PM Modi holds talks with Nepalese PM KP Oli to deepen bilateral ties
I have assured Nepal PM Oli that India will cooperate in Nepal's economic and social development: PM Modi
New railway line will be developed from Kathmandu to India: PM Modi

ভাৰতৰ প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ আমন্ত্রণক্ৰমে নেপালৰ প্রধানমন্ত্রী শ্ৰীযুত কে. পি. শর্মা অ’লিয়ে ৬-৮ এপ্রিল, ২০১৮ত ভাৰত ভ্ৰমণ কৰে।  
 

৭ এপ্রিলত ভাৰত আৰু নেপালৰ মাজত বহুল প্রসাৰিত সম্পর্কৰ বিষয়ক লৈ এক পর্যালোচনা বৈঠকত মিলিত হয় দুয়োগৰাকী প্রধানমন্ত্রী। দুয়ো দেশৰ চৰকাৰ আৰু জনসাধাৰণ পর্যায়ত আৰু বেচৰকাৰী খণ্ডসমূহৰ ক্রমবৰ্ধমান সহযোগিতা আৰু অংশীদাৰিত্বৰ সম্পর্কক তেওঁলোকে উভয়ে আন্তৰিকতাৰে স্বাগতম জনায়। সমতা আৰু পাৰস্পৰিক আস্থা, সম্মান আৰু কল্যাণৰ ভিত্তিত দ্বিপাক্ষিক সম্পর্কক এক নতুন উচ্চতালৈ নিবলৈ যাতে একেলগে কাম কৰি যোৱাৰ লক্ষ্যৰে তেওঁলোক সংকল্পবদ্ধ হয়।

ভাৰত আৰু নেপালৰ এই সুদৃঢ় মৈত্রী সম্পর্কক যে দুয়ো দেশৰ সাধাৰণ ঐতিহাসিক আৰু সাংস্কৃতিক যোগাযোগ তথা নাগৰিকসকলৰ মাজত পাৰস্পৰিক সম্পর্কৰ ভিত্তিত গঢ়ি উঠিছে, সেই কথা উল্লেখ কৰি দুয়োগৰাকী প্রধানমন্ত্রীয়ে দ্বিপাক্ষিক সম্পর্কক অধিক মজবুত কৰি তুলিবলৈ নিয়মিতভাবে উচ্চ পর্যায়ৰ ৰাজনৈতিক ভ্ৰমণ বিনিময় কর্মসূচীৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে।

 

প্রধানমন্ত্রী অ’লিয়ে কয় যে তেওঁৰ চৰকাৰে ভাৰতৰ সৈতে থকা মৈত্রী সম্পর্কক অধিক সুদৃঢ় কৰি তোলাৰ বিষয়টো বিশেষ গুৰুত্বপূর্ণ বুলি বিশ্বাস কৰে। দ্বিপাক্ষিক সম্পর্কক নেপালে এনেকৈ আগুৱাই লৈ যাবলৈ আগ্রহী, যাতে ভাৰতৰ অগ্রগতি আৰু সমৃদ্ধি তথা তাৰ সমান্তৰালভাৱে অর্থনৈতিক পৰিৱৰ্তনৰ প্রচেষ্টা আৰু উন্নয়নৰ পৰা সেই দেশ লাভান্বিত হ’ব পাৰে। প্রধানমন্ত্রী মোদীয়ে কে. পি. শর্মা অ’লিক আশ্বাস দিয়ে যে তেওঁ দেশৰ চাহিদা আৰু অগ্রাধিকাৰৰ ভিত্তিত নেপালৰ সৈতে দ্বিপাক্ষিক সম্পর্কক সুদৃঢ় কৰি তুলিবলৈ ভাৰত সমানেই প্রতিশ্রুতিবদ্ধ।

 

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ‘সব কা সাথ, সব কা বিকাশ’ এই দৃষ্টিভংগী অনুসৰণ কৰি ভাৰতে ইয়াৰ প্রতিবেশী দেশসমূহৰ সৈতে থকা সম্পর্ক আৰু অধিক উন্নত কৰি তুলিবলৈ আগ্রহী। ইয়াৰ মূল ভিত্তি হ’ব সমৃদ্ধিমুলক প্রচেষ্টা তথা অন্তর্ভুক্তিমূলক উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ। নেপালৰ প্রধানমন্ত্রীয়ে জনায় যে এক বিৰাট ৰাজনৈতিক পৰিৱর্তনৰ পাছত তেওঁৰ চৰকাৰে ‘সমৃদ্ধ নেপাল, সুখী নেপালী’  এই মূলমন্ত্রক সম্বল হিচাপে লৈ অর্থনৈতিক পৰিৱৰ্তনৰ প্রচেষ্টাক বিশেষভাবে অগ্রাধিকাৰ দিছে। আঞ্চলিক পর্যায়ত তথা যুক্তৰাষ্ট্রীয় সংসদ গঠনৰ ক্ষেত্রত নেপালৰ সাফল্যৰ বাবে সেই দেশৰ চৰকাৰ তথা জনসাধাৰণক অভিনন্দন জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীয়ে। তেওঁ কয় যে নেপালত এই প্রথম প্রাদেশিক পর্যায়ৰ যি নির্বাচন অনুষ্ঠিত হৈছে, তাতে সেই দেশৰ উন্নয়ন আৰু স্থিতিশীলতাৰ ধাৰণাৰ ইতিবাচক প্রতিফলন ঘটিছে।

দুয়োগৰাকী নেপালৰ বীৰগঞ্জত এক সংহত চেকপোষ্টৰ শুভাৰম্ভ কৰে। তেওঁলোকে আশা প্রকাশ কৰে যে এইখন যিমান সোনকালে আৰম্ভ হ’ব, সিমানেই আন্তঃসীমান্ত পর্যায়ত বাণিজ্য আৰু সামগ্ৰী পৰিবহণ ব্যৱস্থাকে আৰু উন্নত কৰি তোলাটো সম্ভৱ হোৱাৰ লগতে দুয়ো দেশৰ জনগণৰ পৰস্পৰৰ দেশত যাতায়াতৰ পথো অধিক সুগম হৈ উঠিব। ফলত দুয়ো দেশৰ উন্নয়ন আৰু অগ্রগতি অধিক ত্বৰান্বিত হ’ব।

 

দুয়োগৰাকী প্রধানমন্ত্রী ভাৰতৰ মতিহাৰিত, মতিহাৰি-আমলেখগঞ্জ আন্তঃসীমান্ত পেট্রোলিয়াম পৰিবহণৰ বাব পাইপলাইন স্থাপনৰ কামৰো আজি সাক্ষী হিচাপে থাকে।   

  
প্ৰধানমন্ত্ৰী মোদী আৰু অ’লিয়ে নেপালত যৌথ প্রকল্পসমূহৰ দ্রুত ৰূপায়ণৰ ওপৰতো বিশেষ জোৰ দিয়ে। তদুপৰি, বিভিন্ন ক্ষেত্রত সহযোগিতামূলক কাৰ্যসূচীৰ অন্তৰ্গত বিষয়সমূহক আৰু অধিক সুদৃঢ় কৰি তোলাৰ ওপৰতো তেওঁলোকে গুৰুত্ব আৰোপ কৰে।   

এই উপলক্ষে আজি তিনিটা পৃথক বিবৃতিও গ্ৰহণ কৰা হয়। (তাৰ লিংক তলত দিয়া হৈছে):
·ভাৰত-নেপালঃ কৃষিখণ্ডত নতুন সহযোগিতা 

  • ৰে;ল সংযোগ প্ৰসাৰঃ ভাৰতৰ পৰা নেপালৰ কাঠমাণ্ডুলৈ সংযোগ
  • আভ্যন্তৰীণ জলপৰিবহণৰ জৰিয়তে ভাৰত আৰু নেপালৰ মাজত সংযোগ

  
দুয়োগৰাকী প্রধানমন্ত্রীয়ে নেপালৰ প্রধানমন্ত্রীৰ এই ভ্ৰমণে দুয়ো দেশৰ বহুল প্রসাৰিত সহযোগিতামুলক সম্পর্কক অধিক গতিশীল কৰি তুলিব বুলি সহমত প্ৰকাশ কৰে।

 

নেপালেৰ প্রধানমন্ত্রীয়ে তেওঁক জনোৱা আমন্ত্রণ আৰু উষ্ণ আতিথ্যৰ বাবে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীক ধন্যবাদ জনায় আৰু অদূৰ ভৱিষ্যতে নেপাল ভ্ৰমণৰ বাবেও তেওঁ ভাৰতৰ প্রধানমন্ত্রীক আমন্ত্রণ জনায়। প্ৰধামন্ত্ৰী মোদীয়ে আমন্ত্ৰণ স্বীকাৰ কৰি কয় যে দুয়ো দেশৰ কূটনৈতিক পর্যায়ত আলাপ-আলোচনাৰ মাধ্যমে তেওঁৰ এই ভ্ৰমণসূচী স্থিৰ কৰা হ’ব।    

 

দুইপ্রধানমন্ত্রী এদিন মিলিতভাবে যে বিষয়গুলিৰ ওপৰ পৃথক পৃথক বিবৃতিদান কৰেন, তাৰমধ্যে ৰয়েছে – ভাৰত-নেপাল : কৃষিক্ষেত্রে এক নতুন অংশীদাৰিত্ব; ৰেল যোগাযোগ ব্যবস্থাৰ প্রসাৰ  :  ভাৰতেৰ ৰক্সৌল-এৰসঙ্গে নেপালেৰ কাঠমাণ্ডুৰ যোগাযোগ এবং অন্তর্দেশীয় জলপথেৰ মাধ্যমে ভাৰত ও নেপালেৰমধ্যে নতুন সংযোগ ও যোগাযোগেৰ প্রসাৰ। 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Make in India' radar programme to help Tejas track targets gets Rs 2,205 crore boost

Media Coverage

'Make in India' radar programme to help Tejas track targets gets Rs 2,205 crore boost
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM to launch ‘Nasha Mukt Yuva for Viksit Bharat Sankalp Abhiyan’ on 2nd August
August 01, 2026
Launch to mark Beginning of 100-Week Nationwide Jan Bhagidari Campaign against Substance Abuse

Prime Minister Shri Narendra Modi will launch the ‘Nasha Mukt Yuva for Viksit Bharat Sankalp Abhiyan’ on 2nd August 2026 at 11 AM through video conferencing. The initiative aims to inspire youth to stay away from substance abuse and encourage them to become ambassadors of positive social change in their communities

The launch will mark the beginning of a 100-week nationwide Jan Bhagidari campaign against substance abuse. Under this campaign, weekly activities will be organised every Sunday across the country to promote awareness and encourage public participation in building a drug-free society. The activities will include sports events, walkathons, meditation sessions, cultural programmes, awareness campaigns, nukkad nataks, discussion forums, art competitions and community engagement programmes.

The initiative seeks to further strengthen community participation by bringing together educational institutions, youth organisations, civil society groups, industry bodies and spiritual organisations on a common platform to create a collective movement against substance abuse.

The programme will witness participation from youth across the country from over 10,000 locations. MY Bharat Volunteers, MY Bharat National Service Scheme volunteers, youth clubs, schools, colleges, universities, NGOs, youth wings of industry associations and more than 125 partner spiritual organisations will participate in the programme virtually.