গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত জী, উত্তৰপ্ৰদেশৰ ৰাজ্যপাল তথা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভগ্নী আনন্দিবেন, মুখ্যমন্ত্ৰী বিজয় ৰূপানী, উপ-মুখ্যমন্ত্ৰী নিতীন পেটেল জী আৰু ইয়াত উপস্থিত বিশিষ্ট ব্যক্তি তথা ভদ্ৰ পুৰুষ-মহিলাসকল৷

বহু লোকক ১২-১৫ বছৰৰ পাছত দেখিছো৷ ইয়াত এনেকুৱা লোককো দেখিছো, যিসকলে নিজৰ যৌৱন গুজৰাটৰ বাবে সমৰ্পণ কৰিছে৷ একাংশ অৱসৰপ্ৰাপ্ত বিষয়াক দেখিছো, যিসকলে নিজৰ চাকৰিৰ সময়ছোৱাত গুজৰাটক বহুত কিবা-কিবি দিলে, সেইবাবেই আজি গুজৰাটৰ বন্তিগছি আৰু উজ্বলি উঠিছে৷

মই বিশেষকৈ গুজৰাট চৰকাৰৰ প্ৰতি এইবাবেই কৃতজ্ঞতা প্ৰকাশ কৰিছো ভৱন যিয়েই নহওক, যিকোনো লোকেই ফিটা কাটিব পাৰে, কিন্তু ইয়াৰ বাবেই আজি মই আপোনালোক সকলোকে দৰ্শন কৰাৰ সূযোগ পালো৷

সৰ্বপ্ৰথমে আপোনালোক সকলোকে গণেশ চতুৰ্থীৰ বহুত বহুত শুভকামনা জনাইছো৷ দেশবাসীৰ ওপৰত ভগৱান গণেশৰ কৃপা বৰ্ষণ হওক৷ ৰাষ্ট্ৰ নিৰ্মাণৰ সকলো সংকল্প সিদ্ধ হওক৷ এই পবিত্ৰ ক্ষণত সকলো দেশবাসী, বিশেষকৈ আজি গুজৰাটৰ এই কাৰ্যসূচীৰ বাবে গুজৰাটবাসীক বহুত বহুত মংগল কামনা কৰিছো৷

গণেশ চতুৰ্থীৰ বিয়লিৰ পৰিক্ৰমা সম্পূৰ্ণ হোৱাৰ পাছত এক অতি মহত্বপূৰ্ণ কাম আমি কৰো আৰু জৈন পৰম্পৰাত এয়া অতি উত্তম সংস্কাৰ, সেয়া হৈছে ‘মিচ্ছামী দুকড়ম’৷ মন, বচনৰ পৰা যদি কেতিয়াবা কোনোধৰণৰ দুখ দিছো, তেতিয়াহ’লে ক্ষমা প্ৰাৰ্থনা হিচাপে ধৰা হ’য় এই ‘মিচ্ছামী দুকড়ম’ক৷ সেয়েহে মোৰ ফালৰ পৰাও গুজৰাটৰ লোকসকল, দেশবাসী আৰু বিশ্ববাসীক ‘‘মিচ্ছামী দুকড়ম’৷’

 

মই আনন্দিত যে ভগৱান সিদ্ধি বিনায়কৰ এই পবিত্ৰ দিনটোতে আমি আন এটা সিদ্ধিৰ উৎসৱ পালন কৰাৰ বাবে ইয়াত একত্ৰিত হৈছো৷ গৰৱী গুজৰাট ভৱন গুজৰাটৰ কোটি কোটি লোকৰ চিন্তাধাৰা, পৰম্পৰা আৰু সংস্কৃতিৰ ভিত্তিত সকলোৰে সেৱাৰ্থে নিৰ্মাণ কৰা হৈছে৷ মই আপোনালোক, গুজৰাটবাসীক ইয়াৰ বাবে বহুত বহুত অভিনন্দন জনাইছো৷
কিছুসময়ৰ পূৰ্বে আপোনালোকে গুজৰাট ভৱনৰ ওপৰত প্ৰস্তুত কৰা এখন ছবি প্ৰত্যক্ষ কৰিছে, কিন্তু মই তাত গৈ আহিছো৷ কিছু সময়ৰ আগতে গুজৰাটৰ সংস্কৃতিৰ এক অনুপম নিদৰ্শনো ইয়াত দেখিবলৈ পালো৷ শিল্পীসকলে কম সময়তে আৰু কম ঠাইতে সুন্দৰভাৱে উপস্থাপন কৰিলে৷

বন্ধুসকল, গুজৰাট ভৱনৰ পাছত এতিয়া গৰৱী গুজৰাট ভৱনে বিভিন্ন ধৰণৰ নতুন সেৱা আগবঢ়াব৷ মই এই ভৱনৰ নিৰ্মাণৰ সৈতে জড়িত বন্ধুসকলক অভিনন্দন জনাইছো, যিসকলে নিৰ্ধাৰিত সময়ৰ পূৰ্বেই এই সুন্দৰ ভৱনৰ নিৰ্মাণ সম্পূৰ্ণ কৰিলে৷

দুবছৰৰ পূৰ্বে ছেপ্টেম্বৰ মাহত মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰী জীয়ে ইয়াৰ আধাৰশিলা স্থাপন কৰিছিল আৰু আজি ছেপ্টেম্বৰৰ আৰম্ভণিতে ইয়াৰ উদ্বোধন কৰা সূযোগ মই পালো৷ মই আনন্দিত যে সময়ত প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাৰ এক অভ্যাস চৰকাৰী বিভাগ, সংস্থাসমূহত গঢ় লৈ উঠিছে৷

যেতিয়া মই গুজৰাটত আছিলো, তেতিয়া মই বুকু ফুলাই কৈছিলো, যাৰ আধাৰশিলা মই কৰিছো, তাৰ উদ্বোধনো ময়েই কৰিম৷ তাত অহংকাৰ নাছিল, ৰাজহুৱা প্ৰতিশ্ৰুতি আছিল৷ সেইবাবে মোৰ সকলো সতীৰ্থ এই কামসমূহত একেৰাহে লাগি আছিল৷ তাৰ ফলো পাইছিল৷ এই কৰ্ম-সংস্কৃতিক কেৱল আমিয়েই গ্ৰহণ কৰিব লাগে এনে নহয়, সকলো স্তৰতে ইয়াৰ বিস্তাৰ হোৱাটো অতি আৱশ্যক৷

বন্ধুসকল, এই ভৱনটো ক্ষুদ্ৰ গুজৰাটৰ আৰ্হি হ’লেও, এইটো নতুন ভাৰতৰ সেই চিন্তাধাৰাক প্ৰতিফলিত কৰিছে, য’ত আমি সাংস্কৃতিক ঐতিহ্য, আমাৰ পৰম্পৰাসমূহক আধূনিকতাৰ সৈতে জড়িত কৰি আগুৱাই কথা চিন্তা কৰিছো৷ আমি একতাৰ এনাজৰীৰে বান্ধ খাব বিচাৰো, আকাশ চুব বিচাৰো৷

এই ভৱনত যেনেকৈ কোৱা হৈছে পৰিৱেশ অনুকূল, পানী সংৰক্ষণ ব্যৱস্থা, পানীৰ পুনৰ ব্যৱহাৰযোগ্য কৰাকে ধৰি আধুনিক ব্যৱস্থাৰ সমান্তৰালভাৱে ৰাণী গিয়াবৰ চিত্ৰও আছে। এফালে যেনেকৈ সৌৰশক্তিৰ ব্যৱহাৰৰ ব্যৱস্থা আছে, আনপালে মোঢেৰা সূর্য মন্দিৰেও স্থান পাইছে। কঠিন পেলনীয়া সামগ্ৰী ব্যৱস্থাপনাৰ আধুনিক প্ৰযুক্তিৰ সমান্তৰালভাৱে, এই ভৱন কচ্ছৰ লিপণকলাৰ দ্বাৰা সজ্জিত হৈছে। ইয়াত জন্তুৰ মলক শিল্পলৈ ৰূপান্তৰিত কৰা হৈছে।

ভাই-ভনীসকল, নিশ্চিতভাৱে এই ভৱনে গুজৰাটৰ কলা-হস্তশিল্পৰ লগতে ঐতিহ্যপূৰ্ণ পর্যটনৰ উন্নয়নত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব পাৰে। দেশৰ ৰাজধানীতে য’ত সমগ্ৰ পৃথিৱীৰ পৰা ব্যৱসায়ী আৰু উদ্যোপতিয়ে অহা-যোৱা কৰি থাকে, তাত এই ধৰণৰ সেৱা অতি উপযোগী হৈ উঠিব।

এইদৰে গুজৰাটী সংস্কৃতিভিত্তিক প্ৰদর্শনীৰ বাবে ভৱনৰ কেন্দ্রীয় প্ৰদর্শশালা ব্যৱহাৰৰ চিন্তাধাৰাও অতিকে প্ৰশংসনীয়৷
মই মুখ্যমন্ত্রী ডাঙৰীয়াক অনুৰোধ কৰো যে ইয়াত গুজৰাটৰ পর্যটনৰ সংশ্লিষ্ট ব্যৱস্থাসমূহক আৰু অধিক শক্তিশালী কৰা হওক। সাংস্কৃতিক তথা খাদ্য মেলাৰ দৰে বিভিন্ন কাৰ্যসূচী আয়োজনৰ জৰিয়তে দিল্লী আৰু এই চহৰৰ সন্মুখত দেশ তথা বিশ্বৰ পর্যটকসকলক গুজৰাটৰ সৈতে জড়িত কৰিব পাৰে।

এটা সময় আছিল যেতিয়া গুজৰাটৰ খাদ্যাভাস, বিশেষকৈ উত্তৰ ভাৰতৰ লোকসকলে পছন্দ নকৰিছিল। তেওঁলোকে কৈছিল আপোনালোকে ইমান মিঠা কিয় দিয়ে? কেৰেলা ৰান্ধিলেও তাত মিঠা দিয়ে। কিন্তু আজি-কালি দেখিছো, বহুতেই ভাল গুজৰাটী খাদ্য বিচাৰে৷ গুজৰাটৰ জনসাধাৰণৰ এটা বৈশিষ্ট্য হ’ল তেওঁলোকে যেতিয়া গুজৰাটত থাকে, শনি আৰু দেওবাৰৰ সন্ধিয়া ঘৰত ৰন্ধা-বহা নকৰে৷ তেওঁলোকে বাহিৰত খাদ্য খায়। গুজৰাটত থাকিলে তেওঁলোকে শনি আৰু দেওবাৰে ইটালিয়ান, মেক্সিকান অথবা দক্ষিণ ভাৰতীয় খাদ্য খায়। কিন্তু গুজৰাটৰ বাহিৰলৈ গ’লে তেওঁলোকে গুজৰাটী খাদ্যই খাব বিচাৰে। আৰু ইয়াত খমণকো ঢোকলা বোলে আকৌ হাঁডোয়াকো ঢোকলা বুলি কয়। এই খাদ্যসমূহ একেই পৰিয়ালৰ হ’লেও ভিন্ন হয়। গুজৰাটীসকলে যদি এইবোৰ ভাল দৰে ব্ৰেণ্ডিং কৰে, তেতিয়া হ’লে অগুজৰাটী লোকসকলে বুজিব পাৰিব যে খমণ, ঢোকলা আৰ হাঁডোয়া দেখাত একে হ’লেও প্ৰত্যেকৰে সোৱাদো ভিন্ন।

নতুন ভৱনত গুজৰাটত বিনিয়োগ আকর্ষণ কৰাৰ বাবে গুজৰাটৰ উদ্যোগীসকলৰ বাবে এটি গুৰুত্বপূর্ণ কেন্দ্ৰ গঢ়ি তোলাৰ বাবে নতুন ব্যৱস্থা ৰখা হৈছে। মোৰ দৃঢ় বিশ্বাস যে এই সেৱাৰ জৰিয়তে গুজৰাটত বিনিয়োগ কৰিব বিচৰা দেশী-বিদেশী বিনিয়োগকাৰীসকলৰ আৰু বেছি সুবিধা হ’ব।

বন্ধুসকল, এনে পৰিৱেশ এই ভৱনৰ আধুনিক ডাইনিং হ’লত যিসকল বহিব আৰু তেওঁলোকৰ সন্মুখৰ টেবুলত থাকিব ঢোকলা, ফাফড়া, খাণ্ডভি, পুদিনা মুঠিয়া, মোহনথাল, থাপলা, আপেল আৰু বিলাহীৰ চাট আৰু কত কি ….. এবাৰ এগৰাকী সাংবাদিকে মোক সময় বিচাৰিছিল, মই তেতিয়া গুজৰাটৰ মুখ্যমন্ত্রী আছিলো। সেই সাংবাদিকে পুৱাৰ আহাৰৰ সময়ত মোক সময় দিব কৈছিল৷ আৰু খাদ্য খাই খাই সাক্ষাৎকাৰ ল’ব। যিকি নহওক সাক্ষাৎকাৰতো ভালেই হ’ল। কাৰণ, মইই জানিলো কি ক’ব লাগে আৰু কি ক’ব নালাগে। এই ধৰণৰ সাক্ষাৎকাৰৰ ক্ষেত্রত কি ক’ব নালাগে, সেয়া আগতে মনে মনে ভাব ল’ব লাগে। কিন্তু সাক্ষাৎকাৰৰ পাছত সাংবাদিকজনে তেওঁৰ প্ৰতিবেদনত লিখিছিলে যে ‘মই গুজৰাট ভৱনলৈ গৈছিলো, গুজৰাটৰ মুখ্যমন্ত্রীৰ সৈতে কথা পাতিলো৷ কিন্তু দুঃখৰ বিষয় যে তেওঁ পুৱা গুজৰাটী খাদ্য নাখাই দক্ষিণ ভাৰতীয় খাদ্য খালে’। মই বিচাৰো যে ভৱিষ্যতে কোনো মুখ্যমন্ত্রীয়ে এই ধৰণৰ কথা যাতে আৰু শুনিব লগীয়া নহয়। গুজৰাট ভৱনৰ নিজস্ব এটা পৰিচয় গঢ়ি তোলা উচিৎ যাতে মানুহে বিচাৰি বিচাৰি ইয়ালৈ আহে৷

গুজৰাটে সদায় উন্নয়ন, উদ্যোগী আৰু পৰিশ্ৰমক গুৰুত্ব দি আহিছে। উন্নয়নৰ বাবে গুজৰাটৰ প্ৰত্যাশাৰ প্রাবল্যক প্রায় ডেৰ দশক ধৰি মুখ্যমন্ত্রী থকা সময়ত মই নিবিড়ভাবে অনুভৱ কৰিছো। বিগত পাঁচ বছৰতো মই অনুভৱ কৰিছো যে গুজৰাটে ইয়াৰ উন্নয়নযাত্রাক আৰু দ্রুত কৰিছে। আগতে শ্ৰদ্ধাৰ আনন্দিবেন পেটেলে উন্নয়নৰ গতিকে নতুন প্রাণশক্তি আৰু সামর্থ্য যোগাইছে। পাছত, ৰুপানীজী মুখ্যমন্ত্রী হৈ নতুন উচ্চতা স্পর্শ কৰাৰ লক্ষ্যৰে বিভিন্ন পদক্ষেপ হাতত লৈছে। শেহতীয়া বছৰসমূহত গুজৰাটৰ উন্নয়নেৰ হাৰ ১০ শতাংশতকৈও অধিক হৈছে।

বন্ধুসকল, কেন্দ্ৰ আৰু ৰাজ্যত বিজেপিৰ নেতৃত্বত চৰকাৰ গঠনৰ পাছৰ পৰা উভয় চৰকাৰৰ যৌথ প্ৰয়াসত গুজৰাটৰ উন্নয়নৰ পথত বহু বাধা দূৰ হৈছে। তেনে এটি বাধা আছিল নর্মদা বান্ধক লৈ৷ এই বিষয়ত অলপ আগতে বিজয়জীয়ে বিস্তাৰিতভাৱে কৈছে। আজি আমি অনুভৱ কৰিছো যে এই সমস্যাৰ সমাধানৰ পাছতে নর্মদাৰ পানী কিদৰে গুজৰাটৰ বিভিন্ন গাঁৱৰ তৃষ্ণা নিবাৰণ কৰিছে, কৃষকসকলো লাভবান হৈছে।

বন্ধুসকল, ছেউনি যোজনা অথবা সুজলাম সুফলাম যোজনা–এই দুটা প্ৰকল্পৰ কাম দ্রুতগতিত আগুৱাই যোৱাৰ ফলত এই দুটাৰ মাধ্যমতো গুজৰাটৰ লাখ লাখ পৰিয়াল উপকৃত হৈছে। গুজৰাটত পানীৰ অভাৱ নিশ্চিতভাবে দূৰ কৰা হৈছে।
মই আনন্দিত যে পানী সংৰক্ষণেই হওক অথবা গাঁৱে গাঁৱে পানী যোগান দিয়াৰ অভিযানে হওক- গুজৰাট এই ক্ষেত্রত অতি সফল হৈছে। সুপৰিকল্পিতভাবে কাম কৰে যি সাফল্য আহিছে, তাত গুজৰাটৰ জনগণৰ স্বতঃস্ফূর্ত অংশগ্ৰহণ আছে। মই নিশ্চিত যে আমি ২০২৪চনৰ ভিতৰত সমগ্ৰ দেশৰ প্ৰত্যেক পৰিয়ালত পানী যোগানৰ সংকল্প লৈ কাম কৰিছো, এই জনঅংশীদাৰিত্বৰ জৰিয়তে সেই দিশতো সফল হ’ম।

বন্ধুসকল, গুজৰাটত বিগত পাঁচ বছৰত জলসিঞ্চনৰ বাদেও অন্যান্য আন্তঃগাঁথনি ক্ষেত্রত অভূতপূর্ব বিনিয়োগ হৈছে। আন্তঃগাঁথনিমূলক প্ৰকল্পসমূহৰ নির্মাণৰ গতি বৃদ্ধি পাইছে। আমেদাবাদত মেট্রোকে ধৰি আধুনিক আন্তঃগাঁথনিমূলক বিভিন্ন প্ৰকল্প দ্রুতগতিত সম্পূৰ্ণ কৰা হৈছে। বৰোদা, ৰাজকোট, ছুৰাট আৰু আমেদাবাদৰ বিমানবন্দৰসমূহৰ আধুনিকীকৰণ কৰা হৈছে। তদুপৰি, ধোলেৰা বিমানবন্দৰ আৰু এক্সপ্রেছৱে’ প্ৰকল্পত অনুমোদন দিয়া হৈছে। যোৱা পাঁচ বছৰত বিজয়জী যিদৰে যি কৈছে-দ্বাৰকাৰ বাবে এখন দলং, ৰে’লৱে বিশ্ববিদ্যালয়, সামুদ্রিক সংগ্ৰহশালা, মেৰিন পুলিচ অকাডেমি, গান্ধী মিউজিয়াম–এইধৰণৰ বহু কাম হৈছে। ষ্টেচু অৱ ইউনিটীয়ে বিশ্বৰ পর্যটন মানচিত্রত ভাৰতৰ সন্মান আৰু অধিক বৃদ্ধি কৰিছে। বিশ্বৰ জনপ্রিয় আলোচনীসমূহত, বিশেষকৈ পর্যটনকেন্দ্ৰিক পত্রিকাসমূহত ষ্টেচু অৱ ইউনিটীৰ প্ৰশংসা কৰা হৈছে। কেইদিনমান আগতে পঢ়ি খুৱ আনন্দ পালো যে কেৱল জন্মাষ্টমীৰ দিনাই চর্দাৰ বল্লভ ভাই পেটেলৰ মূর্তি ষ্টেচু অৱ ইউনিটী চাবলৈ ৩৪ হাজাৰ লোক গৈছে৷

বন্ধুসকল, সাধাৰণ জনতাক স্বাস্থ্য সেৱা প্ৰদানৰ উত্তম ব্যৱস্থাৰ বাবে গুজৰাটে প্ৰশংসনীয় কাম কৰিছে। বিগত ৫-৬ বছৰত গুজৰাটত চিকিৎসাৰ ক্ষেত্ৰত আন্তঃগাঁথনি উন্নয়ন ত্বৰান্বিত হৈছে। আমেদাবাদকে ধৰি ৰাজ্যৰ অধিকাংশত আধুনিক হাস্পতাল আৰু মেডিকেল কলেজৰ নেটৱৰ্ক স্থাপন কৰা হৈছে। এইবোৰৰ জৰিয়তে দেশৰ তৰুণ প্ৰজন্মই গুজৰাটত চিকিৎসা বিষয় পঢ়া-শুনা আৰু কর্মসংস্থাপনৰ সুযোগ লাভ কৰিছে।

স্বাস্থ্যৰ লগতে উজ্জ্বলা যোজনা আৰু প্ৰধানমন্ত্রী আবাস যোজনা বাস্তবায়িত কৰাৰ ক্ষেত্রতো গুজৰাটে বহুখিনি আগবাঢ়িছে। গুজৰাটৰ জনসাধাৰণৰ জীৱন প্ৰণালী সহজ কৰি তুলিবলৈ এই উন্নয়নৰ গতিক আমি আৰু অধিক ত্বৰান্বিত কৰিব লাগিব।
বন্ধুসকল, ভাৰতৰ বিভিন্ন ৰাজ্যৰ সাংস্কৃতিক, সামাজিক আৰু আর্থিক শক্তিয়ে সেই ৰাজ্যক মহান তথা শক্তিশালী কৰি তোলে। দেশৰ প্ৰত্যেক প্রান্তৰ প্ৰতিখন ৰাজ্যৰ শক্তিক জানি লৈ আমিৰ আগুৱাই যাব লাগিব। সেই শক্তিকে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰিব লাগিব। এইবোৰৰ মিলিত শক্তিৰ জৰিয়তে আমি অহা পাঁচ বছৰ ধৰি যি যি কৰিম বুলি ঠিক কৰিছো সেই সংকল্পবোৰ বাস্তবায়িত কৰিব পাৰিম৷

দিল্লীত দেশৰ প্রায় সকলো ৰাজ্যৰ নিজা ভৱন আছে। সেই ভৱনসমূহ যেন কেৱল অতিথিশালাতে সীমিত নাথাকে, তাৰ প্ৰতি লক্ষ্য ৰখা উচিত। প্ৰতিখন ৰাজ্যৰ এই ভৱনসমূহে দিল্লীত সঠিক অর্থত ৰাজ্যৰ ব্ৰেণ্ডক যেন দেশ আৰু বিশ্ববাসীৰ সন্মুখত তুলি ধৰিব পাৰে, তাৰ ব্যৱস্থা কৰাটো অতি জৰুৰী, যাতে ভৱনসমূহ পর্যটন আৰু ব্যৱসায়-বাণিজ্যৰ আদান-প্ৰদানৰ কেদ্ৰ হৈ উঠিব পাৰে, সেই দিশতো কাম কৰিব লাগিব।

বন্ধুসকল, দেশৰ বিভিন্ন ৰাজ্য যোগাযোগ ব্যৱস্থাৰ নিৰিখত পিছ পৰি আছে। দেশ-বিদেশৰ বাণিজ্যিক নেতা আৰু উদ্যোগপতিসকলে দিল্লীৰ পৰা সেইবোৰ ৰাজ্যত যাবলৈ বহু সময় লাগে৷ যেতিয়া তেওঁলোকৰ হাতত সময় কম থাকে, তেতিয়া দেশৰ ৰাজধানীত ৰাজ্যসমূহৰ বাণিজ্য কেন্দ্ৰ থাকিলে, সেই ৰাজ্যৰ সংস্কৃতি, কলা আৰু হস্তশিল্পৰ প্ৰদর্শনী থাকিলে সেয়া বিনিয়োগৰ ক্ষেত্রত বহু অনুকূল পৰিৱেশ গঢ়ি তুলিব পাৰিব।

জম্মু আৰু কাশ্মীৰ তথা লেহ–লাদাখৰ পৰা আৰম্ভ কৰি উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহ, বিন্ধ্য পর্বতৰ জনজাতীয় অঞ্চলসমূহৰ পৰা আৰম্ভ কৰি দক্ষিণৰ সমুদ্ৰলৈকে আমাৰ বাবে দেশ আৰু বিশ্বৰ সন্মুখত তুলি ধৰাৰ দৰে বিভিন্ন দিশ আছে। এতিয়া আমি সেইবোৰ তুলি ধৰাৰ বাবে বিশেষভাবে সক্রিয় হ’ব লাগিব৷ এই ক্ষেত্রত প্ৰতিখন ৰাজ্যৰ ভৱনসমূহত এনে ব্যৱস্থা গঢ়ি তোলা উচিত, যাতে যিকোনো লোকে তাত আহি পর্যটনৰ পৰা আদি কৰি বিনিয়োগলৈকে সকলো প্ৰশ্নৰ উত্তৰ পাব পাৰিব৷

মই পুনৰবাৰ আপোনালোকৰ সকলোকে গৰবি গুজৰাট ভৱনৰ বাবে বহুত বহুত শুভেচ্ছা জনাইছো৷ আশা কৰো গুজৰাটৰ ৰন্ধনৰ সোৱাদ লোৱাৰ সময় নিশ্চয় মনত ৰাখিব যে আমি দেশক সম্পূৰ্ণৰূপে প্লাষ্টিকমক্ত কৰিব লাগিব। মোৰ বিশ্বাস এই আন্দোলনৰ ক্ষেত্রতো গৰবি গুজৰাট ভৱনে দৃষ্টান্ত প্ৰতিষ্ঠা কৰিব।

মই পুনৰবাৰ আপোনালোক সকলোকে এই ভৱনৰ বাবে শুভেচ্ছা জনাইছো। বিভিন্ন অভিযানৰ সৈতে জড়িত লোকক ইয়ালৈ অহা দেখি খুব ভাল লাগিছে। মাজে মাজে এইদৰে বিভিন্ন অভিযানৰ প্ৰতিনিধিসকলক গুজৰাট ভৱনলৈ নিমন্ত্ৰণ জনালে আপোনালোকৰ ব্যৱসায় উন্নতি হ’ব। সেইবাবে এই প্ৰক্রিয়া অব্যাহত ৰাখিব লাগিব৷

বহুত বহুত ধন্যবাদ।

সকলোকে বহুত বহুত শুভেচ্ছা জনালো।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India trained 85,000 engineers in 4 years under Semicon 2.0: Vaishnaw

Media Coverage

India trained 85,000 engineers in 4 years under Semicon 2.0: Vaishnaw
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister reaffirms commitment to wildlife conservation on World Wildlife Day; shares Sanskrit Subhashitam
March 03, 2026

The Prime Minister, Shri Narendra Modi said that World Wildlife Day is about celebrating the incredible faunal diversity that enriches our planet and sustains our ecosystems. He said it is a day to acknowledge everyone working towards wildlife protection and reaffirm our commitment to conservation, sustainable practices and protecting habitats so that wildlife continues to thrive.

The Prime Minister noted that India cherishes being home to some of the world’s most extraordinary wildlife. He highlighted that India is home to over 70% of the world’s tiger population, has the largest population of the one-horned rhino and the maximum number of Asiatic elephants. He further stated that India is the only place in the world where the majestic Asiatic lion thrives.

The Prime Minister underlined that the Government has undertaken numerous efforts for wildlife protection. These include the setting up of the International Big Cat Alliance as an exceptional forum to share best practices with fellow nations. Other efforts include initiatives aimed at protecting the Great Indian Bustard, Gharial and Sloth Bear, as well as the translocation of cheetahs.

Emphasising India’s cultural ethos, the Prime Minister said that our scriptures pray for the welfare of all living beings and inspire sensitivity towards wildlife along with conservation. He shared a Sanskrit Subhashitam on this occasion which says-

“निर्वनो वध्यते व्याघ्रो निर्व्याघ्रं छिद्यते वनम्। तस्माद् व्याघ्रो वनं रक्षेद् वनं व्याघ्रं च पालयेत्॥”

The Subhashitam conveys that without forests, tigers perish; and without tigers, forests are destroyed. Therefore, the tiger protects the forest and the forest protects the tiger, underscoring the deep interdependence of nature.

In a series of X posts, Shri Modi said;

“World Wildlife Day is about celebrating the incredible faunal diversity that enriches our planet and sustains our ecosystems. It is a day to acknowledge everyone working towards wildlife protection. We reaffirm our commitment to conservation, sustainable practices and protecting habitats so that our wildlife continues to thrive.”

“We in India cherish the fact that we are home to some of the world’s most extraordinary wildlife. We are home to over 70% of the world’s tiger population. We have the largest population of the one-horned rhino, the maximum Asiatic elephants. India is the only place in the world where the majestic Asiatic lion thrives.”

“The NDA Government has undertaken numerous efforts for wildlife protection. This includes the setting up of the International Big Cat Alliance, an exceptional forum to share best practices with fellow nations. Other efforts include those aimed at protecting the Great Indian Bustard, Gharial, Sloth Bear and translocation of cheetahs.”

“आज World Wildlife Day है। हमारे शास्त्रों में सभी जीवों के कल्याण की कामना की गई है। उनसे हमें वन्यजीवों के संरक्षण के साथ-साथ उनके प्रति संवेदनशील होने की प्रेरणा भी मिलती है। उसका एक उदाहरण यह है… निर्वनो वध्यते व्याघ्रो निर्व्याघ्रं छिद्यते वनम्। तस्माद् व्याघ्रो वनं रक्षेद् वनं व्याघ्रं च पालयेत्॥”