প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফণী ধুমুহাৰ বিৰুদ্ধে প্ৰস্তুতিৰ এক উচ্চ পৰ্যায়ৰ পুনপীক্ষণ সন্মিলনত সভাপতিত্ব কৰে৷ এই সন্মিলনখনত উপস্থিত আছিল কেবিনেট সচিব, প্ৰধানমন্ত্ৰীৰ মুখ্য সচিব, অতিৰিক্ত মুখ্য সচিব, গৃহ সচিব আৰু আইএমডি, এনডিআৰএফ, এনডিএমএ তথা পিএমঅ’ৰ জ্যেষ্ঠ বিষয়ববীয়াসকল৷

এই ধুমুহাৰ বিৰুদ্ধে গ্ৰহণ কৰা প্ৰস্তুতি, চলিত সাৱধানমূলক ব্যৱস্থা সন্দৰ্ভত প্ৰধানমন্ত্ৰীক অৱগত কৰোৱা হয়৷

এই ব্যৱস্থাসমূহৰ ভিতৰত পৰ্যাপ্ত সমল; এনডিআৰএফ আৰু সশস্ত্ৰ বাহিনীৰ মোতায়েন; খোৱা পানীৰ ব্যৱস্থা; আৰু শক্তি তথা টেলিকম সেৱাৰ পুনঃস্থাপন আদি অন্তৰ্ভুক্ত কৰা হৈছে৷

উদ্ভৱ হোৱা পৰিস্থিতি পুনৰীক্ষণ কৰাৰ পিছত প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলক আক্ৰান্ত ৰাজ্যসমূহৰ বিষয়াসকলৰ সৈতে সমন্বয় স্থাপন কৰি সাৱধানমূলক ব্যৱস্থা গ্ৰহণ সন্দৰ্ভত নিশ্চিতি লাভ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে পৰ্যাপ্ত পৰিমাণে আশ্ৰয় আৰু পুনৰুদ্ধাৰ প্ৰক্ৰিয়াৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিয়ে৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Budget 2026 aims to build job-ready, formal talent base, say experts

Media Coverage

Budget 2026 aims to build job-ready, formal talent base, say experts
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 3 ফেব্ৰুৱাৰী 2026
February 03, 2026

Modi Hai Toh Mumkin Hai: India Gains Competitive Boost in US Market, Slamming Doubters