We will strengthen the existing pillars of cooperation in areas that touch the lives of our peoples. These are agriculture, science and technology, and security: PM Modi
PM Modi invites Israeli companies to take advantage of the liberalized FDI regime to make more in India with Indian companies
We are working with Israel to make it easier for our people to work and visit each other’s countries, says PM Modi
Thriving two-way trade and investment is an integral part of our vision for a strong partnership, says PM Modi during Joint press Statement with Israeli PM
In Prime Minister Netanyahu, I have a counter-part who is equally committed to taking the India-Israel relationship to soaring new heights: PM Modi

মাননীয় প্রধানমন্ত্রী বেঞ্জামিন নেতান্যাহু,

সংবাদ মাধ্যমেৰ সদস্যসকল,

প্রধানমন্ত্রী বেঞ্জামিন নেতান্যাহু’ৰ প্রথম ভাৰত ভ্ৰমণ উপলক্ষে তেওঁক আদৰণি জনাবলৈ পাই মই অতিশয় আনন্দিত।

येदीदीहायाकर, बरूख़िमहाबायिमलेहोदू!

(হে সুহৃদ, আপোনাক ভাৰতলৈ স্বাগত জনাইছো!)

মাননীয় প্রধানমন্ত্রী, আপোনাৰ এই ভ্ৰমণ ভাৰত-ইজৰায়লৰ বন্ধুত্বপূৰ্ণ সম্পর্কৰ যাত্রাপথত এক বহু প্রতীক্ষিত মুহূর্ত।

ভাৰত আৰু ইজৰাইলৰ মাজত কূটনৈতিক সম্পর্কৰ ২৫তম বর্ষপূৰ্তিৰ এক স্মাৰক হিচাবে আপোনাৰ এই ভ্ৰমণসূচী যথার্থ হৈছে।

২০১৮ চনত আমাৰ প্রথমগৰাকী সন্মানীয় অতিথি হিচাপে আপোনাৰ এই ভ্ৰমণ আমাৰ নতুন বছৰৰ বর্ষপঞ্জীৰ এক বিশেষ উপলক্ষ। এয়া এনে এক শুভক্ষণত আয়োজিত হৈছে, য’ত সকলো ভাৰতবাসী বসন্তৰ আগমন, পুনৰুজ্জীৱন, আশা আৰু শস্য চপোৱাৰ উৎসৱ আনন্দৰে পালন কৰিছে। লহৰি, বিহু, মকৰ সংক্রান্তি আৰু পোংগল উদযাপন ভাৰতৰ ঐক্য আৰু বৈচিত্র্যৰ এক উজ্জ্বল বহিঃপ্রকাশ।

  • বন্ধুসকল,

    যোৱা বছৰৰ জুলাই মাহত মই ১২৫ কোটি ভাৰতবাসীৰ মৈত্রী আৰু অভিনন্দন বার্তা লৈ মোৰ অতি গুৰুত্বপূৰ্ণ ইজৰাইল ভ্ৰমণ কৰিছিলো। ইয়াৰ বিনিময়ত মোৰ বন্ধু বিবিৰ নেতৃত্বত ইজৰাইলৰ জনগণৰ পৰা উদাৰ তথা উষ্ণ আৰু আদৰ মই লাভ কৰিছিলো, তাত মই অভিভূত হৈছিলো।

    সেই ভ্ৰমণকালত প্রধানমন্ত্রী নেতান্যাহু আৰু মই পৰস্পৰৰ প্রতি আৰু দুয়ো দেশৰ জনসাধাৰণৰ বাবেও এক কৌশলগত সহযোগিতা গঢ়ি তোলাৰ প্রতিশ্রুতি দিছিলো। এই প্রতিশ্রুতি আশা আৰু আস্থাৰ, বহুল প্রসাৰিত অগ্রগতি আৰু নিবিড় সহযোগিতাৰ তথা যৌথ প্ৰচেষ্টা আৰু মিলিত সাফল্যৰ আছিল। বহু শতিকা জুৰি যি স্বাভাবিক মিলাপ্ৰীতি আৰু বন্ধুত্বৰ বান্ধোনত আমি আৱদ্ধ আছিলো, তাৰ পৰাই আমাৰ এই প্রতিশ্রুতিৰ জন্ম লৈছিল। প্রায় প্রত্যেকটো দিশতে পৰস্পৰে পৰস্পৰৰ কাষত উপস্থিত থকাৰ বাধ্যবাধকতাৰ পৰা বিভিন্ন প্রচেষ্টাৰ সৈতে আমি নিয়োজিত হৈ আহিছো।

    সেই ভ্ৰমণকালত ছমাহতে এক সংক্ষিপ্ত মুহূর্তৰ পাছতে আমাৰ এই পাৰস্পৰিক উচ্চাকাংক্ষা আৰু প্ৰতিশ্ৰুতি ৰৈ গৈছে, য’ত আপোনাৰ এই অসাধাৰণ ভাৰত ভ্ৰমণ তাৰেই ইংগিত বহন কৰিছে।

    কালি আৰু আজি প্রধানমন্ত্রী নেতান্যাহু আৰু মই দুয়ো দেশৰ সম্পর্কৰ বিকাশ আৰু অগ্রগতিৰ বিষয়সমূহ পর্যালোচনা কৰিছো। আমাৰ সন্মুখত যিবোৰ সুযোগ আৰু সম্ভাৱনা আছে, তাৰ সদ্ব্যৱহাৰৰ লক্ষ্যৰে পুনৰ আলাপ-আলোচনাৰ কামো আমি আৰম্ভ কৰিছো।

    আমাৰ আলোচনাৰ বিষয় আছিল ব্যাপক আৰু বহুল প্রসাৰিত, য’ত আৰু নতুন কিবা কৰাৰ ইচ্ছা প্রতিফলিত হৈছে। প্রধানমন্ত্রী, বাঞ্চিত ফল লাভৰ বাবে মই অধীৰ বুলি মোক বহুতে ক’ব খোজে।

    মই যদি খোলাখুলিভাবে এটি গোপন কথা আজি আপোনাৰ আগত প্রকাশ কৰো, তেতিয়া হ’লে মই জানো, আপুনিও তাত সমৰ্থন আগবঢ়াব।

    যোৱা বছৰ তেল আভিভত আমোলাতান্ত্রিক দীর্ঘসূত্রিতা হ্ৰাস কৰাৰ বাবে আপুনি ইচ্ছা প্রকাশ কৰিছিল।

    প্রধানমন্ত্ৰী মই আপোনাক এই কথা জনাবলৈ পাই অতিশয় আনন্দিত আৰু সেই কামটো আমি ভাৰতত কৰিবলৈ গৈ আছো। পূর্বে গৃহীত সিদ্ধান্তৰ কাৰ্যকৰীকৰণ বাবে আমি দুয়োজনেই যে অধীৰ আগ্রহেৰে অপেক্ষা কৰিছো–সেইকথাও আমি পৰস্পৰে ব্যক্ত কৰিছো।

    ইয়াৰ সুফলো আমি লক্ষ্য কৰিছো। আমাৰ যৌথ প্রচেষ্টা আৰু গতিসঞ্চাৰ তথা অংশীদাৰিত্বৰ সম্পর্কৰ উন্নয়ন প্রচেষ্টাই হৈছে আজিৰ আলোচনা আৰু মত বিনিময়ৰ উল্লেখযোগ্য দিশ।

    আমি তিনিটি ভিন্ন উপায়েৰে এই পথ অনুসৰণৰ সিদ্ধান্ত লৈছোঃ

    প্রথমতে, আমাৰ দুয়ো দেশৰ জনসাধৰণৰ জীৱনক স্পর্শ কৰি যোৱাকৈ এনে ক্ষেত্রসমূহত আমাৰ সহযোগিতাক অধিক শক্তিশালী কৰি তোলা হ’ব। সেইবোৰ হৈছে–কৃষি, বিজ্ঞান আৰু প্রযুক্তি আৰু নিৰাপত্তা।

    কৃষি সহযোগিতাৰ মূল ভিত্তি হিচাপে চিহ্নিত উৎকর্ষকেন্দ্রসমূহক আৰু অধিক উন্নত কৰি তুলিবলৈ আমি পৰস্পৰৰ মাজত মতবিনিময় কৰিছো। এই লক্ষ্য পূৰণত ইজৰাইলৰ অত্যাধুনিক প্রযুক্তি আৰু পন্থাক আমি অনুসৰণ কৰিব লাগিব।

    প্রতিৰক্ষা ক্ষেত্রত বিকাশৰ লক্ষ্যৰে ইজৰাইলী কোম্পানীসমূহক আমাৰ উদাৰ প্রত্যক্ষ বিদেশী বিনিয়োগ নীতিৰ সুযোগ গ্রহণ কৰি ভাৰতৰ কোম্পানীসমূহৰ সৈতে আৰু অধিক পৰিমাণে সহযোগিতা স্থাপন কৰাৰ বাবে মই আমন্ত্রণ জনাইছো।

    দ্বিতীয়তে,

    তেল আৰু গেছ, চাইবাৰ নিৰাপত্তা, চলচ্চিত্র আৰু ষ্টার্টআপৰ দৰে অপেক্ষাকৃত কম আৱিষ্কৃত ক্ষেত্রসমূহত অধিক হাৰত যৌথ প্রচেষ্টা গঢ়ি তুলিবলৈ আমি উদ্যোগ লৈছো। কিছুসময়ৰ আগতে যি চুক্তি বিনিময় পর্ব সম্পন্ন হ’ল, তাৰ জৰিয়তে আমাৰ এই প্রচেষ্টাৰ প্রতিফলন দেখিবলৈ পোৱা যাব। বিভিন্ন ক্ষেত্রত বহুল প্রসাৰিত কর্মপ্রচেষ্টা গঢ়ি তুলিবলৈ আমি যেনেতৈ আগ্রহী, বিভিন্ন ক্ষেত্ৰত তাক পৰিলক্ষিত হ’ব।

আৰু তৃতীয়তে,

আমাৰ এই ভৌগোলিক অৱস্থানৰ মাজত সাধাৰণ লোক তথা তেওঁলোকৰ চিন্তা-ভাৱনা বিনিময়ৰ দিশতো আমি প্রতিশ্রুতিবদ্ধ। ইয়াৰ বাবে নীতিগত সুযোগ-সুবিধা, আন্তঃগাঁথনি, যোগাযোগ ব্যৱস্থা আৰু চৰকাৰী সাহায্য তথা সমর্থনৰ উপৰি অন্যান্য ক্ষেত্রসমূহত উৎসাহ যোগোৱাতো অতি প্রয়োজন।

দুয়ো দেশৰ জনসাধাৰণে যাতে এখনে আনখন দেশলৈ কৰ্মসূত্রে ভ্ৰমণ কৰিব পাৰে, সেয়া আৰু অধিক সহজ কৰি তুলিবলৈ ইজৰাইলৰ সৈতে আমি ব্যৱস্থাগত প্রক্রিয়াৰে যুক্ত হৈছো। ইয়াৰ বাবে দীর্ঘকালৰ বাবে কামৰ সুবাদত ভ্ৰমণ কৰা প্রয়োজন হ’ব পাৰে। দুয়ো দেশৰ জনসাধাৰণক পৰস্পৰৰ মাজত আৰু অধিক কাষলৈ অনাৰ বাবে ভাৰতীয় সাংস্কৃতিক কেন্দ্রই অতি শীঘ্রেই ইজৰাইলত কাম আৰম্ভ কৰিব।

বিজ্ঞান শিক্ষাৰ সৈতে জড়িত শতাধিক যুৱক-যুৱতীক দ্বিপাক্ষিক বিনিময় ভ্ৰমণ আৰম্ভ কৰাৰ বাবেও আমি সিদ্ধান্ত গ্রহণ কৰিছো।

বন্ধুসকল,

দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগৰ প্রসাৰৰ ক্ষেত্ৰত সুদৃঢ় সহযোগিতা গঢ়ি তোলাটো আমাৰ লক্ষ্যৰ অবিচ্ছেদ্য অংগ। এই লক্ষ্যৰে আৰু অধিক কাম কৰি যাবলৈ প্রধানমন্ত্রী নেতান্যাহু আৰু মই সহমতত উপনীত হৈছো। যোৱা বছৰ তেল আভিভৰ বৈঠকৰ পাছত দ্বিপাক্ষিক মঞ্চৰ অধীনত দুয়ো দেশৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে আমি আকৌ এবাৰ এই বিষয়ত কথা পাতিম।

প্রধানমন্ত্রী নেতান্যাহু’ৰ সৈতে অহা বৃহৎ প্রতিনিধিদলকো আদৰণি জনাইছো। প্রধানমন্ত্রী নেতান্যাহু আৰু মই আঞ্চলিক তথা বিশ্ব পৰিস্থিতিৰ বিভিন্ন প্রেক্ষাপটক লৈ মত বিনিময় কৰিছো।

বন্ধুসকল,

কালি ভাৰতত উপস্থিত হোৱাৰ পাছৰপৰাই প্রধানমন্ত্রী নেতান্যাহুয়ে মোৰ সৈতে নতুনকৈ নামকৰণ কৰা তিন মূর্তি হাইফা চকত ভাৰতীয় বীৰসেনাসকলৰ স্মৃতিৰ উদ্দেশ্যে শ্রদ্ধা নিবেদন কৰে। ইজৰাইলৰ শতাব্দী প্রাচীন হাইফা যুদ্ধত তেওঁলোকে তেওঁলোকৰ জীৱন বিসর্জন দিছিল।

আমাৰ দুয়োখন দেশে এই ইতিহাস তথা বীৰ সেনানীৰ কথা কেতিয়াও পাহৰিব নোৱাৰে। এই ক্ষেত্রত প্রধানমন্ত্রী নেতান্যাহুৰ এই বিশেষ মানসিকতা আৰু দৃষ্টিভংগীৰ প্ৰতি মই বিশেষভাৱে অনুৰাগী।   

ইজৰাইলৰ সৈতে আমাৰ অংশীদাৰিত্বৰ ভৱিষ্যতৰ দিশে লক্ষ্য কৰিলে আমাক আশা আৰু আশাবাদে  উদ্বেলিত কৰে। প্রধানমন্ত্রী নেতান্যাহুৰ মাজত মই এনে এক ব্যক্তিত্বক দেখিছো, যিগৰাকীয়ে ভাৰত-ইজৰাইল সম্পর্কত ক্রমান্বয়ে নতুন মাত্রা প্ৰদান কৰাত আমাৰ দৰেই প্ৰতিশ্ৰুতিবদ্ধ।

সদৌশেষত, প্রধানমন্ত্রী নেতান্যাহু এদিন পাছতে মোৰ নিজৰ ৰাজ্য গুজৰাটত আকৌ আপোনাৰ সৈতে মিলিত হোৱাৰ সুযোগ পাম–এইকথা ভাবি মই অতিশয় আনন্দিত হৈছো।

তাত আমাৰ বাবে প্রতিশ্রুতি পূৰণৰ আৰু এটি সুযোগ অপেক্ষা কৰি আছে। কৃষি, প্রযুক্তি আৰু নতুনত্ব উদ্ভাৱনৰ দৰে ক্ষেত্রসমূহত আমাৰ পাৰস্পৰিক সম্পর্কই তাত প্রসাৰতা লাভ কৰিব।

প্রধানমন্ত্রী নেতান্যাহু, শ্রীমতী নেতান্যাহু আৰু প্রতিনিধি দলৰ বাবে ভাৰতত থকাৰ পৰৱৰ্তী দিনবোৰ স্মৰণীয় হওঁক–তাকে কামনা কৰিছো।

আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। তোড়া ৰাবা!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's IT industry to hit $315 billion in FY26 as AI revenues reach $10-12 billion: Nasscom

Media Coverage

India's IT industry to hit $315 billion in FY26 as AI revenues reach $10-12 billion: Nasscom
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Condoles the Passing of Thiru R. Nallakannu
February 25, 2026

The Prime Minister has expressed his condolences over the passing of Thiru R. Nallakannu, highlighting his grassroots connect and his tireless efforts to give a voice to the underprivileged.

The Prime Minister noted that Thiru R. Nallakannu was widely respected by people from every section of society and his simplicity was noteworthy. The Prime Minister shared that his thoughts are with the family and admirers during this time.

The Prime Minister shared on X;

"Thiru R. Nallakannu will be remembered for his grassroots connect and efforts to give voice to the underprivileged, workers and farmers. He was widely respected by people from every section of society. Equally noteworthy was his simplicity. My thoughts are with his family and admirers."