প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেশুভাই পেটেলৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

 

এলানি টুইটত প্ৰধানমন্ত্ৰীয়ে কয়, ''আমাৰ প্ৰিয় আৰু সন্মানীয় কেশুভাই আৰু নাই…। মই গভীৰ দুখ পাইছো আৰু মৰ্মাহত হৈছো। তেওঁ আছিল এজন প্ৰখ্যাত নেতা যি সমাজৰ প্ৰতিটো শ্ৰেণীৰ যতন লৈছিল। গুজৰাটৰ প্ৰগতি আৰু প্ৰতিজন গুজৰাটীৰ সবলীকৰণৰ দিশত তেওঁৰ জীৱন উৎসৰ্গিত আছিল।

 

জনসংঘ আৰু বিজেপিক শক্তিশালী কৰিবলৈ কেশুভাইয়ে সমগ্ৰ গুজৰাটৰ চুকে-কোনে ভ্ৰমণ কৰিছিল। তেওঁ সৰ্বতোপ্ৰকাৰে জৰুৰী অৱস্থাৰ মোকাবিলা কৰিছিল। কৃষকৰ কল্যাণৰ বিষয়বিলাক তেওঁৰ হৃদয়ৰ একেবাৰে ওচৰত আছিল। এমএলএ, এমপি, মন্ত্ৰী বা মুখ্যমন্ত্ৰী, যিকোনো ৰূপতে তেওঁ কৃষকৰ অনুকূল পদক্ষেপ অনুমোদিত হোৱাটো নিশ্চিত কৰিছিল।

 

কেশুভাইয়ে মোৰ লগতে বহু যুৱ কৰ্মকৰ্তাক সদুপদেশ দিয়াৰ লগতে প্ৰস্তুত কৰি তুলিছিল। সকলোৱে তেওঁৰ সৰবৰহী প্ৰকৃতিক ভাল পাইছিল। তেওঁৰ বিয়োগ এক অপূৰণীয় ক্ষতি। আজি আমি সকলোৱে বেজাৰ পাইছো। তেওঁৰ পৰিয়াল আৰু শুভাকাংক্ষীসকলৰ প্ৰতি মই সমবেদনা জনাইছো। তেওঁৰ পুত্ৰ ভাৰতৰ সৈতে কথা পতাৰ লগতে শোক প্ৰকাশ কৰো। ওম শান্তি।''

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India-EU trade pact to better tech access

Media Coverage

India-EU trade pact to better tech access
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Nagaland meets Prime Minister
March 24, 2026