PM Modi interacts with recipients of National Teachers' Awards
PM Modi exhorts teachers to work towards bringing out the inherent strength of students, especially those with rural background
PM Modi applauds teachers for their dedication towards education and for making it their "life mantra"
PM Modi encourages the teachers to digitally transform their schools and its neighbourhood

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শিক্ষক দিৱস উপলক্ষে লোক কল্যাণ মাৰ্গত ৰাষ্ট্ৰীয় শিক্ষক বঁটা ২০১৭ ৰ বঁটাপ্ৰাপক শিক্ষকসকলৰ সৈতে এক বাৰ্তালাপত মিলিত হয়। এই বাৰ্তালাপ অনুষ্ঠানত কেন্দ্ৰীয় মানৱ সম্পদ দপ্তৰৰ মন্ত্ৰী শ্ৰী প্ৰকাশ জাভেদকাৰো উপস্থিত থাকে।

দেশৰ শিক্ষাৰ মানদণ্ড উন্নীতকৰণৰ ক্ষেত্ৰত শিক্ষকসকলে গ্ৰহণ কৰা ভুমিকা তথা তেওঁলোকৰ অৱদানৰ বাবে তেওঁলোকক অভিনন্দন জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে। শিক্ষাৰ প্ৰতি তেওঁলোকৰ ঐকান্তিকতাৰ বাবে তথা শিক্ষাক জীৱনৰ আধাৰ হিচাপে গ্ৰহণ কৰা বাবে প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক উচ্চ প্ৰশংসা কৰে। তেওঁ কয় যে শিক্ষকসকল সমগ্ৰ জীৱন শিক্ষক হৈয়েই থাকে।

এই মত-বিনিময়কালত প্ৰধানমন্ত্ৰীয়ে সকলো বঁটাপ্ৰাপক শিক্ষককেই সমগ্ৰ সমুদায়টোকেই সক্ৰিয় কৰি তোলাত আগভাগ লোৱাৰ উপৰি তেওঁলোকক বিদ্যালয়ৰ উ্ন্নয়নৰ এক অভিন্ন অংশ হিচাপে গঢ়ি তোলাৰ বাবেও আহ্বান জনায়। তেওঁ লগতে শিক্ষাৰ্থীসকলৰ মাজৰ পৰা তেওঁলোকৰ মাজতেই থকা সুপ্ত প্ৰতিভাৰ বিকাশ ঘটোৱাৰো আহ্বান জনায়, বিশেষকৈ দৰিদ্ৰ তথা গ্ৰামাঞ্চলৰ পৰা অহা শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰাৰো আহ্বান জনায়।

প্ৰধানমন্ত্ৰীয়ে কয় যে শিক্ষাবিদসকলে শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ সংযোগহীনতা আঁতৰোৱাৰ বাবে কাম কৰা উচিত, যাতে শিক্ষাৰ্থীসকলে সমগ্ৰ জীৱন ধৰি শিক্ষকসকলক মনত ৰাখিব পাৰে। তেওঁ লগতে শিক্ষকসকলক তেওঁলোকৰ বিদ্যালয় আৰু চুবুৰীবোৰ ডিজিটেল দিশৰ পৰা সমৃদ্ধ কৰাতো আগভাগ লোৱাৰ বাবে উদ্বুদ্ধ কৰে।

প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰা সময়ছোৱাত বঁটাপ্ৰাপক শিক্ষকসকলে তেওঁলোকৰ বিদ্যালয়সমূহ শিক্ষণ তথা উৎকৰ্ষ সাধনৰ কেন্দ্ৰ হিচাপে কেনেদৰে গঢ়ি তুলিছে সেই সম্পৰ্কেও তেওঁলোকৰ প্ৰেৰণামূলক ঘটনাৱলী বিৱৰি কয়। শেহতীয়াকৈ প্ৰৱৰ্ত্তন কৰা অনলাইন মনোনয়ন দাখিল প্ৰক্ৰিয়া আৰু শিক্ষা ব্যৱস্থাত  সমগ্ৰ দেশতে এক বৃহৎ মানসম্পন্ন পৰিৱৰ্তন আনি দিয়া আঁচনি যেনে ডিজিটেল ভাৰত আদিৰ বাবে প্ৰধানমন্ত্ৰীক অশেষ ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখ্য যে এইবছৰ ৰাষ্ট্ৰীয় বঁটাৰ বাবে শিক্ষক বাচনিৰ ক্ষেত্ৰত নীতি-নিৰ্দেশনাসমূহ ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে কিছু সালসলনি কৰিছে। এই নতুন নীতি অনুসৰি শিক্ষকসকলে স্ব-মনোনয়নৰ সুবিধা লাভ কৰিছে, আৰু দেশৰ গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় বঁটাসমূহৰ ক্ষেত্ৰত প্ৰৱৰ্ত্তন কৰা শেহতীয়া উদ্ভাৱনীয়তাসমূহৰ সংযোজন ঘটোৱা হৈছ। এই আঁচনি বা নীতিসমূহ সম্পূৰ্ণ স্বচ্ছ, নিকা আৰু প্ৰদৰ্শনৰ উৎকৰ্ষ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
 PLI schemes attract over Rs 2.16 lakh crore investment, generate 14.39 lakh jobs

Media Coverage

PLI schemes attract over Rs 2.16 lakh crore investment, generate 14.39 lakh jobs
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 মাৰ্চ 2026
March 27, 2026

Relief, Revival & Rise: How PM Modi is Building a Modern, Rooted & Self-Reliant India