প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩১ অক্টোবৰ, ২০২১ত ৰোমত জি২০ শিখৰ সন্মিলনৰ পটভূমিত স্পেইনৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰী পেড্ৰো ছানচেজক সাক্ষাৎ কৰে।

 

দুয়োজন নেতাই ক্ৰমবৰ্দ্ধমান দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগৰ সম্পৰ্কসমূহক আদৰণি জনায় য'ত আছে এয়াৰবাছ স্পেইনৰ পৰা ৫৬খন চি২৯৫ এয়াৰক্ৰাফ্ট অনাৰ শেহতীয়া চুক্তিৰ স্বাক্ষৰ, যাৰ ৪০খন টাটা এডভাঞ্চড ছিষ্টেমছৰ সহযোগত 'মেড ইন ইণ্ডিয়া' হ'ব। ই-মবিলিটি, ক্লীন টেক, এডভাঞ্চড মেটেৰিয়েলছ আৰু ডীপ ছী এক্সপ্লৰেচনৰ দৰে নতুন ক্ষেত্ৰসমূহত ভৱিষ্যতে দ্বিপাক্ষিক সহযোগিতা সম্প্ৰসাৰিত কৰিবলৈ তেওঁলোক সন্মত হয়। প্ৰধানমন্ত্ৰী মোদীয়ে গ্ৰীণ হাইড্ৰজেন, আন্তঃগাঁথনি আৰু প্ৰতিৰক্ষা নিৰ্মাণ কাৰ্যকে ধৰি বিভিন্ন খণ্ডত বিনিয়োগ কৰিবলৈ আৰু লগতে ভাৰতৰ নেচনেল ইনফ্ৰাষ্ট্ৰাকচাৰ পাইপলাইন, এছেট মডাৰ্নাইজেচন প্লেন আৰু গতি শক্তি প্লেনৰ সুযোগ গ্ৰহণ কৰিবলৈ স্পেইনক আমন্ত্ৰণ জনায়।

দুয়োজন নেতাই ভাৰত-ইউৰোপীয়ান ইউনিয়নৰ সম্পৰ্কৰ লগতে অহা চিঅ'পি২৬ৰ অগ্ৰাধিকাৰ সন্দৰ্ভত আলোচনা কৰে। তেওঁলোকে জলবায়ু সম্পৰ্কীয় গতিবিধিৰ ক্ষেত্ৰত সহযোগিতা আৰু আফগানিস্তান তথা ইণ্ডো-পেছিফিককে ধৰি পাৰস্পৰিক স্বাৰ্থ জড়িত আঞ্চলিক আৰু বৈশ্বিক বিষয়সমূহৰ ওপৰতো আলোচনা কৰে।

প্ৰধানমন্ত্ৰী মোদী অহা বছৰ ভাৰতত প্ৰধানমন্ত্ৰী ছানচেজক আদৰণি জনাবলৈ অপেক্ষাৰত।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'PM Modi Is One Of Our Greatest Friends': Netanyahu Says Israel Is 'Investing Heavily' In India Ties

Media Coverage

'PM Modi Is One Of Our Greatest Friends': Netanyahu Says Israel Is 'Investing Heavily' In India Ties
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 04 আগষ্ট 2026
August 04, 2026

From Auto PLI to Ramsar Sites: How India is Winning on Every Front Under PM Modi