দশম শ্রেণীৰ ফলাফল নির্দিষ্ট সময়ৰ ভিতৰত গুৰুত্বপূর্ণ বিষয় বিবেচনা কৰি প্ৰস্তুত কৰা হ'ব
চিবিএছই-ৰ দশম শ্রেণীৰ ব'র্ডৰ পৰীক্ষা বাতিল
ছাত্র – ছাত্রীসকলৰ স্বার্থৰ কথা বিবেচনা কৰিয়েই চিবিএছই-ৰ দ্বাদশ শ্রেণীৰ পৰীক্ষাৰ বিষয়ে সিদ্ধান্ত লোৱা হৈছে : প্রধানমন্ত্রী
দশম শ্রেণীৰ ফলাফল নির্দিষ্ট সময়ৰ ভিতৰত গুৰুত্বপূর্ণ বিষয় বিবেচনা কৰি প্ৰস্তুত কৰা হ'ব
চিবিএছই-ৰ দশম শ্রেণীৰ ব'র্ডৰ পৰীক্ষা বাতিল
ছাত্র – ছাত্রীসকলৰ স্বার্থৰ কথা বিবেচনা কৰিয়েই চিবিএছই-ৰ দ্বাদশ শ্রেণীৰ পৰীক্ষাৰ বিষয়ে সিদ্ধান্ত লোৱা হৈছে : প্রধানমন্ত্রী

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি চিবিএছই-ৰ দ্বাদশ শ্রেণীৰ ব'র্ডৰ পৰীক্ষাৰ সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত পৌৰোহিত্য কৰে। ৰাজ্য চকাৰসমূহৰ লগতে সংশ্লিষ্ট সকলো পক্ষৰ মতামত আৰু নিবিড় আলোচনাৰ বিষয়ে বিষয়াসকলে এই বৈঠকত বিস্তাৰিতভাবে জনায়।

ক'ভিডৰ কাৰণে যি অনিশ্চয়তাৰ সৃষ্টি হৈছে আৰু সংশ্লিষ্ট সকলো পক্ষৰ সৈতে আলোচনাৰ পিছত সিদ্ধান্ত লোৱা হৈছে যে এই বছৰ দ্বাদশ শ্রেণীৰ ব'র্ডৰ পৰীক্ষা লোৱা নহ'ব। দ্বাদশ শ্রেণীৰ ছাত্র-ছাত্রীসকলৰ ফলাফল চিবিএছইয়ে নির্দিষ্ট সময়ৰ ভিতৰতে গুৰুত্বপূর্ণ বিষয় বিবেচনা কৰি প্ৰস্তুত কৰিব।

প্রধানমন্ত্রীয়ে কৈছে, "ছাত্র-ছাত্রীসকলৰ স্বার্থৰ দিশ বিবেচনা কৰি চিবিএছই-ৰ দ্বাদশ শ্রেণীৰ পৰীক্ষাৰ বিষয়ে সিদ্ধান্ত লোৱা হৈছে। ক'ভিড-১৯ মহামাৰীৰ ফলত শিক্ষাবর্ষ প্রভাবিত হৈছে আৰু ব'র্ডৰ পৰীক্ষাক লৈ ছাত্র-ছাত্রী, অভিভাবক-অভিভাবিকা আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মাজত যি উদ্বেগ সৃষ্টি হৈছে, সেয়া শেষ হোৱা দৰকাৰ।"

শ্রী মোদীয়ে কয়, "দেশজুৰি ক'ভিডৰ কাৰণে এক অভূতপূর্ব পৰিস্থিতি সৃষ্টি হৈছে। দেশত, ক'ভিড সংক্রমিতৰ সংখ্যা হ্রাস পাইছে, কেইবাখনো ৰাজ্যত মাইক্রোকনটেনমেন্ট সৃষ্টিৰ জৰিয়তে পৰিস্থিতিৰ ভালদৰে মোকাবিলা কৰা হৈছে। আকৌ কেইখনমান ৰাজ্যত লকডাউন চলিছে। এই পৰিস্থিতিত ছাত্র-ছাত্রীসকলৰ স্বাস্থ্যৰ বিষয়টোক লৈ স্বাভাৱিকভাৱেই ছাত্র-ছাত্রী, অভিভাবক-অভিভাবিকা আৰু শিক্ষক-শিক্ষয়িত্ৰীসকল উদ্বিগ্ন। সঙ্কটৰ এই সময়ত তেওঁলোকক পৰীক্ষাত বহিবলৈ জোৰ কৰা উচিত নহয়।"

প্রধানমন্ত্রীয়ে জোৰ দি কয়, "আমাৰ ছাত্র-ছাত্রীসকলৰ স্বাস্থ্য আৰু সুৰক্ষা সবাতোকৈ গুৰুত্বপূর্ণ। আৰু সেয়ে ইয়াৰ সৈতে কোনো আপোছ কৰা নহ'ব। আমাৰ যুৱক-যুৱতীসকলক আজিৰ এই সময়ত পৰীক্ষাত বহুওৱাৰ মাজেৰে সঙ্কটত পেলোৱাৰ কোনো যুক্তি নাই।"

শ্রী মোদীয়ে কয় যে ছাত্র-ছাত্রীসকলৰ প্রতি সংশ্লিষ্ট সকলো সংবেদনশীল হোৱা প্রয়োজন। স্বচ্ছভাৱে নির্দিষ্ট সময়ৰ ভিতৰত গুৰুত্বপূর্ণ সকলো দিশ বিবেচনা কৰি তেওঁ বিষয়াসকলক পৰীক্ষাৰ ফলাফল প্ৰস্তুত কৰাৰ নির্দেশ দিছে।

বিস্তাৰিত আলোচনাৰ পিছত ছাত্র-ছাত্রীসকলৰ সুবিধাৰ বাবে যি সিদ্ধান্ত লোৱা হৈছে, প্রধানমন্ত্রীয়ে তাৰ প্রশংসা কৰিছে। ভাৰতৰ সকলো অঞ্চলৰ সংশ্লিষ্ট সকলো পক্ষৰ সৈতে আলাপ – আলোচনাৰ পিছত এই ধৰণৰ এক সিদ্ধান্ত লোৱা হৈছে।

যোৱা বছৰৰ দৰে এই বছৰো যদি কোনো কোনো ছাত্র-ছাত্রীয়ে পৰীক্ষাত বহিব খোজে, তেনেহ'লে চিবিএছইয়ে পৰিস্থিতি স্বাভাবিক হ'লে নতুনকৈ চিন্তা-ভাবনা কৰিব।

প্রধানমন্ত্রীয়ে ইয়াৰ আগতে ২১ মে'ত এখন উচ্চপর্যায়ৰ বৈঠকৰ আয়োজন কৰিছিলে। সেই বৈঠকত বিভিন্ন দপ্তৰৰ মন্ত্রী আৰু বিষয়াসকল উপস্থিত আছিল। ইয়াৰ পিছত প্রতিৰক্ষা মন্ত্রীৰ পৌৰোহিত্যত ২৩ মে'ত এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত বিভিন্ন ৰাজ্যৰ শিক্ষামন্ত্রীসকল উপস্থিত আছিল। তাত চিবিএছই-ৰ পৰীক্ষা আয়োজন কৰাৰ বিষয়ে ৰাজ্য আৰু কেন্দ্রশাসিত অঞ্চলসমূহৰ মতামত শুনা হয় আৰু তাক লৈ আলোচনা হয়।

কেন্দ্রীয় গৃহ, অর্থ, বাণিজ্য, প্রতিৰক্ষা, তথ্য ও সম্প্রচাৰ, পেট্রোলিয়াম, নাৰী ও শিশুকল্যাণ মন্ত্ৰালয়ৰ দায়িত্বপ্রাপ্ত মন্ত্রীসকলৰ উপৰিও প্রধানমন্ত্রীৰ প্রধান সচিব, কেবিনেট সচিব, বিদ্যালয় শিক্ষা দপ্তৰৰ সচিব, উচ্চশিক্ষা দপ্তৰৰ সচিবসহ উচ্চপদস্থ বিষয়াসকলে আজিৰ বৈঠকত যোগ দিয়ে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Labour reforms: Govt fully operationalises four new codes by publishing rules

Media Coverage

Labour reforms: Govt fully operationalises four new codes by publishing rules
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister meets Andhra Pradesh Chief Minister Shri N. Chandrababu Naidu and his family in Hyderabad
May 10, 2026

The Prime Minister, Shri Narendra Modi met the Chief Minister of Andhra Pradesh, Shri N. Chandrababu Naidu, and his family at his residence in Hyderabad today.

The Prime Minister said that it is always a delight to meet Shri Chandrababu Naidu and his family and exchange views on a wide range of subjects and diverse topics.

The Prime Minister wrote on X;

“In Hyderabad, went to Andhra Pradesh Chief Minister Shri Chandrababu Naidu Garu’s residence and met him along with his family. It’s always a delight to meet them and exchange views on so many diverse topics.

@ncbn”