Quoteভাৰতত ক’ৰোনাৰ ফলপ্ৰসূ প্ৰতিৰোধে এটা বৃহৎ দুঃখদায়ক ঘটনাৰপৰা মানৱ জাতিক ৰক্ষা কৰিলেঃ প্ৰধানমন্ত্ৰী
Quoteআত্মনিৰ্ভৰ ভাৰত আন্দোলন বৈশ্বিক উত্তমতা আৰু বৈশ্বিক যোগান শৃংখলৰ অৰ্থে সমৰ্পিতঃ প্ৰধানমন্ত্ৰী
Quoteভাৰতে কৰ আমোলৰপৰা এফডিআই নীতিলৈকে এটা অনুমানযোগ্য আৰু অনুকূল বাতাবৰণ আগবঢ়াইছেঃ প্ৰধানমন্ত্ৰী
Quoteদেশৰ ডিজিটেল প্ৰফাইলৰ সম্পূৰ্ণ সংস্কাৰ সাধন হৈছেঃ প্ৰধানমন্ত্ৰী
Quoteভাৰতে ইজ অৱ লিভিং, ইজ অৱ ডুয়িং বিজনেছ আৰু জলবায়ু স্পৰ্শকাতৰ উন্নয়নত গুৰুত্ব আৰোপেৰে বহনক্ষম নগৰীকৰণত মনোনিৱেশ কৰিছেঃ প্ৰধানমন্ত্ৰী

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৱৰ্ল্ড ইকনমিক ফৰামৰ দাভোচ আলাপ ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে সম্বোধন কৰে। তেখেতে ‘চতুৰ্থ ঔদ্যোগিক বিপ্লৱ – মানৱ জাতিৰ ভালৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰ’ ৰ ওপৰত ভাষণ আগবঢ়ায়। এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে চিইঅ’সকলৰ সৈতেও মত-বিনিময় কৰে।

এই কাৰ্যসূচীত ভাষণ প্ৰদান কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই উদ্বেগৰ মাজতো তেখেতে ১.৩ বিলিয়ন ভাৰতীয়ৰ বিশ্বাস, ইতিবাচকতা আৰু আশাৰ বাৰ্তা কঢ়িয়াই আনিছে। উপস্থিতসকলক প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে মহামাৰীটোৰে মোকাবিলা কৰিবলৈ ভাৰতৰ সমাৰ্থ্য সন্দৰ্ভত প্ৰাৰম্ভিক আশংকা সত্বেও, ভাৰতে অতিশয় সক্ৰিয় আৰু অতি-অংশগ্ৰহণমূলক পন্থাৰে আগুৱাই আহে আৰু ক’ভিড বিশেষীকৃত স্বাস্থ্য আন্তঃগাঁথনি সুদৃঢ়কৰণত লাগি যায়, মহামাৰীটো অতিক্ৰম কৰিবলৈ ইয়াৰ মানৱ সম্পদক প্ৰশিক্ষণ প্ৰদান কৰে আৰু ঘটনাসমূহৰ টেষ্টিং আৰু ট্ৰেকিঙত ব্যাপকভাৱে প্ৰযুক্তিৰ ব্যৱহাৰ কৰে। ভাৰতত, ক’ৰোনাৰ বিৰুদ্ধে যুঁজখন জনতাৰ আন্দোলনলৈ পৰ্যবসিত হয় আৰু ভাৰতে ইয়াৰ সৰ্বাধিক সংখ্যক নাগৰিকৰ জীৱন ৰক্ষাত সফলতা অৰ্জন কৰে। ভাৰতৰ সফলতাৰ বৈশ্বিক স্বাৰ্থ নিহিত হৈ আছে কিয়নো বিশ্বৰ মুঠ জনসংখ্যাৰ ১৮ শতাংশই ইয়াত বসবাস কৰে আৰু ইয়াত ফলপ্ৰসূ প্ৰতিৰোধে মানৱ জাতিক এটা বৃহৎ দুঃখদায়ক ঘটনাৰপৰা ৰক্ষা কৰে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। শ্ৰী মোদীয়ে তদুপৰি বিশ্বৰ সৰ্ববৃহৎ টিকাদান কাৰ্যক্ৰম আৰু মহামাৰীটোৰ সময়ছোৱাত ভাৰতৰ বৈশ্বিক প্ৰচেষ্টা সন্দৰ্ভতো ব্যক্ত কৰে। তেখেতে আকাশী পথ বন্ধ হৈ থকা সময়ত নাগৰিকক উদ্ধাৰ আৰু ১৫০ ৰো অধিক দেশলৈ ঔষধ যোগান সন্দৰ্ভত কয়। আজি, আজি ভাৰতে ৰাষ্ট্ৰসমূহক অনলাইন প্ৰশিক্ষণ, পৰম্পৰাগত জ্ঞানৰ জ্ঞান প্ৰদান, ভেকচিন আৰু ভেকচিন আন্তঃগাঁথনি সন্দৰ্ভত সহায় আগবঢ়াই আছে। তেওঁ অৱগত কৰে যে সাম্প্ৰতিক মেড ইন ইণ্ডিয়া ভেকচিন দুটাৰ ওপৰিও, পাইপলাইনত বহু ভেকচিন আছে যাৰ জৰিয়তে ভাৰতে বিশ্বখনক ব্যাপক মাত্ৰা আৰু ক্ষীপ্ৰতাৰে সহায় কৰিবলৈ সক্ষম হ’ব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি ফৰামক অৰ্থনৈতিক ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভত অৱগত কৰে। তেখেতে কয় যে ভাৰতে কেইবা বিলিয়ন টকা মূল্যৰ আন্তঃগাঁথনি প্ৰকল্প আৰম্ভ কৰাৰ জৰিয়তে অৰ্থনৈতিক ক্ৰিয়া-কলাপ নিয়ন্ত্ৰিত কৰিছে আৰু নিয়োগৰ বাবে বিশেষ আঁচনি আৰম্ভ কৰিছে। পূৰ্বে আমি জীৱন ৰক্ষা কৰাত গুৰুত্ব আৰোপ কৰিছিলো আৰু এতিয়া সকলোৱে দেশখনৰ বিকাশত মনোনিৱেশ কৰিছে। ভাৰতৰ আত্ম-নিৰ্ভৰতাৰ আকাংক্ষাই নতুন বিশ্বখনক সুদৃঢ় কৰিব আৰু উদ্যোগ ৪.০ ক সহায় কৰিব বুলি শ্ৰী মোদীয়ে উল্লেখ কৰে। 

প্ৰধানমন্ত্ৰীগৰাকীয়ে নিশ্চিতি প্ৰদান কৰে যে ভাৰতে উদ্যোগ ৪.০ ৰ আটাই চাৰিটা কাৰক- যোগাযোগ ব্যৱস্থা, স্বয়ংক্ৰিয়তা, কৃত্ৰিম বুদ্ধিমত্তা বা মেছিন লাৰ্ণিং আৰু ৰিয়েল-টাইম ডাটাৰ ওপৰত কাম কৰি আছে। ডাটা চাৰ্জ আটাইতকৈ কম হোৱা ৰাষ্ট্ৰসমূহৰ ভিতৰত ভাৰত অন্যতম আৰু প্ৰত্যন্ত অঞ্চললৈকে ম’বাইল যোগাযোগ আৰু স্মাৰ্ট ফোন বিয়পি পৰিছে। ভাৰতৰ স্বয়ংক্ৰিয়তা ডিজাইন এক্সপাৰ্ট পুল ব্যাপক আৰু দেশখনে এআই আৰু মেছিন লাৰ্ণিঙৰ ক্ষেত্ৰখনত স্বকীয়তা অৰ্জন কৰিছে। ভাৰতত বৰ্ধমান ডিজিটেল আন্তঃগাঁথনিৰ বাবে ডিজিটেল চলুশ্যন দৈনন্দিন জীৱনৰ অংশ হৈ পৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজি ১.৩ বিলিয়ন ভাৰতীয়ৰ সৰ্বজনীন আইডি- আধাৰ আছে যাক তেওঁলোকৰ একাউন্ট আৰু ফোনৰ সৈতে সংযোজিত কৰা হৈছে। কেৱল ডিচেম্বৰতে ইউপিআইৰ জৰিয়তে ৪ ত্ৰিলিয়ন টকা মূল্যৰ লেন-দেন সম্পন্ন হয়। মহামাৰীটোৰ সময়ত ৭৬০ নিযুত ভাৰতীয়ৰ একাউন্টলৈ প্ৰত্যক্ষ লাভ হস্তান্তৰৰ জৰিয়তে ভাৰতে ১.৮ ত্ৰিলিয়ন টকা মূল্যৰ সাহাৰ্য্য হস্তান্তৰ কৰিব পাৰে। ডিজিটেল আন্তঃগাঁথনিয়ে ৰাজহুৱা সেৱা প্ৰদান ফলপ্ৰদ আৰু স্বচ্ছ কৰি তোলে। ভাৰতে ইয়াৰ নাগৰিকসকলক একক হেল্থ আইডি প্ৰদানৰদ্বাৰা সহজে স্বাস্থ্য কেয়াৰ আগবঢ়াবলৈ এটা অভিযান আৰম্ভ কৰাৰ কথা প্ৰধানমন্ত্ৰীগৰাকীয়ে অৱগত কৰে।

|

প্ৰধানমন্ত্ৰীগৰাকীয়ে ফৰামক আশ্বাস প্ৰদান কৰি কয় যে ভাৰতৰ আত্মনিৰ্ভৰ ভাৰত আন্দোলন বৈশ্বিক উত্তমতা আৰু বৈশ্বিক যোগান শৃংখলৰ অৰ্থে সমৰ্পিত কিয়নো বৈশ্বিক যোগান শৃংখল সুদৃঢ় কৰিবলৈ ভাৰতৰ সামৰ্থ্য, ক্ষমতা আৰু নিৰ্ভৰযোগ্যতা আছে। ইয়াৰ বিস্তৃত গ্ৰাহক ভিত্তিৰ বৰ্ধন ঘটিব আৰু বৈশ্বিক অৰ্থনীতিক সহায় কৰিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, সম্ভাৱনাসমূহৰ সৈতে ভাৰত বিশ্বাস আৰু চালনাৰে পৰিপূৰ্ণ হৈ উঠিছে কিয়নো সংস্কাৰ আৰু ইনচেনটিভ নিৰ্ভৰ উদ্দীপনাক নিৰবিচ্ছিন্নভাৱে গুৰুত্ব প্ৰদান কৰি অহা হৈছে। ক’ৰোনাৰ সময়ছোৱাত গাঁথনিগত সংস্কাৰক প্ৰডাকশ্যন লিংকড ইনচেনটিভৰদ্বাৰা সমৰ্থন জনোৱা যায়। ভাৰতে ইজ অৱ ডুয়িং বিজনেছ আগবঢ়াইছে কিয়নো কৰ আমোলৰপৰা এফডিআই নীতিলৈকে এটা অনুমানযোগ্য আৰু অনুকূল বাতাবৰণ আছে। আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে ভাৰতে জলবায়ু পৰিৱৰ্তনৰ লক্ষ্যৰ সৈতে ইয়াৰ বিকাশক সমকক্ষ কৰি তুলিছে, শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবুলি সতৰ্ক কৰি দিয়ে যে প্ৰযুক্তি ইজ অৱ লিভিঙৰ এটা আহিলা হোৱাহে উচিত, জাল হৈ পৰিব নালাগে, আমি এই কথা মনত ৰাখিব লাগে কিয়নো ক’ৰোনো সংকটে আমাক মানৱতাৰ মান সম্পৰ্কে সোঁৱাৰাই দিছিল বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে সামৰণি মাৰে।

প্ৰশ্নোত্তৰ শিতানৰ সময়ছোৱাত, প্ৰধানমন্ত্ৰীগৰাকীয়ে চিমেন্সৰ অধ্যক্ষ ও চিইঅ’ জ’ কাইচেৰক আত্মনিৰ্ভৰ ভাৰত অভিযানৰ ৰূপ-ৰেখা সন্দৰ্ভত ব্যাখ্যা আগবঢ়াই আৰু কয় যে ভাৰতক মেনুফেক্সাৰিং আৰু ৰপ্তানি কেন্দ্ৰ হিচাপে গঢ়ি তোলাটো হৈছে এই দৃষ্টিৰ এটা বৃহৎ অংশ। তেখেতে তদুপৰি ২৬ বিলিয়ন ডলাৰৰ প্ৰডাকশ্যন লিংকড ইনচেনটিভ (PLI) আঁচনিৰ উপযোগিতা গ্ৰহণ কৰিবলৈ গ্ল’ৱেল প্লেয়াৰসকলক আমন্ত্ৰণ জনায়। এবিবিৰ চিইঅ’ বিজৰ্ণ ৰ’জগ্ৰেনৰ এটি প্ৰশ্নৰ উত্তৰ প্ৰদান কৰি, শ্ৰী মোদীয়ে দেশখনত অব্যাহত থকা আন্তঃগাঁথনি প্ৰকল্পসমূহৰ উল্লেখ কৰে আৰু এইবুলি অৱগত কৰে যে ৰাষ্ট্ৰীয় আন্তঃগাঁথনি পাইপলাইনৰ অধীনত, অহা পাঁচ বছৰত দেশখনত ১.৫ ত্ৰিলিয়ন আমেৰিকান ডলাৰ মূল্যৰ প্ৰকল্প ৰূপায়ণ কৰা হ’ব। মাষ্টাৰকাৰ্ডৰ চিইঅ’ অজয় এছ বাংগাক শ্ৰী মোদীয়ে শেহতীয়াকৈ দেশখনত গ্ৰহণ কৰা বিস্তৃত বিত্তীয় অন্তৰ্ভুক্তি আৰু এমএছএমই খণ্ডৰ সুদৃঢ়কৰণৰ অৰ্থে গ্ৰহণ কৰা পদক্ষেপসমূহৰ ওপৰত ব্যাখ্যা আগবঢ়ায়। আইবিএমৰ অৰবিন্দ কৃষ্ণৰ এটা মন্তব্যৰ সঁহাৰি জনাই, প্ৰধানমন্ত্ৰীগৰাকীয়ে ডিজিটেল ইণ্ডিয়াৰ গভীৰতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দেশখনৰ ডিজিটেল প্ৰফাইলৰ সম্পূৰ্ণভাৱে সংস্কাৰ সাধন কৰা হৈছে। ইউজাৰৰ গোপনীয়তা নিশ্চিত কৰাৰ সমান্তৰালভাৱে লাভ, অন্তৰ্ভুক্তি আৰু সবলীকৰণৰ জৰিয়তে দেশখনৰ সংস্কাৰ সাধনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে চৰকাৰে। এনইচি কৰ্প’ৰেশ্যনৰ ব’ৰ্ড অধ্যক্ষ ন’বুহিৰু এণ্ডোক প্ৰধানমন্ত্ৰীগৰাকীয়ে নগৰীকৰণৰদ্বাৰা সৃষ্টি সুযোগসমূহৰ অভিমুখে ভাৰতৰ গমন সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায়। ভাৰতে ইজ অৱ লিভিং, ইজ অৱ ডুয়িং বিজনেছ আৰু জলবায়ু স্পৰ্শকাতৰ উন্নয়নত গুৰুত্ব আৰোপেৰে বহনক্ষম নগৰীকৰণত মনোনিৱেশ কৰিছে। এই অংগীকাৰৰ ফলশ্ৰুতিতেই ২০১৪ ৰপৰা ২০২০ লৈকে ভাৰতৰ নগৰসমূহত ১৫০ বিলিয়ন ডলাৰ বিনিয়োগ কৰা যায় বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

  • krishangopal sharma Bjp January 17, 2025

    नमो नमो 🙏 जय भाजपा 🙏🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹
  • krishangopal sharma Bjp January 17, 2025

    नमो नमो 🙏 जय भाजपा 🙏🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷
  • krishangopal sharma Bjp January 17, 2025

    नमो नमो 🙏 जय भाजपा 🙏🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌷
  • Mahendra singh Solanki Loksabha Sansad Dewas Shajapur mp November 11, 2023

    नमो नमो नमो नमो नमो नमो
  • n.d.mori August 08, 2022

    Namo Namo Namo Namo Namo Namo Namo 🌹
  • G.shankar Srivastav August 03, 2022

    नमस्ते
  • Jayanta Kumar Bhadra June 29, 2022

    Jay Sri Krishna
  • Jayanta Kumar Bhadra June 29, 2022

    Jay Ganesh
  • Jayanta Kumar Bhadra June 29, 2022

    Jay Sree Ram
  • Laxman singh Rana June 26, 2022

    namo namo 🇮🇳🙏🚩
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
How GeM has transformed India’s public procurement

Media Coverage

How GeM has transformed India’s public procurement
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister wishes Mr. Joe Biden a quick and full recovery
May 19, 2025

The Prime Minister, Shri Narendra Modi has expressed concern for the health of former US President Mr. Joe Biden and wished him a quick and full recovery. "Our thoughts are with Dr. Jill Biden and the family", Shri Modi added.

The Prime Minister posted on X;

"Deeply concerned to hear about @JoeBiden's health. Extend our best wishes to him for a quick and full recovery. Our thoughts are with Dr. Jill Biden and the family."