প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী চমুকৈ এনচিচিৰ সমাৱেশত উপস্থিত থাকে৷ সমাৱেশত প্ৰধানমন্ত্ৰীয়ে বিভিন্ন এনচিচি বাহিনী আৰু আন চুবুৰীয়া ৰাষ্ট্ৰৰ কেডেটসকলৰ গাৰ্ড অৱ অনা আৰু কুচকাৱাজ পৰিদৰ্শন কৰে৷

বড়ো চুক্তি আৰু ব্ৰু-ৰিয়াং চুক্তিঃ

উত্তৰ-পূবৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে পূৰ্বে এই অঞ্চলটো অৱহেলিত হৈ আছিল আৰু সন্ত্ৰাসবাদৰে যুঁজ দিবলগীয়া হৈছিল৷ বহুতো নিৰপৰাধী লোকে প্ৰাণ হেৰুৱাইছিল৷ কিন্তু এইখন চৰকাৰে উত্তৰ-পূবৰ উন্নয়নৰ বাবে অভূতপূৰ্ব পৰিকল্পনা গ্ৰহণ কৰিছে আৰু আনহাতে সকলো পক্ষৰ সৈতে মুকলি মনেৰে আলোচনাৰ ব্যৱস্থা কৰা হৈছে৷ বড়ো শান্তি চুক্তি ইয়াৰে ফল৷ এয়া হ’ল যুৱ ভাৰতৰ চিন্তা৷

মিজোৰাম আৰু ত্ৰিপুৰাৰ মাজত ব্ৰু-ৰিয়াং চুক্তি সম্পাদিত হোৱাৰ পাছত ব্ৰু জনজাতিৰ সৈতে জড়িত ২৩ বছৰ পুৰণি সমস্যা সমাধান হ’ল৷ এয়া হ’ল যুৱ ভাৰতৰ চিন্তা৷ আমি সকলোকে লগত লৈ, সকলোকে বিকশিত কৰি, সকলোৰে বিশ্বাস আদায় কৰি দেশখন আগুৱাই নি আছো৷

নাগৰিকত্ব সংশোধনী আইন

প্ৰধানমন্ত্ৰীয়ে কয় যে নাগৰিকত্ব সংশোধনী আইনৰ বিষয়ে সঠিকভাৱে জনাটো দেশৰ যুৱ প্ৰজন্মৰ বাবে প্ৰযোজন৷ স্বাধীনতাৰ পিছৰ পৰা ভাৰতবৰ্ষই পাকিস্তান, বাংলাদেশ, আফগানিস্তানৰ হিন্দু-শিখ আৰু আন সংখ্যালঘু লোকক প্ৰতিশ্ৰুতি দি আহিছে যে তেওঁলোকে প্ৰয়োজনবোধত ভাৰতলৈ আহিব পাৰে৷ তেওঁ প্ৰতিশ্ৰুতি দিয়ে যে ভাৰতবৰ্ষ তেওঁলোকৰ সৈতে আছে৷ এয়া জাতিৰ পিতা মহাত্মা গান্ধীৰো ইচ্ছা আছিল৷ আনকি ১৯৫০ৰ নেহৰু-লিয়াকট চুক্তিৰো এয়াই মূল বিষয় আছিল৷ “এই দেশসমূহত যিসকল ব্যক্তিয়ে নিজৰ ধৰ্মীয় বিশ্বাসৰ বাবে অত্যাচাৰৰ সন্মুখীন হয়, তেন্তে তেওঁলোকক আশ্ৰয় দিয়াটো ভাৰতৰ কৰ্তব্য৷ তেনেকুৱা লোকৰ ক্ষেত্ৰত হৈ থকা ঐতিহাসিক অন্যায় দূৰ কৰিবলৈয়ে আজি আমাৰ চৰকাৰে নাগৰিকত্ব সংশোধনী আইন আনিছে৷ তেনেকুৱা লোকক ভাৰতৰ নাগৰিকত্ব দিয়াটো ভাৰতৰ পুৰণি প্ৰতিশ্ৰুতি৷” —প্ৰধানমন্ত্ৰীয়ে কয়৷

প্ৰধানমন্ত্ৰীয়ে কয় যে দেশ বিভাজনৰ সময়ত বহুতো লোকে ভাৰত এৰি যাবলগীয়া গৈছিল কিন্তু ইয়াৰ সম্পত্তিৰ ওপৰত অধিকাৰ ৰাখি গৈছিল৷ কোটি কোটি টকাৰ এই সম্পত্তিসমূহৰ ওপৰত ভাৰতৰ অধিকাৰ সত্ত্বেও দশক দশক ধৰি শত্ৰু সম্পত্তি আইনক স্থগিত কৰি ৰখা হৈছে৷ তেওঁ পুনৰ কয় যে যিসকলে শত্ৰু সম্পত্তি আইনৰ বিৰোধিতা কৰি আহিছে, তেওঁলোকেই এতিয়া নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰিবলৈ ৰাজপথলৈ ওলাইছে৷

ভাৰত-বাংলাদেশ সীমান্ত বিতৰ্কঃ

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰত আৰু বাংলাদেশ সীমান্তৰ বিবাদ অন্ত পেলোৱাৰ বাবে পূৰ্বে কোনো দৃঢ় পদক্ষেপ নাছিল৷ সীমান্ত যেতিয়ালৈ বিবদমান হৈ থাকিব, তেতিয়ালৈকে অনুপ্ৰৱেশ বন্ধ নহয়৷ বিবাদ জীয়াই ৰাখি, অনু্প্ৰৱেশকাৰীৰ বাবে পথ মুকলি কৰি ৰাখি তেওঁলোকে নিজৰ ৰাজনীতি চলাই আছিল৷

প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ চৰকাৰে উভয় পক্ষৰ সৈতে আলোচনা আৰু সন্মতিক্ৰমে বাংলাদেশ সীমান্ত বিবাদ নিষ্পত্তি কৰিছে৷ তেওঁ সন্তুষ্টি ব্যক্ত কৰে যে কেৱল সীমান্ত বিবাদ নিষ্পত্তি হোৱাই নহয়, ভাৰত আৰু বাংলাদেশৰ সম্পৰ্কই আজি ঐতিহাসিক উচ্চতা স্পৰ্শ কৰিছে আৰু দুয়োখন ৰাষ্ট্ৰই ঐক্যবদ্ধভাৱে দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিছে৷ 

কাৰ্টাৰপুৰ কৰিড’ৰঃ

প্ৰধানমন্ত্ৰীয়ে কয় যে বিভাজনে গুৰুদ্বাৰ কাৰ্টাৰপুৰ ছাহিবক আমাৰ পৰা দূৰলৈ লৈ গৈছিল আৰু ই পাকিস্তানৰ অংশ হৈছিল৷ কাৰ্টাৰপুৰ হ’ল গুৰু নানকৰ ভূমি৷ দেশৰ কোটি কোটি লোকৰ বিশ্বাস এই পবিত্ৰ ভূমিৰ সৈতে জড়িত হৈ আছে৷ দশক দশক ধৰি শিখ ভক্তসকলে কাৰ্টাৰপুৰ দৰ্শন আৰু গুৰু ভূমিৰ স্পৰ্শ পাবলৈ অপেক্ষা কৰি আছিল৷ এই চৰকাৰে কাৰ্টাৰপুৰ ক’ৰিডৰ স্থাপন কৰি শিখ ভক্তসকলৰ মনোকামনা পূৰণ কৰিছে৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
NMC adds over 13,000 MBBS seats, total intake tops 1.4 lakh

Media Coverage

NMC adds over 13,000 MBBS seats, total intake tops 1.4 lakh
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends greetings on Rosh Hashanah to PM Netanyahu, people of Israel and Jewish communities worldwide
September 12, 2026

The Prime Minister, Shri Narendra Modi has extended greetings on the occasion of Rosh Hashanah to Prime Minister of Israel, Benjamin Netanyahu, the people of Israel and Jewish communities across the globe.

The Prime Minister wished that the new year be filled with peace, hope, good health and continued progress for all.

In a post on X, Shri Modi wrote;

“‎Shana Tova!

‎Wishing a very happy Rosh Hashanah to Prime Minister Netanyahu, the people of Israel and Jewish communities across the globe.

‎May the new year be filled with peace, hope, good health and continued progress for all.

‎שנה טובה!

 

‎ מאחל שנה טובה ושמחה לראש הממשלה נתניהו, לעם ישראל ולקהילות היהודיות ברחבי העולם.

 

‎ מי ייתן והשנה החדשה תביא עמה שלום, תקווה, בריאות טובה וקדמה לכולם.


‎ ⁦‪@netanyahu‬⁩”