প্ৰয়াগৰাজত অনুষ্ঠিত কুম্ভ মেলাত অংশগ্ৰহণকাৰী ১৮৮খন দেশৰ প্ৰতিনিধিবৰ্গক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে ইণ্ডিয়ান কাউন্সিল ফৰ কালচাৰেল ৰিলেছনছৰ দ্বাৰা নতুন দিল্লীৰ প্ৰবাসী ভাৰতী কেন্দ্ৰত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়৷

এই উপলক্ষে ১৮৮খন দেশৰ প্ৰতিনিধিৰ সৈতে এক ঐতিহাসিক গ্ৰুপ ফটোত ভাগ লয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী সুষমা স্বৰাজে৷

এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰয়াগৰাজৰ কুম্ভ মেলাৰ পৰা প্ৰত্যাৱৰ্তন কৰা প্ৰতিনিধিবৰ্গক লগ পাই তেওঁ অতিশয় সুখী অনুভৱ কৰিছে৷

তেওঁ কয় যে প্ৰকৃততে যিসকলে কুম্ভ মেলা দৰ্শন নকৰে, ই কেনে এক ঐতিহাসিক অনুষ্ঠান তাৰ বিষয়ে কোনেও সম্পূৰ্ণকৈ প্ৰশংসা কৰিব নোৱাৰে৷ তেওঁ কয় যে এই পৰম্পৰা হাজাৰ হাজাৰ বছৰ ধৰি বিৰামহীনভাৱে চলি আহিছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে কুম্ভ এক সামাজিক সংস্কাৰৰ লগতে ইয়াত আধ্যাত্মিকতাও পৰিলক্ষিত হয়৷ প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ভৱিষ্যতৰ কাৰ্যপন্থা নিৰূপণ আৰু ইয়াৰ অগ্ৰগতি নিৰীক্ষণৰ বাবে কুম্ভ মেলাত আধ্যাত্মিক গুৰু আৰু সমাজ সংস্কাৰসকলৰ মাজত এলানি আলোচনাও অনুষ্ঠিত হৈ আহিছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে কুম্ভ মেলাত আস্থা, আধ্যাত্মিকতা আৰু সাংস্কৃতিক চেতনাৰ সৈতে আধূনিকতা আৰু প্ৰযুক্তিৰ মিশ্ৰণ কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্বই ভাৰতক আধূনিকতাৰ লগতে ইয়াৰ চহকী ঐতিহ্যৰ বাবে স্বীকৃতি দিব৷ তেওঁ বিশ্বৰ বিভিন্ন স্থানৰ প্ৰতিনিধিসকলক ধন্যবাদ জনোৱাৰ লগতে তেওঁলোকৰ অংশগ্ৰহণে কুম্ভ মেলা সফল কৰি তোলে বুলি কয়৷

প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় সংসদীয় নিৰ্বাচনক এক “গণতন্ত্ৰৰ কুম্ভ” হিচাপে অভিহিত কৰে৷ তেওঁ কয় যে কুম্ভ মেলাৰ দৰে ভাৰতীয় সংসদীয় নিৰ্বাচনো বিশাল পৰিসৰৰ আৰু ই সম্পূৰ্ণ নিৰপেক্ষ, যি বৃহৎ হাৰত বিশ্ববাসীৰ অনুপ্ৰেৰণাৰ উৎস হ’ব পাৰে৷

তেওঁ কয় যে ভাৰতৰ সংসদীয় নিৰ্বাচন প্ৰত্যক্ষ কৰিবলৈ বিশ্বৰ বিভিন্ন স্থানৰ পৰা লোকসকল আহিব পাৰে৷

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Inspiring India: Gujarat Woman's Solar Mission Earns PM Modi’s Praise, Invitation to I-Day Ceremony

Media Coverage

Inspiring India: Gujarat Woman's Solar Mission Earns PM Modi’s Praise, Invitation to I-Day Ceremony
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 06 আগষ্ট 2026
August 06, 2026

New India Defies the Storm: Multi-Front Progress Under PM Modi