প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নিউয়ৰ্কত আমেৰিকাৰ প্ৰায় ২০টা খণ্ডৰ ৪২গৰাকী গোলকীয় শীৰ্ষ বিষয়াৰ সৈতে এক আছুতীয়া বৈঠকত মিলিত হয়৷ বৈঠকত অংশ লোৱা কোম্পানীসমূহৰ সৰ্বমুঠ গড় মূল্য হ’ল ১৬.৪ ট্ৰিলিয়ন মাৰ্কিন ডলাৰ আৰু ইয়াৰে ৫০ বিলিয়ন মাৰ্কিন ডলাৰ হ’ল ভাৰতত তেওঁলোকৰ গড় মূল্য৷

প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হোৱা সকলৰ ভিতৰত অন্যতম হ’ল—আইবিএমৰ অধ্যক্ষ, সভাপতি আৰু চিইঅ’ গিন্নী ৰ’মেটী; ৱালমাৰ্টৰ সভাপতি আৰু চিইঅ’ ড’গলাছ মেকমিলান; ক’কা-কোলাৰ অধ্যক্ষ আৰু চিইঅ’ জেমছ কুইনচে’; ল’কহীড মাৰ্টিনৰ চিইঅ’ মেৰিলিয়ান হিউছন; জেপি মৰ্গানৰ অধ্যক্ষ আৰু চিইঅ’ জেমী ডাইমন; আমেৰিকান ট’ৱাৰ ক’ৰ্পোৰেচন আৰু ইণ্ডিয়া-ইউএছ চিইঅ’ ফ’ৰামৰ উপাধ্যক্ষ জেমছ ডি.টাইচলেট৷ ইয়াৰ লগতে এপল, গুগল, মাৰিঅ’ট, ভিছা, মাষ্টাৰকাৰ্ড, থ্ৰিএম, ৱাৰবাৰ্গ পিনকাছ, আইক’ম, ৰেথিয়ন, বেংক অৱ আমেৰিকা, পেপছি আদিৰ জেষ্ঠ বিষয়াসকলো বৈঠকত উপস্থিত আছিল৷

ডিপিআইআইটি আৰু ইনভেষ্ট ইণ্ডিয়াই আয়োজন কৰা এই মতবিনিময়ত কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পিয়ুষ গোৱেল আৰু বৈদেশিক মন্ত্ৰালয়ৰ ঔদ্যোগিক প্ৰসাৰ আৰু আভ্যন্তৰীণ বাণিজ্য বিভাগৰ জেষ্ঠ বিষয়-ববীয়াইও অংশ গ্ৰহণ কৰে৷

ভাৰতত ব্যৱসায়িক সৰলতাৰ দিশত চৰকাৰে লোৱা পদক্ষেপ আৰু বিনিয়োগৰাকীৰ বাবে এক গঠনমূলক পৰিৱেশ সৃষ্টিৰ বাবে গ্ৰহণ কৰা সংস্কাৰমূলক কাৰ্যক অংশগ্ৰহণকাৰীসকলে প্ৰশংসা কৰে৷ ভাৰতবৰ্ষক বিনিয়োগকাৰীৰ বাবে অধিক অনুকূল হিচাপে গঢ়ি তোলাৰ বাবে ব্যৱসায়িক নেতাসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শলাগ লয়৷ শীৰ্ষ বিষয়াসকলে উল্লেখ কৰে যে তেওঁলোকৰ কোম্পানীয়ে ভাৰতৰ বিকাশৰ যাত্ৰাত অংশীদাৰ হৈ থকাৰ প্ৰতিশ্ৰুতি অব্যাহত ৰাখিব৷
চিইঅ’সকলে ভাৰতক লৈ তেওঁলোকৰ বিশেষ পৰিকল্পনা বিস্তৃতভাৱে আলোচনা কৰাৰ লগতে স্কিল ডেভেলাপমেণ্ট, ডিজিটেল ইণ্ডিয়া, মেক ইন ইণ্ডিয়া, সৰ্বব্যাপী বিকাশ, গ্ৰীণ এনাৰ্জী আৰু বিত্তীয় অন্তৰ্ভুক্তিৰ প্ৰতি ভাৰতৰ প্ৰচেষ্টাক সহায় কৰাৰ আগ্ৰহ ব্যক্ত কৰে৷

চিইঅ’সকলৰ মন্তব্যৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে ধাৰাবাহিক ৰাজনৈতিক সুস্থিৰতা, নীতিৰ পূৰ্বাভাস আৰু প্ৰ’-ডেভেলাপমেণ্ট আৰু প্ৰ’-গ্ৰ’থ নীতিৰ ওপৰত জোৰ দিয়ে৷ তেওঁ লগতে পৰ্যটন, প্লাষ্টিক ৰিচাইক্লিং আৰু আৱৰ্জনা ব্যৱস্থাপনা আদিৰ বিকাশৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে৷ প্ৰধানমন্ত্ৰীয়ে কোম্পানীসমূহক আহ্বান জনায় যে তেওঁলোকে ষ্টাৰ্ট আপ ইণ্ডিয়াৰ মঞ্চ ব্যৱহাৰ কৰি পুষ্টি আৰু আৱৰ্জনা ব্যৱস্থাপনাৰ দৰে প্ৰত্যাহ্বানজনক দিশসমূহৰ সমাধান উলিয়াই কেৱল ভাৰতকে নহয় সমগ্ৰ বিশ্বক উপকৃত কৰিবলৈ আন ৰাষ্ট্ৰৰ সৈতে সহযোগিতাৰে কাম কৰক৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's passenger vehicle sales expected to grow 4-6% in FY27: Report

Media Coverage

India's passenger vehicle sales expected to grow 4-6% in FY27: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the transformative impact of Yoga
June 22, 2026

The Prime Minister, Shri Narendra Modi, said that the remarkable success of the International Day of Yoga is proof that Yoga is not only helping millions of people across the world achieve physical well-being, but is also inspiring them to lead positive lives with confidence.

The Prime Minister shared a Sanskrit Subhashitam-

“चित्तप्रशमनोपायो योग इत्यभिधीयते। प्राणस्पन्दनिरोधो वा द्वेधा योगस्य धारणा॥”

The Subhashitam conveys that yoga is the means of completely calming and quieting the mind. To attain this goal, two principal methods of yoga are prescribed: calming the mind and regulating the flow of the breath.

The Prime Minister wrote on X;

“अंतर्राष्ट्रीय योग दिवस की बड़ी सफलता इस बात का प्रमाण है कि योग न केवल दुनियाभर में करोड़ों लोगों को शारीरिक रूप से स्वस्थ बना रहा है, बल्कि उन्हें आत्मविश्वास के साथ सकारात्मक जीवन जीने के लिए प्रेरित भी कर रहा है।

चित्तप्रशमनोपायो योग इत्यभिधीयते। प्राणस्पन्दनिरोधो वा द्वेधा योगस्य धारणा॥”