाव्ययानन्त परमात्मन्नमोऽस्तु ते॥"

Shri Modi also expressed the hope that the divine grace of Lord Jagannath would infuse new energy into the lives of all countrymen.

The Prime Minister posted on X:

महाप्रभु जगन्नाथ की रथ यात्रा के पावन अवसर पर मेरी कामना है कि उनका आशीर्वाद हम सभी पर सदैव बना रहे। उनकी दिव्य कृपा से सभी देशवासियों के जीवन में नई ऊर्जा का संचार हो।

देवदेव जगन्नाथ सुरासुरनमस्कृत।

पुण्यश्लोकाव्ययानन्त परमात्मन्नमोऽस्तु ते॥