Youngsters are filled with energy and enthusiasm... What they need is encouragement, mentorship and institutional support: PM Modi 
Intent leads to ideas, ideas have the power to drive innovation and innovation ultimately will lead to the creation of a New India: PM Modi 
Never stop dreaming and never let the dreams die. It is good for children to have high curiosity quotient: PM 
Need of the hour for is to innovate and come up with solutions to the problems the world faces. Innovate to transform lives of the commons: PM Modi to youngsters 
Thank PM of Israel for the desalinisation motorable machine, it will benefit people in border areas: PM Modi

প্ৰধানমন্ত্ৰী মোদী আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহুয়ে আজি আহমেদাবাদৰ সমীপৱৰ্তী গাঁৱত প্ৰতিষ্ঠা কৰা এটা আইক্ৰিয়েট সুবিধাসম্পন্ন কেন্দ্ৰ দেশবাসীৰ নামত উচৰ্গা কৰে। আইক্ৰিয়েট হৈছে এটা স্বতন্ত্ৰ কেন্দ্ৰ, যাৰ উদ্দেশ্য হৈছে খাদ্য সুৰক্ষা, পানী, যোগাযোগ, চাইবাৰ নিৰাপত্তা, তথ্য-প্ৰযুক্তি আৰু ইলেক্ট্ৰনিকছ, শক্তি, বায়’-মেডিকেল সা-সামগ্ৰী তথা সঁজুলি ইত্যাদিৰ দৰে প্ৰধান সমস্যাৰ সমাধান দিব পৰাকৈ সৃষ্টিশীলতা, নতুনত্ব, কাৰিকৰী, প্ৰডাক্ট ডিজাইন আৰু উন্নত প্ৰযুক্তিৰ ব্যৱস্থা কৰা। উন্নত মানৰ উদ্যোগী গঢ় দিব পৰাকৈ ভাৰতৰ পৰিস্থিতিতন্ত্ৰৰ উন্নয়ন সাধন কৰাটোৱেই আইক্ৰিয়েটৰ লক্ষ্য।

দুয়োগৰাকী নেতাই বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত প্ৰযুক্তি আৰু উদ্ভাৱনক আলোকপাত কৰা বহুতো বিপনী পৰিদৰ্শন কৰে।

এই উপলক্ষে সমবেত ৰাইজক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত আৰু ইজৰাইলৰ লোকসকলক অধিক ওচৰ চপাই অনাত নতুনত্ব উদ্ভাৱনে মুখ্য ভূমিকা পালন কৰিছে। তেওঁ কয় যে সমগ্ৰ বিশ্বই বৰ্তমান ইজৰাইলৰ প্ৰযুক্তিগত দক্ষতা আৰু সৃজনীশীলতাক অনুসৰণ কৰিছে।

তেওঁ কয় ভাৰতৰ যুৱক-যুৱতীসকলৰ শক্তি আৰু উদ্দীপনা সকলো আছে। বৰ্তমান এই যুৱক-যুৱতীসকলক মাথো অকনমান উৎসাহ আৰু প্ৰতিষ্ঠানগত সমৰ্থনৰ প্ৰয়োজন বুলি লগতে কয় প্ৰধানমন্ত্ৰী।

প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে সমগ্ৰ ব্যৱস্থাটো নতুনত্বৰ অনুকূল কৰি তোলাৰ দিশত কাম কৰি আছে, যাতে যিকোনো এজন লোকেই ধাৰণা গঢ় দিব পাৰে; এই ধাৰণাই নতুনত্বৰ গঢ় দিয়ে; আৰু এই নতুনত্বই এখন নতুন ভাৰত গঢ়াত সহায় কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে সফলতাৰ বাবে প্ৰথম প্ৰয়োজন হৈছে সাহস। তেওঁ আইক্ৰিয়েট কেন্দ্ৰত উদ্ভাৱনীমুলক কাম-কাজত জড়িত সাহসী যুৱক-যুৱতীসকলক অভিনন্দন জ্ঞাপন কৰে।

কালিদাসৰ বাণীৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে ৰীতি-নীতি আৰু নতুনত্ব উদ্ভাৱনৰ মাজত থকা দ্বিধাবোধৰ সন্দৰ্ভত উল্লেখ কৰে। তেওঁ ভাৰতৰ যুৱ প্ৰজন্মক দেশে বৰ্তমান সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ মোকাবিলা কৰিব পৰা তথা কম খৰচতে সাধাৰণ লোকসকলে জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিব পৰা অভিনৱ উদ্ভাৱন কৰিবলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু ইজৰাইলৰ মাজত খাদ্য, পানী, স্বাস্থ্য আৰু শক্তিখণ্ডৰ দৰে দিশত নতুনত্ব উদ্ভাৱনৰ ক্ষেত্ৰত সহযোগিতাৰ সন্দৰ্ভত ভাষণত উল্লেখ কৰে। তেওঁ কয় দুয়োখন দেশৰ মাজৰ এই সহযোগিতাই একবিংশ শতিকাৰ মানৱ জাতিৰ ইতিহাসত এক নতুন অধ্যায়ৰ ৰচনা কৰিছে।

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Proud Moment For Every Indian: PM Modi On Sarnath Being Inscribed On UNESCO World Heritage List

Media Coverage

Proud Moment For Every Indian: PM Modi On Sarnath Being Inscribed On UNESCO World Heritage List
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses gratitude to brave soldiers on Kargil Vijay Diwas
July 26, 2026

Prime Minister Shri Narendra Modi today stated that on Kargil Vijay Diwas, our nation expresses gratitude to the brave soldiers for their extraordinary courage and commitment towards securing India.

The Prime Minister noted that their valour in the face of the most formidable conditions will forever remain a source of national pride. He observed that their unwavering patriotism and devotion to duty will continue to inspire generations.

In a post on X, the Prime Minister shared:

"On Kargil Vijay Diwas, our nation expresses gratitude to the brave soldiers for their extraordinary courage and commitment towards securing India. Their valour in the face of the most formidable conditions will forever remain a source of national pride. Their unwavering patriotism and devotion to duty will continue to inspire generations."