প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ষ্টকহমত বসবাস কৰা ভাৰতীয় সমুদায়কক উদ্দেশ্যি ভাষণ আগবঢ়ায়। এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে ছুইডেন চৰকাৰক, বিশেষকৈ ছুইডেনৰ সন্মানীয় ৰজাৰ লগতে প্রধানমন্ত্রী শ্ৰীযুত ষ্টিফেল লোফভেনক তেওঁক জনোৱা আদৰ-সম্ভাষণৰ বাবে অশেষ ধন্যবাদ জনায়। উল্লেখ্য যে অনুষ্ঠানত প্রধানমন্ত্রী শ্ৰীযুত ষ্টিফেন লোফভেনো উপস্থিত থাকে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এক বৃহৎ পৰিৱৰ্তনশীল প্রচেষ্টাৰ মাজেৰে ভাৰত বর্তমান আগুৱাই গৈছে। ‘সব কা সাথ, সব কা বিকাশ’ এই মন্ত্রক সাৰোগত কৰি বর্তমানৰ শাসনাধিষ্ঠ চৰকাৰ ক্ষমতালৈ আহিছে। ভাৰত চৰকাৰে বিগত চাৰি বছৰত এক উন্নত তথা অন্তর্ভুক্তিমূলক ভাৰত গঢ়াৰ লক্ষ্যৰে কাম কৰি আহিছে।

প্রধানমন্ত্রীয়ে কয় যে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ দৰে এক বিশেষ প্ৰচেষ্টাৰ জৰিয়তে ভাৰতে যাতে বৈশ্বিক দৃষ্টিভংগীৰ ক্ষেত্রত নেতৃত্ব দিব পাৰে, সেয়া নিশ্চিত কৰিবলৈ সর্বতোপ্ৰকাৰে যত্ন কৰা হৈছে। তাৰ পৰিপ্ৰেক্ষিততে বিশ্বৰ বিভিন্ন দেশে এতিয়া ভাৰতৰ প্ৰতি যথেষ্ট আত্মবিশ্বাসেৰে চাব লৈছে। এই প্রসংগত তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ষেত্রত ভাৰতৰ মানৱতাবাদী কাম, যেনে সাহায্য আৰু উদ্ধাৰকাৰ্যৰ ক্ষেত্ৰত লোৱা প্ৰচেষ্টা, আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰী গঠন আৰু এমটিচিআৰ, ৱাছেনাৰ ব্যৱস্থাপনা আৰু অষ্ট্ৰেলিয়া গোষ্ঠীত সদস্যপদ গ্ৰহণৰ দৰে দিশৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় য়ে প্রযুক্তি ক্ষেত্রত, বিশেষকৈ মহাকাশ কার্যসূচীৰ ক্ষেত্রত ভাৰতৰ কাৰিকৰী দক্ষতাই আন্তঃৰাষ্ট্ৰীয় পর্যায়ৰ স্বীকৃতি লাভ কৰিছে।

প্রধানমন্ত্রীয়ে কয় যে ডিজিটেল আন্তঃগাঁথনিৰ প্রসাৰৰ ফলস্বৰূপে চৰকাৰ আৰু নাগৰিকৰ মাজৰ সম্পৰ্ক অধিক গাঢ় হৈছে। আনফালে, প্রযুক্তিৰ প্রয়োগৰ জৰিয়তে স্বচ্ছতা আৰু দায়বদ্ধতা বৃদ্ধি পাইছে। সেয়েহে চৰকাৰৰ ওচৰত সহজেই পোৱাৰ বিষয়টোৱে এতিয়া কেৱল সুযোগেই নহয়, বৰঞ্চ সেয়া এক সহজ কাম হৈ পৰিছে। এই প্রসংগত অপ্রয়োজনীয় ফাইল বাতিলকৰণ, বাণিজ্যিক কাম-কাজক সহজ কৰি তোলা, জিএছটি কাৰ্যকৰীকৰণ, প্রত্যক্ষ লাভ হস্তান্তৰ আৰু ‘উজ্জ্বালা’ যোজনাৰ জৰিয়তে ৰন্ধন গেছৰ সুযোগ সম্প্রসাৰণৰ দৰে আঁচনিসমূহৰ কথাও তেওঁ উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ‘মুদ্রা’ যোজনাৰ জৰিয়তে উদ্যোগীসকলৰ বাবে নতুন নতুন সুযোগ-সুবিধাৰ সম্প্রসাৰণ ঘটিছে। এই আঁচনিৰ অধীনত সুফল ভোগ কৰা লোকৰ ৭৪ শতাংশই মহিলা। তেওঁ লগতে ‘অটল উদ্ভাৱনী অভিযান’, ‘দক্ষ ভাৰত’ আৰু ‘ষ্টার্ট আপ’ আঁচনি কথাও উল্লেখ কৰে।

প্রধানমন্ত্রীয়ে উদ্ভাৱনী প্রচেষ্টাৰ প্রসাৰত ভাৰত যে আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্ব গঢ়ি তোলাৰ দিশত জোৰ দিছে সেই কথাও উল্লেখ কৰে। তেওঁ কয় যে ইতিমধ্যে ছুইডেন আৰু ইজৰাইলৰ সৈতে উদ্ভাৱনী প্রচেষ্টা সম্পর্কীয় সহযোগিতা গঢ়ি উঠিছে। তদুপৰি, জীৱন ধাৰণৰ মানদণ্ডক অধিক সহজ কৰি তোলাৰ ওপৰতো চৰকাৰে বিশেষ জোৰ দিছে। ‘আয়ুষ্মান ভাৰত’ আঁচনিৰ কথা উল্লেখ কৰি তেওঁ কয় যে ই হৈছে বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্য সুবিধা আঁচনি।

প্ৰধানমন্ত্ৰীয়ে কয় যে এই সকলো পদক্ষেপে কেন্দ্রীয় চৰকাৰৰ পৰিৱৰ্তনমুলক প্রচেষ্টাৰেই ইংগিত বহন কৰে। তেওঁ কয় যে ছুইডেন আৰু উত্তৰ ইউৰোপ তথা উত্তৰ আটলান্টিক দেশসমূহৰ সৈতে ভাৰতৰ অংশীদাৰিত্বমূলক সহযোগিতা এটি অতিশয় গুৰুত্বপূর্ণ বিষয়।

তেওঁ কয় যে ছুইডেনৰ ভাৰতীয় বংশোদ্ভূত সমুদায়ে ইয়াত সমবেত হোৱাতো ভাৰতৰ প্রতি থকা আবেগকে সূচাইছে। তেওঁ কয় যে নিউ ইণ্ডিয়াৰ ধাৰণাই তেওঁলোকক বাণিজ্য, বিনিয়োগ আৰু নতুনত্ব উদ্ভাৱনৰ যথেষ্ট সুযোগ প্ৰদান কৰিছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Make in India' radar programme to help Tejas track targets gets Rs 2,205 crore boost

Media Coverage

'Make in India' radar programme to help Tejas track targets gets Rs 2,205 crore boost
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Sachin Siwach on winning Gold in Men’s 60 kg Boxing
August 02, 2026

The Prime Minister, Shri Narendra Modi, has congratulated Sachin Siwach on winning the Gold medal in the Men’s 60 kg Boxing event at the Commonwealth Games 2026 in Glasgow.

The Prime Minister said that Sachin Siwach’s achievement will inspire several young boxers.

Shri Modi extended his best wishes to him for his future endeavours and expressed hope that he would continue to make India proud.

The Prime Minister wrote on X;

“Sachin Siwach strikes Gold at Glasgow!

Congrats to him for the success in the Men's 60 kg Boxing event. He will motivate several young boxers. All the best for his endeavours ahead. May he always make India proud.

#CWG2026”