Kargil victory was the victory of bravery of our sons and daughters. It was victory of India's strength and patience: PM
In Kargil, India defeated Pakistan's treachery: PM Modi
In the last 5 years, we have undertaken numerous important steps for welfare of our Jawans and their families: PM Modi
All humanitarian forces must unite to counter the menace of terrorism: PM Modi

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজিৰে নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামত কার্গিল বিজয় দিৱসৰ স্মৃতিচাৰণ উপলক্ষে আয়োজিত এক অনুষ্ঠানত ভাষণ আগবঢ়ায়৷

ভাষণ প্ৰসংগত প্ৰধানমন্ত্রীয়ে কয় যে বীৰত্ব আৰু দেশৰ স্বার্থত উচৰ্গিত অনুপ্রেৰণাদায়ক কার্গিল যুদ্ধ জয়ৰ কাহিনী প্ৰতিগৰাকী ভাৰতীয়ই আজি স্মৰণ কৰিছে৷ প্ৰধানমন্ত্রীয়ে কার্গিলত পর্বত চূড়া ৰক্ষাত যিসকলে জীৱন উৎসর্গা কৰিলে, সেই সকলো শ্বহীদৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে৷ দেশৰ কল্যাণত জম্মু আৰু কাশ্মীৰৰ যিসকল লোকে নিজৰ কর্তব্য পালন কৰিছে, তেওঁলোকৰ ভূমিকাৰো প্ৰশংসা কৰে প্ৰধানমন্ত্রীয়ে। তেওঁ কয় যে ২০ বছৰৰ পূৰ্বে কার্গিলৰ পর্বতমালাত যি সাফল্য অর্জন কৰিলে, সেইটোৱে ভৱিষ্যৎ প্ৰজন্মকো অনুপ্রাণিত কৰিব৷

কার্গিল বিজয়ক প্ৰধানমন্ত্রীয়ে ভাৰতৰ সাহসী সন্তান, দৃঢ় সংকল্প, সক্ষমতা আৰু বীৰত্বৰ জয় বুলি বর্ণনা কৰে। তেওঁ লগতে কয় যে এই জয় কেৱল ভাৰতৰ মর্যাদা আৰু অনুশাসনৰে নহয়, বৰঞ্চ প্ৰত্যেক ভাৰতীয়ৰ প্ৰত্যাশা আৰু কর্তব্যৰ প্ৰতি নিষ্ঠাৰ জয়।

প্ৰধানমন্ত্রীয়ে জোৰ দি কয় যে যুদ্ধত কেৱল চৰকাৰেই নহয়, সমগ্ৰ জাতি চামিল হয়। তেওঁ কয় যে ভৱিষ্যৎ প্ৰজন্মৰ বাবে জোৱানসকলে তেওঁলোকৰ সর্বস্ব ত্যাগ কৰে। সেয়েহে জোৱানসকলৰ অৱদান আৰু কৃতিত্ব প্ৰতিজন ভাৰতীয়ৰ বাবে গৌৰৱৰ বিষয়।

২০১৪ চনত প্ৰধানমন্ত্রী হিচাপে দায়িত্ব গ্ৰহণৰ কেইমাহমানৰ পাছতে তেওঁৰ কার্গিল ভ্ৰমণৰ কথা  উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ২০ বছৰৰ পূৰ্বৰ কার্গিল ভ্ৰমণৰ কথাও স্মৰণ কৰে। কার্গিলত সেনা জোৱানসকলৰ বীৰত্বৰ কথা স্মৰণ কৰি তেওঁ কয় যে সমগ্ৰ জাতি সেনাৰ কাষত আছে। যুৱক-যুৱতীসকলে ৰক্তদান কৰিছিল, আনকি বিদ্যালয়ত পঢ়ি থকা শিশুসকলেও সেনা জোৱানৰ বাবে তেওঁলোকৰ পকেটমানি দান কৰিছিল৷

তদানীন্তন প্ৰধানমন্ত্রী শ্রী অটল বিহাৰী বাজেপেয়ীৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে শ্রী বাজপেয়ী কৈছিল, “আমি যদি সেনা জোৱানসকলৰ জীৱনৰ প্ৰতি গুৰুত্ব নিদিও, তেতিয়াহ’লে মাতৃভূমিৰ প্ৰতি কর্তব্য পালনত আমি ব্যর্থ প্ৰতিপন্ন হ’ম”। বিগত পাঁচ বছৰত সৈনিক আৰু তেওঁলোকৰ পৰিয়ালৰ কল্যাণৰ বাবে কেন্দ্রীয় চৰকাৰে যিবোৰ পদক্ষেপ গ্ৰহণ কৰিছে, সেইক্ষেত্ৰত প্ৰধানমন্ত্রীয়ে সন্তোষ প্ৰকাশ কৰে। এই প্ৰসংগত তেওঁ এক পদ, এক পেন্সন, শ্বহীদ জোৱানৰ সন্তানসকলৰ বাবে বৃত্তিৰ পৰিমাণ বৃদ্ধি আৰু ৰাষ্ট্ৰীয় যুদ্ধস্মাৰকৰ কথা উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয়, “কাশ্মীৰক লৈ পাকিস্তানৰ প্ৰৱঞ্চনাৰ পুনৰাবৃত্তি হৈছে। কিন্তু আমি ১৯৯৯ চনতো তেওঁলোকৰ সকলো প্ৰচেষ্টা ব্যর্থ কৰিছো”৷ আনকি, প্রাক্তন প্ৰধানমন্ত্রী বাজপেয়ীৰ এক কার্যকৰী পদক্ষেপৰ ক্ষেত্রতো শত্রু পক্ষ পাকিস্তানৰ ফালৰ পৰা কোনো উত্তৰ নাপায়৷ প্ৰধানমন্ত্ৰীয়ে কয় যে বাজপেয়ী চৰকাৰৰ শান্তি স্থাপনৰ প্ৰচেষ্টাৱলীয়ে সমগ্ৰ বিশ্বত ভাৰতৰ স্থিতিৰ ক্ষেত্ৰত এক উপযুক্ত বুজাপৰাৰ পৰিৱেশ গঢ়ি তুলিছিল।

প্ৰধানমন্ত্রীয়ে সজোৰে কয় যে ভাৰতে কেতিয়াও, আনকি অতীতো আগ্রাসী মনোভাৱ গ্ৰহণ কৰা নাই। ভাৰতীয় সেনাবাহিনীয়ে বিশ্বজুৰি মানৱতা আৰু শান্তিৰ ৰক্ষক হিচাপে ভূমিকা পালন কৰিছে। এই প্ৰসংগত তেওঁ ইজৰাইলত হাইফাৰ স্বাধীনতাত ভাৰতীয় সেনা জোৱানৰ ভূমিকা আৰু প্ৰথম বিশ্ব যুদ্ধত শ্বহীদ ভাৰতীয় সেনা জোৱানসকলৰ স্মৃতিত ফ্রান্সত নিৰ্মাণ কৰা স্মৃতিসৌধৰ কথাও উল্লেখ কৰে। প্ৰথম বিশ্ব যুদ্ধৰ সময়ত ১ লাখতকৈও অধিক ভাৰতীয় সেনা শ্বহীদ হৈছিল বুলি সদৰি কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানসমূহতো সৰ্বাধিক ভাৰতীয় সেনাই শ্বহীদ হৈছে। প্রাকৃতিক দুৰ্যোগৰ সময়ত সেনাবাহিনীৰ নিষ্ঠা আৰু নিঃস্বার্থ সেৱাৰ কথাও তেওঁ বিশেষভাবে উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে সন্ত্রাসবাদ আৰু ছায়াযুদ্ধ সমগ্ৰ বিশ্বৰ বাবেই আজি ডাঙৰ বিপদ। তেওঁ কয় যে যুদ্ধত যিসকল পৰাজিত হৈছে তেওঁলোকে আজি ৰাজনৈতিক উদ্দেশ্য পূৰণত ছায়াযুদ্ধক প্ৰশ্ৰয় দিছে আৰু সন্ত্রাসক সহায় কৰিছে। মানৱতাবাদত যিসকলে বিশ্বাস কৰে, এতিয়া সময় আহিছে সেনাবাহিনীৰ ওচৰত তেওঁলোক থিয় হোৱাৰ আৰু সমর্থন যোগোৱাৰ। সন্ত্রাসবাদ সমস্যাৰ কার্যকৰী সমাধানৰ বাবে এইটো অতি জৰুৰী বুলি তেওঁ মত প্ৰকাশ কৰে।

প্ৰধানমন্ত্রীয়ে কয় যে এই প্ৰতিযোগিতা এতিয়া মহাকাশ আৰু চাইবাৰ বিশ্বতো পাইছেগৈ। সেইবাবে সেনাবাহিনীকো আধুনিক ৰূপত গঢ়ি তুলিব লাগিব। তেওঁ কয় যে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বার্থত ভাৰতে কোনো চাপৰ ওচৰত কোনো পৰিস্থিতিতে শিৰ নত নকৰে। এই প্ৰসংগত তেওঁ অৰিহন্তৰ মাধ্যমত পাৰমাণৱিক আক্ৰমণৰ ক্ষেত্রত ভাৰতৰ সক্ষমতা আৰু উপগ্ৰহ ধ্বংসকাৰী ক্ষেপনাস্তৰ সফল পৰীক্ষাৰ কথাও উল্লেখ কৰে। তেওঁ লগতে কয় যে সেনাবাহিনীৰ দ্রুত আধুনিকীকৰণ কৰা হৈছে আৰু প্ৰতিৰক্ষা ক্ষেত্রত ‘মেক ইন ইণ্ডিয়া’ কর্মসূচীৰ জৰিয়তে বেচৰকাৰী সংস্থাৰ অংশগ্ৰহণ বৃদ্ধিৰ যাৱতীয় প্ৰয়াস চলি আছে। সেনাবাহিনীৰ তিনিটা শাখাৰ ভিতৰত আৰু অধিক ‘সু-সমন্বয়’ গঢ়ি তোলাৰ ওপৰতো তেওঁ জোৰ দিয়ে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে সীমান্ত এলেকাত আন্তঃগাঁথনি জোৰদাৰ কৰা হৈছে। এই সকলো এলেকাৰ উন্নয়ন আৰু তাত বসবাস কৰা লোকসকলৰ কল্যাণত গৃহীত পদক্ষেপসমূহৰ কথাও তেওঁ উল্লেখ কৰে৷

সদৌশেষত প্ৰধানমন্ত্রীয়ে কয় যে এইটো সেইটো জাতি, যি ১৯৪৭ত স্বাধীনতা অর্জন কৰিছিল; এইটো সেইটো জাতি, যাৰ বাবে ১৯৫০ত সংবিধান ৰচিত হৈছিল আৰু এই জাতিৰ বাবেই কার্গিলত তুষাৰাবৃত পর্বত শিখৰত ৫০০জনতকৈ অধিক নির্ভীক সেনাই জীৱন উৎসর্গা কৰিছিল৷

এই ত্যাগ যাতে বিফল নহয় আৰু শ্বহীদসকলৰ কর্তব্যৰ পৰা প্রেৰণা লৈ তেওঁলোকৰ সপোনৰ ভাৰত নিৰ্মাণ কৰিবলৈ প্ৰধানমন্ত্রীয়ে সকলোকে দৃঢ় সংকল্প গ্ৰহণৰ আহ্বান জনায়৷ 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Total Urea stocks currently at 61.14 LMT, up from 55.22 LMT in March 2025

Media Coverage

Total Urea stocks currently at 61.14 LMT, up from 55.22 LMT in March 2025
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister reflects on the immense power of devotion during Navratri
March 22, 2026

Prime Minister Shri Narendra Modi today shared his reflections on the spiritual significance of Navratri, emphasizing the profound energy and strength derived from devotion to the Mother Goddess.

The Prime Minister observed that there is immense power in the devotion to the Mother, noting that the worship of Devi Maa fills the hearts of devotees with positive energy. On this occasion, Shri Modi also shared a devotional hymn dedicated to the Goddess..

The Prime Minister wrote on X:
"माता की भक्ति में विराट शक्ति है। देवी मां की वंदना से श्रद्धालुओं का मन सकारात्मक ऊर्जा से भर जाता है।"