'Minimum Government, Maximum Governance' and 'Sabka Saath, Sabka Vikas' form the basis of New India: PM Modi
Our Government is keen to fulfil the aspirations of the people: PM Modi
A combination of technology and human sensitivities is ensuring greater 'ease of living': PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দৈনিক জাগৰণ বাতৰি কাকতৰ ৭৫সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে নতুন দিল্লীত অনুষ্ঠিত জাগৰণ ফ’ৰামত ভাষণ আগবঢ়ায়৷

তাজ পেলেচ হোটেলত সমৱেত বিশিষ্ট ব্যক্তিসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে বাতৰি কাকত বিতৰণ কৰা হকাৰসকলক বিশেষভাৱে প্ৰশংসা কৰে৷ তেওঁ কয় যে জনসাধাৰণৰ মাজলৈ বাতৰি কাকতখন লৈ যোৱাত হকাৰসকলে সহায় কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে দৈনিক জাগৰণে সমাজত সজাগতা সৃষ্টিত আৰু ৰাষ্ট্ৰ পুনৰ্নিৰ্মাণৰ কামত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে৷  দেশ আৰু সমাজ পৰিৱৰ্তনৰ আন্দোলনক দৈনিক জাগৰণে শক্তিশালী কৰেছে বুলিও তেওঁ উল্লেখ কৰে৷ এই প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে বেটী বচাও, বেটী পঢ়াও আৰু স্বচ্ছ ভাৰত অভিযানৰ দৰে আঁচনিৰ কথা উনুকিয়ায়৷ তেওঁ আশা প্ৰকাশ কৰে যে, ডিজিটেল বিপ্লৱৰ সহায়ত সংবাদ মাধ্যমে দেশক শক্তিশালী কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ‘নূন্যতম চৰকাৰ, সৰ্বাধিক প্ৰশাসন’ আৰু ‘সবকা সাথ, সবকা বিকাশ’ নীতি হ’ল নিউ ইণ্ডিয়াৰ ভেটি৷ আজি দেশৰ যুৱ প্ৰজন্মই অনুভৱ কৰে যে তেওঁলোক উন্নয়ন প্ৰক্ৰিয়াৰ অংশীদাৰ৷

তেওঁ প্ৰশ্ন উত্থাপন কৰে—স্বাধীনতাৰ কেইবা দশক অতিক্ৰমৰ পাছতো আমাৰ দেশ কিয় অনগ্ৰসৰ হৈ আছে? আমাৰ জনসাধাৰণৰ সমস্যা কিয় সমাধান নহ’ল? প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এতিয়া এনেকুৱা স্থানত বিদ্যুৎ উপলব্ধ হৈছে, য’ত যোৱা ৭০বছৰ ধৰি বিদ্যুৎ সেৱা নাছিল৷ ৰেলৱে’ সংযোগৰ পৰা বঞ্চিত হৈ থকা ৰাজ্যক এতিয়া ৰেলৱে’ মানচিত্ৰত অন্তৰ্ভুক্ত কৰা হৈছে৷

প্ৰধানমন্ত্ৰীয়ে কেইবাটাও তুলনামূলক উদাহৰণ দাঙি ধৰে৷ তেওঁ স্বাধীনতাৰ পূৰ্বৰ ৬৭বছৰ(২০১৪লৈ) আৰু নিজৰ কাৰ্যকালৰ চাৰিটা বছৰ(২০১৪-১৮)ৰ তুলনা আগবঢ়ায়৷

তেওঁ কয় যে এই সময়ছোৱাত দেশৰ গ্ৰামাঞ্চলত শৌচালয় নিৰ্মাণৰ হাৰ ৩৮ৰ পৰা ৯৫ শতাংশলৈ বৃদ্ধি পাইছে৷

গ্ৰাম্য পথ সংযোগীকৰণ ৫৫ৰ পৰা ৯০ শতাংশলৈ বৃদ্ধি হৈছে৷

ৰন্ধন গেছৰ সংযোগ ৫৫ শতাংশৰ পৰা বৃদ্ধি হৈ ৯০ শতাংশ হৈছে৷

৯৫% গ্ৰাম্য পৰিয়ালে বিদ্যুৎ সংযোগ লাভ কৰিছে৷ চাৰি বছৰ পূৰ্বে এই পৰিমাণ আছিল মাত্ৰ ৭০%৷

চাৰি বছৰ পূৰ্বে মাত্ৰ ৫০% লোকৰ বেংক একাউণ্ট আছিল৷ এতিয়া প্ৰায় সকলো লোকে বেংক সেৱা লাভ কৰিছে৷

২০১৪ত মাত্ৰ ৪ কোটি লোকে কৰ ৰিটাৰ্ণ দাখিল কৰিছিল৷ কিন্তু পৰৱৰ্তী চাৰি বছৰত কৰ প্ৰক্ৰিয়াৰ সৈতে পুনৰ ৩ কোটি লোক জড়িত হৈ পৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে দৰিদ্ৰ আৰু অনগ্ৰসৰ লোকসকলে এবাৰ প্ৰাথমিক সা-সুবিধা লাভ কৰিলে, তেওঁলোকে নিজে নিজে দৰিদ্ৰতা অতিক্ৰম কৰিব পাৰে৷ যোৱা চাৰি বছৰত এই পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে আৰু পৰিসংখ্যাই ইয়াক প্ৰমাণ কৰে৷

প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰিবলৈ চৰকাৰ অংগীকাৰবদ্ধ৷ ভাৰতত হৈ থকা প্ৰযুক্তিৰ ব্যৱহাৰ আন উন্নয়নমূলক দেশৰ বাবে এক আৰ্হি হৈ পৰিছে৷ প্ৰযুক্তি আৰু মানৱীয় সংবেদনশীলতাৰ সংমিশ্ৰণে জীৱন-ধাৰণৰ মান উন্নত কৰিছে৷ জলপথ আৰু আকাশী পথৰ প্ৰসাৰৰ বাবে লোৱা পদক্ষেপৰ কথাও তেওঁ উল্লেখ কৰে৷ একেদৰে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দ্ৰুত ৰিফিল, আয়কৰ পৰিশোধ, পাছপ’ৰ্ট বনোৱা আদি কাম কম সময়তে সম্পূৰ্ণ কৰিব পৰা হৈছে৷ তেওঁ কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনা, উজ্জলা যোজনা, সৌভাগ্য আঁচনি আদিৰ লাভালাভসমূহ উপভোক্তাৰ ওচৰলৈ চৰকাৰে নিজেই লৈ গৈছে৷ তেওঁ আয়ুস্মান ভাৰত আঁচনিৰ কথাও উল্লেখ কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে এইধৰণৰ আঁচনিসমূহৰ উপভোক্তা হ’ল সাধাৰণতে শ্ৰমিক, কৰ্মী, কৃষক ইত্যাদি৷ দৰিদ্ৰৰ সৱলীকৰণৰ দিশত এই আন্দোলন অনাগত সময়তো অব্যাহত থাকিব৷ ভাৰতৰ প্ৰগতিৰ ওপৰত বিশ্বই নজৰ কৰি আছে বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে অৰ্থনৈতিক অপৰাধীয়ে যাতে বিশ্বৰ কোনো প্ৰান্ততে নিৰাপদে থাকিব নোৱাৰে সেয়া নিশ্চিত কৰিবলৈ ভাৰতে আন্তঃৰাষ্ট্ৰীয় সমূদায়ৰ ওচৰত কিছুমান প্ৰস্তাৱ ৰাখিছে৷

Click here to read full text of speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s pharmaceutical sector records transformative growth over 12 years, strengthening affordable healthcare and self-reliance

Media Coverage

India’s pharmaceutical sector records transformative growth over 12 years, strengthening affordable healthcare and self-reliance
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 জুন 2026
June 19, 2026

Appreciation for India’s Domestic Growth and Rising Global Influence under PM Modi’s Leadership