With Pakyong Airport, the country has hit a century of airports: PM Modi
Pakyong Airport would greatly ease connectivity to Sikkim, boost tourism, strengthen trade: PM Modi
Out of 100 airports in the country today, 35 have been operationalized in the last four years: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছিকিমত পাকয়ং বিমানবন্দৰ মুকলি কৰে৷ এই বিমানবন্দৰ মুকলিৰ জৰিয়তে হিমালয় পাৰ্বত্যমালাৰ ৰাজ্যসমূহৰ ভিতৰত ই প্ৰথমটো বিমানবন্দৰ তথা দেশৰ ১০০তম বিমানবন্দৰ হিচাপে প্ৰসিদ্ধ হৈছে৷

মুকলি অনুষ্ঠানত সমবেত হোৱা জনতাক সম্বোধি প্ৰধানমন্ত্ৰীয়ে আজিৰ দিনটোক ছিকিমৰ এক ঐতিহাসিক দিন তথা ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ দিন হিচাপে অভিহিত কৰে৷ তেওঁ কয় যে পাকয়ং বিমানবন্দৰ মুকলিৰ জৰিয়তে দেশতম শততম বিমানবন্দৰটো স্থাপিত হ’ল৷ প্ৰধানমন্ত্ৰীয়ে ছিকিমৰ যুৱ ক্ৰিকেটাৰ নীলেশ লামিচনয়ৰ কথা উল্লেখ কৰি কয় যে যুৱ ক্ৰীড়াবিদজনে ৰাজ্যখনৰ প্ৰথমজন ক্ৰিকেটাৰ হিচাপে বিজয় হাজাৰে ট্ৰফীত শতক অৰ্জন কৰিবলৈ সমৰ্থ হৈছে৷

প্ৰধানমন্ত্ৰীয়ে পাকয়ং বিমানবন্দৰে ছিকিমৰ যোগাযোগ ব্যৱস্থা উন্নত কৰিব বুলি ভাষণত উল্লেখ কৰে৷ তেওঁ কয় যে উড়ান আঁচনিৰ অধীনত এই বিমানবন্দৰটো সাধাৰণ মানুহৰ বাবে উপযোগী হ’ব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে উত্তৰ পূৰ্বাঞ্চলক আন্তঃগাঁথনি আৰু আৱেগিক দিশত সংযোগীকৰণৰ কাম দ্ৰুত গতিত চলিব ধৰিছে৷ তেওঁ ব্যক্তিগতভাৱে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বিকাশৰ অগ্ৰগতিৰ খতিয়াল ল’বলৈ কেইবাবাৰো ভ্ৰমণ কৰা বুলি জানিবলৈ দিয়ে৷ ইয়াৰোপৰি অন্যান্য কেন্দ্ৰীয় মন্ত্ৰীসকলেও অঞ্চলটোত কৰা ভ্ৰমণৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে উনুকিয়াই দিয়ে৷ তেওঁ ভাষণ প্ৰসংগত উত্তৰ পূৰ্বাঞ্চলৰ বায়ুপথ, ৰে’ল সংযোগ, উন্নত পথ, ডাঙৰ দলং আদিৰ বিষয়ে আলোকপাত কৰে৷

 

প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ ১০০টা বিমানবন্দৰৰ ভিতৰত ৩৫টা বিমানবন্দৰ যোৱা চাৰিটা বৰ্ষত কাৰ্যকৰী কৰা হৈছে৷

ভাষণত প্ৰধানমন্ত্ৰীয়ে ছিকিমৰ জৈৱ কৃষিৰ উত্তৰণৰ বিষয়ে জানিবলৈ দিয়ে৷ তেওঁ কেন্দ্ৰ চৰকাৰৰ ‘‘উত্তৰ পূৰ্বাঞ্চলত জৈৱিক মূল্য বিকাশৰ অভিযান’’ সম্পৰ্কে ভাষণত উল্লেখ কৰে৷

 

 

 

 

 

 

 

Click here to read PM's speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Give mothers, sisters their due rights’: PM Modi pushes for women's reservation from the ramparts of Red Fort

Media Coverage

‘Give mothers, sisters their due rights’: PM Modi pushes for women's reservation from the ramparts of Red Fort
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 16 আগষ্ট 2026
August 16, 2026

Aatmanirbhar Ambitions Meet Global Alliances: The Modi Doctrine in Action