PM Modi, South Korean President inaugurate world’s largest mobile manufacturing unit in Noida
Digital technology is playing a key role in making the lives of the common man simpler: PM Modi
The expansion of smartphones, broadband and data connectivity is a sign of digital revolution in India: PM Modi
India’s growing economy and rising neo middle class, creates immense investment possibilities: PM Modi

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদী আৰু কোৰিয়াৰ ৰাষ্ট্ৰপতি শ্ৰীযুত মুন জেই-ইনে আজি নয়দাত ছেমছাং ইণ্ডিয়া ইলেক্ট্রনিক্স প্রাইভেট লিমিটেডৰ এক বৃহৎ ম’বাইল উৎপাদন কাৰখানা উদ্বোধন কৰে।

এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতক বিশ্বৰ এক বিশেষ উৎপাদনৰ গন্তব্যস্থান ৰূপে গঢ়ি তোলাৰ লক্ষ্যৰ ভিতৰত এই কাৰখানাটোও অন্যতম। প্রায় ৫ হাজাৰ কোটি টকা বিনিয়োগ কৰিবলগীয়া এই ম’বাইল উৎপাদন প্রচেষ্টাই ভাৰতৰ সৈতে ছেমছাঙৰ বাণিজ্যিক সম্পর্কক শক্তিশালী কৰি তোলাৰ উপৰি দুয়ো দেশৰ বন্ধুত্বপূৰ্ণ সম্পর্কতো এক নতুন মাত্রা আনিব।

প্রধানমন্ত্রীয়ে কয় যে সাধাৰণ লোকৰ জীৱনক আৰু অধিক সহজ কৰি তুলিবলৈ ডিজিটেল প্রযুক্তিয়ে এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে। ইয়াৰ বাবে সেৱা আগবঢ়োৱাৰ কামো অধিক স্বচ্ছ আৰু দ্রুত কৰি তোলা হৈছে। স্মার্ট ফোন, ব্রোডবেণ্ড আৰু ডাটা সংযোগৰ প্রসাৰৰ কথা উল্লেখ কৰি তেওঁ কয় যে এইবোৰে ভাৰতত ডিজিটেল বিপ্লৱৰ সাক্ষ্য বহন কৰিছে। এই প্রসংগত তেওঁ চৰকাৰী ই-বজাৰ (জিইএম), ডিজিটেল পদ্ধতিৰে লেনদেনৰ প্রসাৰ আৰু ‘ভীম’ এপ আৰু ‘ৰুপে’ কার্ড আৰম্ভ কৰাৰ কথা উল্লেখ কৰে। ‘মেক ইন ইণ্ডিয়া’ আঁচনিয়ে কেৱল দেশৰ এক আর্থিক তথা অর্থনৈতিক নীতিগত উদ্যোগ বুলি ভৱাৰ লগতে ইয়াক দক্ষিণ কোৰিয়াৰ দৰে বন্ধু দেশসমূহৰ লগতে ভাৰতৰ সম্পর্কক উন্নত কৰি তোলাৰ এটি প্রচেষ্টা বুলি উল্লেখ কৰে প্রধানমন্ত্রীয়ে।

নতুন ভাৰতৰ স্বচ্ছ বাণিজ্য সংস্কৃতিৰ সুযোগ গ্রহণৰ বাবে আগ্রহী দেশসমূহৰ বাবে ভাৰতে মুক্তভাৱে আমন্ত্রণ জনাই ৰাখিছে বুলি ঘোষণা কৰে শ্রী নৰেন্দ্র মোদীয়ে। তেওঁ কয় যে ভাৰতৰ উন্নয়নশীল অর্থনীতি আৰু নতুনকৈ গঢ়ি উঠা মধ্যবিত্ত শ্রেণীৰ বিনিয়োগ সম্ভাৱনাক আৰু অধিক উজ্জ্বল কৰি তুলিছে।

প্রধানমন্ত্রীয়ে ম’বাইল ফোন নির্মাণ আৰু উৎপাদনৰ ক্ষেত্রত আন্তঃৰাষ্ট্ৰীয় দিশৰ পৰা ভাৰতৰ স্থান এতিয়া দ্বিতীয় বুলি বর্ণনা কৰে। তেওঁ কয় যে মাত্র চাৰি বছৰৰ ব্যৱধানত ভাৰতত ম’বাইল ফোন উৎপাদন কাৰখানাৰ সংখ্যা ২ৰ পৰা ১২০টালৈ বৃদ্ধি পাইছে। ইয়াৰ ফলত লাখ লাখ লোকৰ বাবে কর্মসংস্থাপনৰ সুযোগো সৃষ্টি হৈছে।

প্রধানমন্ত্রীয়ে নতুন ম’বাইল উৎপাদন কাৰখানাটো স্থাপন হোৱাৰ ফলত কোৰিয়ান প্রযুক্তিৰ সৈতে ভাৰতীয় উৎপাদন তথা ছফ্‌টৱেৰ প্রযুক্তিৰ সমন্বয়ত দেশত বিশ্বমানৰ সামগ্ৰী উৎপাদন সম্ভৱ কৰি তুলিব বুলি বৰ্ণনা কৰে। ইয়াক তেওঁ দুয়ো দেশৰে মিলিত তথা শক্তিশালী দৃষ্টিভংগী বুলিও উল্লেখ কৰে।


 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian scientists break a century-old limit on turning heat into electricity

Media Coverage

Indian scientists break a century-old limit on turning heat into electricity
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Italian PM Giorgia Meloni on becoming the longest continuously serving Prime Minister in Italy's postwar history
September 04, 2026

Prime Minister Shri Narendra Modi today congratulated Italian Prime Minister Giorgia Meloni on becoming the longest continuously serving Prime Minister in Italy's postwar history.

The Prime Minister stated that this milestone is a reflection of the trust and confidence of the Italian people in her leadership. He further noted that her friendship has been instrumental in strengthening the India-Italy Special Strategic Partnership, adding that he looks forward to continuing their close cooperation to build a prosperous future for the people of both countries. He extended his best wishes for her continued success in the years ahead.

In a post on X, the Prime Minister shared:

"Congratulations to my friend Prime Minister Meloni on becoming the longest continuously serving Prime Minister in Italy's postwar history. This milestone is a reflection of the trust and confidence of the Italian people in her leadership.

Her friendship has also been instrumental in strengthening the India-Italy Special Strategic
Partnership and I look forward to continuing our close cooperation to build a prosperous future for the people of our countries.

My best wishes for her continued success in the years ahead.

@GiorgiaMeloni"