India-France ties based on the principles of liberty, equality and fraternity: PM Modi
India and France will cooperate to mitigate climate change
India and France will expand cooperation in security and counter-terrorism measures: PM

মাননীয় ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ন মহোদয়,

ভাৰত আৰু ফ্ৰান্সৰ সন্মানীয় প্ৰতিনিধিসকল.

বন্ধু সকল,

বন জু’ৰ,

নমস্কাৰ, 

পোন প্ৰথমে মই মোৰ নিকটতম বন্ধু ৰাষ্ট্ৰপতি মেক্ৰ’নলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো৷ তেওঁ মোক আৰু মোৰ প্ৰতিনিধিসকলক এই ঐতিহাসিক স্থানলৈ অতিশয় আন্তৰিকতাৰে আদৰণি জনাইছে৷ এয়া মোৰ বাবে স্মৰণীয় মুহূৰ্ত৷ জি৭ সন্মিলনলৈ ৰাষ্ট্ৰপতি মেক্ৰ’নৰ আমন্ত্ৰণে ভাৰত আৰু ফ্ৰান্সৰ মাজৰ কৌশলগত মিত্ৰতাৰ প্ৰতিফলন ঘটাইছে৷ আজি আমি বৈঠকত বিভিন্ন আলোচনাৰ সৈতে ফ্ৰান্সৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হ’বলগীয়া জি৭ সন্মিলনৰ এজেণ্ডাসমূহৰ বিষয়েও আলোচনা কৰিছো৷ এই সন্মিলনৰ সম্পূৰ্ণ সফলতাৰ আশা কৰিছো আৰু ভাৰতে এইক্ষেত্ৰত যথোপযুক্ত সহযোগিতা আগবঢ়াব৷ জৈৱ বৈচিত্ৰতা, জলবায়ু পৰিৱৰ্তন অথবা শীত আৰু গেছৰ সমস্যাৰ বাবে ভাৰতে শতিকাজুৰি প্ৰকৃতিৰ সৈতে সাংস্কৃতিক আৰু পৰম্পৰাগতধৰণে সহৱস্থান কৰাৰ পোষকতা কৰি আহিছে৷ মানৱ কল্যাণৰ বাবে প্ৰকৃতি ধ্বংস কেতিয়াও লাভদায়ক নহয় আৰু এয়া জি৭ সন্মিলনৰ বিষয়বস্তু হোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতে অধিক সুখী অনুভৱ কৰিছে৷ 

বন্ধুসকল,

ভাৰত আৰু ফ্ৰান্সৰ মিত্ৰতা শতিকা পুৰণি৷ আমাৰ মিত্ৰতা কোনো স্বাৰ্থপৰ কাৰণত নহয়, বৰঞ্চ এই মিত্ৰতা ‘স্বতন্ত্ৰতা, সমতা আৰু ভাতৃত্ববোধ’ৰ ওপৰত প্ৰতিষ্ঠিত৷ সেইবাবে ভাৰত আৰু ফ্ৰান্সে কান্ধত কান্ধ মিলাই স্বাধীনতা আৰু গণতন্ত্ৰক সুৰক্ষা প্ৰদান কৰাৰ লগতে ফেচীবাদ আৰু উগ্ৰবাদৰ সৈতে মোকাবিলা কৰি আহিছে৷ প্ৰথম বিশ্বযুদ্ধৰ সময়ত ফ্ৰান্সত সহস্ৰাধিক ভাৰতীয় সৈন্যৰ নিধনৰ বিষয়ে এতিয়া ফ্ৰান্সে স্মৰণ কৰে৷ আজি ফ্ৰান্স আৰু ভাৰতে একত্ৰিতভাৱে সন্ত্ৰাসবাদ, জলবায়ু পৰিৱৰ্তন, পৰিবেশ আৰু প্ৰযুক্তিৰ অন্তৰ্নিহিত বিকাশৰ দিশত থিয় দিছে৷ আমাৰ দুয়োখন দেশে কেৱল ভাল কামৰ বিষয়ে কোৱাই নহয়, তাৰ পদক্ষেপো গ্ৰহণ কৰিছে৷ আন্তৰ্জাতিক সৌৰ সহযোগিতা হ’ল ভাৰত আৰু ফ্ৰান্সৰ এক সফল পদক্ষেপৰ উদাহৰণ৷ 

বন্ধুসকল,

দুটা দশকজুৰি আমি কৌশলগত মিত্ৰতাৰ দিশত আগবাঢ়িছো৷ আজি ভাৰত আৰু ফ্ৰান্স পৰস্পৰে পৰস্পৰৰ বিশ্বাসী সহযোগী৷ আমাৰ কঠিন সময়ত আমি পৰস্পৰে পৰস্পৰক সমৰ্থন কৰিছো৷

আজি ৰাষ্ট্ৰপতি মেক্ৰ’ন আৰু মই আমাৰ সম্পৰ্কৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰিছো৷ ২০২২ চনত ভাৰতৰ স্বাধীনতাৰ ৭৫ বৰ্ষ সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত আমি তেতিয়ালৈ নতুন ভাৰতৰ বাবে বিভিন্ন লক্ষ্য নিৰ্ধাৰণ কৰিছো৷ আমাৰ প্ৰধান উদ্দেশ্য হ’ল ভাৰতক ৫ ত্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি হিচাপে নিৰ্মাণ কৰা৷ ভাৰতৰ বিকাশৰ প্ৰয়োজনীয়তাই ফৰাচী উদ্যোগসমূহৰ বাবে সোণালী সুযোগ প্ৰদান কৰিছে৷ আমাৰ অৰ্থনৈতিক সহযোগিতা বৃদ্ধি কৰিবলৈ আমি দক্ষতা বিকাশ, অসামৰিক বিমান পৰিবহণ, তথ্য প্ৰযুক্তি, মহাকাশ আৰু বিভিন্ন ক্ষেত্ৰত নতুন পদক্ষেপ গ্ৰহণ কৰাৰ দিশত অগ্ৰসৰ হৈছো৷ প্ৰতিৰক্ষাৰ সহযোগিতা হ’ল আমাৰ মিত্ৰতাৰ আটাইতকৈ শক্তিশালী স্তম্ভ৷ মই সুখী যে আমি বিভিন্ন প্ৰকল্পত সুন্দৰ উত্তৰণ ঘটাবলৈ সমৰ্থ হৈছো৷ অহা মাহত ভাৰতলৈ ৩৬খন ৰাফেল এয়াৰক্ৰাফ্ট প্ৰেৰণ কৰা হ’ব৷ আমি প্ৰযুক্তি আৰু সহ-উৎপাদনতো সহযোগিতা বৃদ্ধি কৰিম৷ ফ্ৰান্সেই হ’ল প্ৰথমখন দেশ যাৰ সৈতে আমি ‘নিউ জেনেৰেচন চিভিল নিউক্লিয়াৰ এগ্ৰিমেণ্ট’ স্বাক্ষৰিত কৰিছো৷ আমি আমাৰ উদ্যোগসমূহক জয়িতাপুৰ প্ৰকল্পৰ দিশত দ্ৰুত ধাৱমান হোৱাৰ বাবে আহ্বান জনাইছো আৰু বিদ্যুতৰ মূল্যৰ কথাটোতো গুৰুত্ব প্ৰদান কৰিছো৷ দুয়োপক্ষৰ পৰা পৰ্যটনৰ ক্ৰমাগত বিকাশ হ’বলৈ ধৰাটোও সন্তোষৰ কথা৷ প্ৰত্যেক বছৰে প্ৰায় ২.৫ লাখ ফৰাচী পৰ্যটক আৰু ৭ লাখ ভাৰতীয় পৰ্যটকে দুয়োখন দেশ ভ্ৰমণ কৰে৷ উচ্চ শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বিনিময় বিশেষভাৱে বৃদ্ধি হোৱাটো আৱশ্যক৷ ২০২১-২০২২ বৰ্ষত ভাৰতীয় সাংস্কৃতিক উৎসৱ ‘‘নমস্তে ফ্ৰান্স’’ৰ পৰৱৰ্তী সংস্কৰণ উদযাপিত হ’ব৷ মই আশা প্ৰকাশ কৰিছো যে এই উৎসৱে ফ্ৰান্সৰ জনসাধাৰণক ভাৰতৰ বৈচিত্ৰময় সংস্কৃতিৰ গভীৰ আভাস দিবলৈ সক্ষম হ’ব৷ মই জানো যে ফ্ৰান্সত যোগাভ্যাস অতিশয় জনপ্ৰিয়৷ মই আশা প্ৰকাশ কৰিছো যে ফ্ৰান্সৰ মোৰ বন্ধুসকলে ইয়াক সুস্থ জীৱনধাৰাৰ অভ্যাস হিচাপে আঁকোৱালি ল’ব৷

বন্ধুসকল,

বিশ্বজনীন প্ৰত্যাহ্বানসমূহৰ বাবে মই ভাৰত আৰু ফ্ৰান্সৰ সহযোগিতাৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰিছো৷ আমাৰ দুয়োখন দেশেই নিৰৱচ্ছিন্নভাৱে সন্ত্ৰাসবাদ আৰু মৌলবাদৰ সমস্যাৰ সন্মুখীন হৈ আহিছে৷ সীমান্তৱৰ্তী সন্ত্ৰাসবাদৰ সৈতে মোকাবিলা কৰাৰ দিশত আমি ফ্ৰান্সৰ সমৰ্থন আৰু সহযোগিতা লাভ কৰিছো৷ ইয়াৰ বাবে আমি ৰাষ্ট্ৰপতি মেক্ৰ’নক ধন্যবাদ জ্ঞাপন কৰিছো৷ প্ৰতিৰক্ষা আৰু সন্ত্ৰাসবাদ মোকাবিলা কৰাৰ ক্ষেত্ৰত আমি আমাৰ সহযোগিতা ব্যাপক কৰাৰ বাবে ইচ্ছুক৷ উপকূলবৰ্তী আৰু চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰতো আমাৰ বিকাশশীল সহযোগিতাক অধিক শক্তিশালী কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো৷ মই সুখী যে আমি চাইবাৰ সুৰক্ষা আৰু ডিজিটেল প্ৰযুক্তিৰ ক্ষেত্ৰক নতুন ৰোডমেপ প্ৰস্তুত কৰাৰ বাবে সন্মত হৈছো৷ ভাৰতীয় মহাসাগৰ অঞ্চলত আমাৰ কাৰ্যকৰী সহযোগিতা ক্ৰমান্বয়ে বৃদ্ধি হ’বলৈ ধৰিছে৷ এই সহযোগিতা সুৰক্ষা আৰু এই অঞ্চলৰ বিকাশৰ নিশ্চিতিৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব৷ 

বন্ধুসকল,

মই মোৰ অন্তৰৰ বন্ধু ৰাষ্ট্ৰপতি মেক্ৰ’নক জি৭ৰ সফল নেতৃত্বৰ বাবে আৰু ফ্ৰান্সক নতুন বীক্ষণৰ সৈতে, নতুন উৎসাহ আৰু দক্ষতাৰ সৈতে এই প্ৰত্যাহ্বানবোৰ মোকাবিলা কৰিবলৈ শুভেচ্ছা জনাইছো৷ 

মহোদয়,

আপোনাৰ এই প্ৰয়াসত ১.৩ বিলিয়ন ভাৰতীয়ৰ সম্পূৰ্ণ সহযোগিতা সদায়েই আছে৷ আমি দুয়োখন দেশে একত্ৰিতভাৱে এক সুৰক্ষিত আৰু উন্নত বিশ্বৰ পথ প্ৰশস্ত কৰিব পাৰো৷ মই বিয়াৰিটজত অনুষ্ঠিত হ’বলগীয়া জি৭ সন্মিলনত অংশগ্ৰহণ কৰিম আৰু এই সন্মিলনৰ বাবে সমগ্ৰ ফ্ৰান্সক মোৰ তৰফৰ পৰা অশেষ শুভকামনা জনালো৷ মই পুনৰবাৰ আপোনালোকৰ স্নেহপূৰ্বক আমন্ত্ৰণৰ বাবে হৃদয়েৰে কৃতজ্ঞতা প্ৰকাশ কৰিছো৷ 

ধন্যবাদ

মেচি বুকুপ

উ ভইয়া 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s pharma exports cross $28 bn till February, likely to end up with growth in rupee terms in FY26

Media Coverage

India’s pharma exports cross $28 bn till February, likely to end up with growth in rupee terms in FY26
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 5 এপ্ৰিল 2026
April 05, 2026

From Aatmanirbhar to Viksit Bharat: PM Modi’s Leadership Powers India’s Multi-Sector Triumph