Ayushman Bharat is one of the revolutionary steps of New India
Ayushman Bharat symbolizes the collective resolve and strength of 130 crore people as India: PM Modi
Ayushman Bharat is a holistic solution for a healthy India: PM

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ‘আয়ুষ্মান ভাৰত’ৰ বাবে এটা নতুন ‘মোবাইল এপ্লিকেশ্যন’ৰ শুভাৰম্ভ কৰে। দেশৰ ১০.৭০ কোটি দৰিদ্ৰ পৰিয়ালক চিকিত্সা সেৱা আগবঢ়াই আৰোগ্য জীৱন প্ৰদান কৰিব পৰাকৈ আৰম্ভ কৰা ‘আয়ুষ্মান ভাৰত’ শীৰ্ষক স্বাস্থ্য বীমা আঁচনিখনৰ বাবে এই এপটো বাৰুকৈয়ে উপযোগী হ’ব বুলি আশা কৰা হৈছে। ‘আয়ুষ্মান ভাৰত’ৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে নতুন দিল্লীত আয়োজিত ‘আৰোগ্য মন্থন’ সমাৰোহত প্ৰধানমন্ত্ৰীয়ে নতুন এপটো মুকলি কৰে। উল্লেখ্য যে বিশাল সংখ্যক লোকক চিকিত্সা ব্যয়ৰ পৰা সকাহ দান কৰিব পৰা ‘আয়ুষ্মান ভাৰত’ ইতিমধ্যে পৃথিৱীৰ ভিতৰতে বৃহত্তম স্বাস্থ্য বীমা আঁচনি বুলি পৰিগণিত হৈছে। ‘আয়ুষ্মান ভাৰত’ৰ বৰ্ষপূৰ্তিৰ সামৰণি সমাৰোহ হিচাপে আয়োজিত ‘আৰোগ্য মন্থন’ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোডীয়ে সভাপতিত্ব কৰিছিল। অনুষ্ঠানত তেওঁ দেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা ‘আয়ুষ্মান ভাৰত প্ৰধান মন্ত্ৰী জন আৰোগ্য যোজনা’ৰ কেইগৰাকীমান নিৰ্বাচিত হিতাধিকাৰীৰ সৈতেও কথা-বতৰা পাতে।

‘প্ৰধান মন্ত্ৰী জন আৰোগ্য যোজনা’ই অতিক্ৰম কৰা বিগত এটা বছৰৰ খটিয়ান দাঙি ধৰি যুগুতাই উলিওৱা প্ৰদৰ্শনী এখনো পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰী মোডীয়ে। তেওঁ ‘আয়ুষ্মান ভাৰত ষ্টৰ্ট আপ গ্ৰেণ্ড চেলেঞ্জ’-ৰ শুভাৰম্ভ ঘোষণা কৰাৰ লগতে এই উপলক্ষে প্ৰকাশ কৰি উলিওৱা ডাক টিকট এটাও মুকলি কৰে।

অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয়, ‘আয়ুষ্মান ভাৰত’ৰ প্ৰথম বছৰটো আছিল সিদ্ধান্ত গ্ৰহণ, উত্সৰ্গা আৰু পাৰস্পৰিক শিক্ষা আহৰণৰ। আমি গ্ৰহণ কৰা দৃঢ় সংকল্পৰ সুবাদতে আমি পৃথিৱীৰ বৃহত্তম স্বাস্থ্য বীমাআঁচনিখন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সক্ষম হৈছো। এই বীমাৰ বাবেই আজি দেশৰ প্ৰতিগৰাকী দৰিদ্ৰ ব্যক্তি তথা নাগৰিকে সহজে উন্নত স্বাস্থ্য সেৱাৰ সুবিধা গ্ৰহণ কৰিব পৰা হৈছে’ বুলি তেওঁ উল্লেখ কৰে। ভাষণ প্ৰসংগত প্ৰধানমন্তীয়ে কয় যে এই সাফল্যৰ নেপথ্যত দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসনে প্ৰদৰ্শন কৰা আন্তৰিক আৰু উত্সৰ্গিত কৰ্মোদ্যমে ক্ৰীয়া কৰিছে। তেওঁ আঁচনিখনে দেশৰ লক্ষ লক্ষ দৰিদ্ৰ নাগৰিকৰ মাজত ৰোগৰ পৰা মুক্তি পোৱাৰ এক প্ৰত্যয় প্ৰদান কৰিছে বুলিও মন্তব্য কৰে। তেওঁ কয়, যদি যোৱা এটা বছৰত এই আঁচনিখনৰ বাবে অন্ততঃ এজন ব্যক্তিও চিকিত্সা ব্যয়ৰ নামত  ঘৰ, মাটি, গহণা অথবা আন কিবা মূল্যবান সা-সম্পত্তি বন্ধকত দিবলগীয়া হোৱাৰ পৰা ৰক্ষা পৰিছে তেন্তে ‘আয়ুষ্মান ভাৰত’ৰ বাবে এয়া এক বৃহত্ সাফল্য হিচাপেই চিহ্নিত হ’ব। বিগত এটা বছৰত আঁচনিখনৰ অধীনত দেশৰ প্ৰায় ৫০,০০০ দৰিদ্ৰ ব্যক্তিয়ে তেওঁলোকৰ জিলা কিম্বা ৰাজ্যৰ বাহিৰলৈ গৈ উন্নত চিকিত্সাসেৱা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে বুলিও তেওঁ তথ্য দাঙি ধৰে।

তেওঁ আঁচনিখনে দেশৰ লক্ষ লক্ষ দৰিদ্ৰ নাগৰিকৰ মাজত ৰোগৰ পৰা মুক্তি পোৱাৰ এক প্ৰত্যয় প্ৰদান কৰিছে বুলিও মন্তব্য কৰে। তেওঁ কয়, যদি যোৱা এটা বছৰত এই আঁচনিখনৰ বাবে অন্ততঃ এজন ব্যক্তিও চিকিত্সা ব্যয়ৰ নামত  ঘৰ, মাটি, গহণা অথবা আন কিবা মূল্যবান সা-সম্পত্তি বন্ধকত দিবলগীয়া হোৱাৰ পৰা ৰক্ষা পৰিছে তেন্তে ‘আয়ুষ্মান ভাৰত’ৰ বাবে এয়া এক বৃহত্ সাফল্য হিচাপেই চিহ্নিত হ’ব। বিগত এটা বছৰত আঁচনিখনৰ অধীনত দেশৰ প্ৰায় ৫০,০০০ দৰিদ্ৰ ব্যক্তিয়ে তেওঁলোকৰ জিলা কিম্বা ৰাজ্যৰ বাহিৰলৈ গৈ উন্নত চিকিত্সাসেৱা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে বুলিও তেওঁ তথ্য দাঙি ধৰে।

প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে বিশাল সংখ্যক সাধাৰণ নাগৰিকৰ জীৱন ৰক্ষা কৰাৰ ক্ষেত্ৰত আঁচনিখনে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বাবেই নহয়, বৰং ১৩০কোটি দেশবাসীৰ উত্সৰ্গিত মনোভাৱৰ প্ৰতীক হৈ উজলি উঠাৰ বাবেও ‘আয়ুষ্মান ভাৰত’ নতুন ভাৰতৰ বাবে বৈপ্লৱিক পদক্ষেপ বুলি চিহ্নিত হৈছে। তেওঁ ‘আয়ুষ্মান ভাৰত’ক সমগ্ৰ দেশৰ বাবে এক ‘সামূহিক সমাধান’ আৰু ‘শ্ৰীমান ভাৰত’ৰ বাবে ‘মংগলকামী সমাধান সূত্ৰ’ বুলি অভিহিত কৰে। এয়া চৰকাৰে গ্ৰহণ কৰা দৃষ্টিভংগীৰ উত্কৃষ্ট নিদৰ্শন বুলি উল্লেখ কৰা প্ৰধানমন্ত্ৰীয়ে কয়, ‘আমাৰ চৰকাৰে দেশৰ সমস্যা আৰু প্ৰত্যহ্বানসমূহক বিচ্ছিন্ন ভাবে মোকাবিলা কৰাতকৈ সামগ্ৰিকভাবে মষিমূৰ কৰাৰ মানসিকতাৰেহে আগবঢ়িব খুজিছো।

উল্লেখ্য যে, ‘আয়ুষ্মান ভাৰত প্ৰধান মন্ত্ৰী জন আৰোগ্য যোজনা’-ৰ বৰ্ষপূৰ্তি উপলক্ষে ৰাষ্ট্ৰীয় স্বাস্থ্যসেৱা প্ৰাধিকৰণে দুদিনীয়া কাৰ্যসূচীৰে ‘আৰোগ্য মন্থন সমাৰোহ’ৰ আয়োজন কৰিছিল। আঁচনিখন ৰূপায়ণৰ সৈতে জড়িত থকা বিভিন্ন অংশীদাৰসকলক মত বিনিময়ৰ এক মঞ্চ প্ৰদানৰ লগতে আঁচনিখন পৰিচালনাৰ বেলিকা যোৱা এটা বছৰত সন্মুখীন হোৱা  সমস্যা তথা প্ৰত্যহ্বানসমূহৰ বিষয়ে আলোচনা কৰি পৰৱৰ্তী কাৰ্যক্ৰম অধিক উন্নত ৰূপত আগুৱাই নিয়াৰ বাবে  এই সমাৰোহ অনুষ্ঠিত কৰা হৈছিল।

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi Leads International Yoga Day Event In Kolkata, Says It Has Become 'World's Biggest Festival'

Media Coverage

PM Modi Leads International Yoga Day Event In Kolkata, Says It Has Become 'World's Biggest Festival'
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Indian women’s hockey team on winning FIH Hockey Women’s Nations Cup
June 21, 2026

The Prime Minister, Shri Narendra Modi has congratulated the Indian women’s hockey team for emerging as winners of the FIH Hockey Women’s Nations Cup.

The Prime Minister said that the team played exceptionally well throughout the entire tournament.

Shri Modi extended his best wishes to the team and expressed hope that this victory would inspire several others to take up hockey.

In a post on X, Shri Modi said;

“Indian hockey players bring pride and joy!

Congratulations to the women’s team for emerging as winners in the FIH Hockey Women’s Nations Cup. The team played exceptionally well throughout the entire tournament. Best wishes to the team.

May this win inspire several others to play hockey.

@TheHockeyIndia”