We launched Digital India with a very simple focus- to ensure more people can benefit from technology, especially in rural areas: PM
We ensured that the advantages of technology are not restricted to a select few but are there for all sections of society. We strengthened network of CSCs: PM
The Digital India initiative is creating a group of village level entrepreneurs, says PM Modi
The movement towards more digital payments is linked to eliminating middlemen: PM Modi
Due to ‘Make in India’, we see a boost to manufacturing and this has given youngsters an opportunity to work in several sectors: PM Modi
Along with digital empowerment, we also want technology to boost creativity: PM

বিগত কিছুদিনৰ পৰা চৰকাৰৰ বিভিন্ন যোজনা হিতাধিকাৰীসকলৰ সৈতে ব্যক্তিগতভাৱে সাক্ষাৎ কৰিবলৈ, কথা পাতিবলৈ, তেওঁলোকৰ কথা শুনিবলৈ মোৰ সৌভাগ্য হৈছে আৰু মই এয়া ক’ব পাৰোঁ যে ই এক অতুলনীয় অনুভৱ৷ আৰু মই সদায়েই এই কাৰ্যৰ প্ৰতি আগ্ৰহী যে ফাইলৰ বাহিৰেও জীৱন এটা থাকে৷ জীৱনলৈ যি পৰিৱৰ্তন আহিছে সেয়া প্ৰত্যক্ষভাৱে জনসাধাৰণৰ পৰা শুনাৰ পিছত, তেওঁলোকৰ অভিজ্ঞতাসমূহ জনাৰ পিছত মনত সন্তোষ প্ৰাপ্ত হয়৷ কাম কৰাৰ শক্তি প্ৰাপ্ত হয়৷ আজি ডিজিটেল ইণ্ডিয়াৰ কিছুমান যোজনাৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰাৰ সুযোগ পাইছোঁ৷

মোক কোৱা হৈছে যে আজিৰ এই কাৰ্যসূচীত সমগ্ৰ দেশৰ ৩ লাখ সাধাৰণ সেৱা কেন্দ্ৰৰ সৈতে জড়িত হোৱাৰ সৌভাগ্য প্ৰাপ্ত হৈছে৷ এই সাধাৰণ সেৱা কেন্দ্ৰসমূহ পৰিচালিত কৰা ভিএলই আৰু যিসকল নাগৰিকে ইয়াৰ পৰা বিভিন্ন সেৱা প্ৰাপ্ত কৰি আছে তেওঁলোকো আজি ইয়াত উপস্থিত আছে৷ ইয়াৰোপৰি দেশৰ এনআইচি কেন্দ্ৰসমূহতো ডিজিটেল ইণ্ডিয়াৰ হিতাধিকাৰীসকল একত্ৰিত হৈছে৷ ১৬০০ত কৈ অধিক সংস্থা যি এনকেএন নেচনেল নোলেজ নেটৱৰ্কৰ সৈতে জড়িত আছে তাৰে শিক্ষাৰ্থী, গৱেষক, বিজ্ঞানী, অধ্যাপক এই সকলো আমাৰ সৈতে উপস্থিত আছে৷ দেশত চৰকাৰী যোজনাৰ ফলত যি বিপিঅ’ স্থাপিত হৈছে তাৰে বিপিঅ’ কেন্দ্ৰৰ পৰাও এই কাৰ্যসূচীত তেওঁলোক আমাৰ সৈতে উপস্থিত আছে৷ কেৱল এয়াই নহয়, ম’বাইল, নিৰ্মাণ খণ্ডত কাম কৰা যুৱ সম্প্ৰদায়ে নিজৰ নিজৰ ইউনিটো প্ৰদৰ্শন কৰিব আৰু তেওঁলোকে আমাৰ সৈতে কিছু বাৰ্তালাপ কৰিব৷

দেশত লক্ষাধিক মাইগ’ভ স্বেচ্ছাসেৱক আছে৷ মই এয়া মানো যে আজি ৫০ লাখতকৈও অধিক লোকে একেটা বিষয়ৰ ওপৰত একত্ৰিত হৈ বাৰ্তালাপ কৰিম৷ সকলোৰে অভিজ্ঞতা শুনিবলৈ, সেইসমূহৰ ওপৰত কথা পাতিবলৈ এয়া এক অতুলনীয় অৱকাশ হয় আৰু যেতিয়া ডিজিটেল ইণ্ডিয়া মুকলি হৈছিল তেতিয়া এটা সংকল্প লোৱা হৈছিল যে দেশৰ সাধাৰণ ব্যক্তি, দুখীয়া ব্যক্তি, কৃষক, যুৱ সম্প্ৰদায় এই সকলোকে ডিজিটেলৰ পৃথিৱীৰ সৈতে জড়িত কৰোৱা হ’ব৷ তেওঁলোকক সৱলীকৰণ কৰা হ’ব৷ এই সংকল্পৰ কথা মনত ৰাখিয়েই বিগত চাৰিটা বৰ্ষত ডিজিটেল সৱলীকৰণৰ প্ৰতিটো পদক্ষেপতে কাম কৰা হৈছে৷ সেয়া লাগিলে গাঁওসমূহক ফাইবাৰ অপটিকছৰ সৈতে সংযোগ কৰাই হওক, কোটি কোটি লোকক ডিজেটেলী সাক্ষৰ কৰাই হওক, চৰকাৰী সেৱাসমূহক ম’বাইলৰ মাধ্যমেৰে সকলো ব্যক্তিলৈ প্ৰদান কৰাই হওক, বৈদ্যুতিক নিৰ্মাণক দেশত বিকশিত কৰাই হওক, ষ্টাৰ্ট আপ অথবা উদ্ভাৱন বৃদ্ধি কৰাই হওক, পিছপৰা অঞ্চলসমূহত বিপিঅ’ মুকলিৰ অভিযানেই হওক, এনেকুৱা অনেক প্ৰকল্প আছে৷ আজি পেন্সনধাৰীসকলে নিজৰ জীৱনৰ প্ৰমাণ পত্ৰ প্ৰদান কৰিবলৈ বহু দূৰলৈ যাবলগীয়া নহয়, গাঁৱতেই থকা সাধাৰণ সেৱা কেন্দ্ৰসমূহত এই সুবিধা সূলভ হৈছে৷ দেশৰ কৃষকে বতৰৰ বতৰা পাবলৈ, শস্য সম্বন্ধীয় খবৰ পাবলৈ, ভূমি আদিৰ বিষয়ে গম পাবলৈ হ’লে তেওঁলোকে অতি সহজেই এই খবৰসমূহ প্ৰাপ্ত কৰিব পাৰে৷ লগতে ডিজিটেল মাৰ্কেট ইনামৰ জৰিয়তে নিজৰ উৎপাদনসমূহ দেশৰ বজাৰত নিজৰ ম’বাইলৰ জৰিয়তে অথবা চিএছচিৰ জৰিয়তে বিক্ৰী কৰিব পৰা হৈছে৷

আজি গাঁৱত পঢ়া বিদ্যাৰ্থীসকল কেৱল স্কুল-কলেজৰ কিতাপৰ জ্ঞানতেই সীমাৱদ্ধ নহয়৷ তেওঁলোকে ইণ্টাৰনেট ব্যৱহাৰ কৰি ডিজিটেল পুথিভঁৰালৰ জৰিয়তে লক্ষাধিক কিতাপ ব্যৱহাৰ কৰিব পাৰিছে৷ তেওঁলোকে এতিয়া বৃত্তিৰ ধনৰাশিৰ বাবে স্কুল-কলেজৰ পৰিকল্পনা ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ নহয়৷ বৃত্তিৰ ধন পোনে পোনে তেওঁলোকৰ একাউণ্টলৈ যায়৷ এই সকলোবোৰ সম্ভৱ হৈছে প্ৰযুক্তিৰ মাধ্যমৰ প্ৰগতিৰ ফলত৷ আজিৰ পৰা কিছু বৰ্ষ পূৰ্বে মহানগৰৰ পৰা দূৰৈৰ সৰু চহৰ, গাঁৱত থকা লোকসকলে এয়াও কল্পনা কৰিব পৰা নাছিল যে ৰে’লৱে টিকেটৰ বাবে ষ্টেচন নগ’লেও হয়, দীঘলীয়া শাৰীত থিয় নিদিলেও হয়৷ অথবা ৰন্ধন গেছ শাৰী নপতাকৈও পোনে পোনে ঘৰত পাব পাৰি৷ টেক্স, বিদ্যুৎ, পানীৰ বিল কোনো চৰকাৰী বিভাগলৈ নোযোৱাকৈও জমা কৰিব পাৰি৷ কিন্তু আজি এয়া সকলোবোৰ সম্ভৱ৷ আপোনাৰ জীৱনৰ সৈতে জড়িত সকলো প্ৰয়োজনীয় কাম এতিয়া আঙুলিৰ মূৰতে সম্ভৱ৷ আৰু এনেকুৱা নহয় যে এয়া কেৱল কিছুমান লোকৰ বাবে উপলব্ধ, এয়া সকলোৰে বাবে উপলব্ধ৷ দেশৰ প্ৰতিজন নাগৰিকে অধিকতম সেৱা ঘৰতেই প্ৰাপ্ত কৰিছে৷ ইয়াৰ বাবে দেশৰ সাধাৰণ সেৱা কেন্দ্ৰসমূহৰ নেটৱৰ্কক শক্তিশালী কৰা হৈছে৷

এতিয়ালৈ দেশত প্ৰায় ৩ লাখ সাধাৰণ সেৱা কেন্দ্ৰ মুকলি কৰা হৈছে৷ আজি ডিজিটেল সেৱা প্ৰদান কেন্দ্ৰৰ এই বিশাল নেটৱৰ্ক ভাৰতৰ ১ লাখ ৮৩ হাজাৰ গাঁও পঞ্চায়তত বিস্তাৰিত হৈ আছে৷ আজি লক্ষাধিক যুৱ সম্প্ৰদায়ে গ্ৰাম পৰ্যায় উদ্যমিতা (ভিএলই)ৰ ৰূপত কাম কৰি আছে৷ আৰু সুখৰ কথা যে ইয়াৰে ভিতৰত ৫২ হাজাৰ মহিলাও আছে৷

এই কেন্দ্ৰসমূহৰ জৰিয়তে ১০ লাখতকৈ অধিক লোকে নিয়োজনৰ সুবিধা প্ৰাপ্ত কৰিছে৷ সামগ্ৰিক ৰূপত চাবলৈ গ’লে এই কেন্দ্ৰসমূহে কেৱল সৱলীকৰণৰ মাধ্যমেই নহয়, ইয়াৰ জৰিয়তে শিক্ষা, উদ্যমিতা অথবা নিয়োজনো বৃদ্ধি হৈছে৷

মোৰ ভাৰতলৈ যি পৰিৱৰ্তন আহিছে, যি পৰিৱৰ্তন আপোনালোকে আনিছে আৰু আপোনালোকৰ আঙুলিৰ শক্তিৰ জৰিয়তে আনিছে, এই প্ৰগতি, এই বিশ্বাস, এই বিকাশে পুনৰুজ্জীৱন, প্ৰদৰ্শন আৰু পৰিৱৰ্তনক বাস্তৱায়িত কৰিব৷ পুনৰবাৰ আপোনালোক সকলোকে বহু শুভকামনাই জনাই ধন্যবাদ জ্ঞাপন কৰিছোঁ৷

নমস্কাৰ

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Rameswaram temple in backdrop as Modi welcomes leaders

Media Coverage

Rameswaram temple in backdrop as Modi welcomes leaders
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Indian Women’s Cricket Team on winning Asia Cup
September 14, 2026

The Prime Minister, Shri Narendra Modi, has congratulated the Indian Women’s Cricket Team on winning the Asia Cup.

The Prime Minister said that the team’s confidence, consistency and remarkable spirit were on full display throughout the tournament.

Shri Modi expressed hope that this triumph would inspire millions of youngsters across the country to play more and shine.

In a post on X, Shri Modi said;

“A proud moment for Indian cricket!

Congratulations to the Women’s team on winning the Asia Cup. Their confidence, consistency and remarkable spirit were on full display throughout the tournament.

May this triumph inspire millions of youngsters across the country to play more and shine.”