আৰক্ষী বাহিনীসমূহক অধিক সংবেদনশীল কৰি তুলিবলৈ আৰু তেওঁলোকক নতুন প্ৰযুক্তি সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰিবলৈ পৰামৰ্শ দিয়ে প্ৰধানমন্ত্ৰীয়ে
বিভিন্ন সংস্থাসমূহৰ মাজত তথ্যৰ মসৃণ বিনিময় সম্ভৱ কৰি তোলাৰ বাবে ‘ৰাষ্ট্ৰীয় তথ্য শাসন পৰিকাঠামো’ গঢ়ি তোলাত প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে
প্ৰধানমন্ত্ৰীয়ে ৰাজ্যিক আৰক্ষী আৰু কেন্দ্ৰীয় আৰক্ষীৰ মাজত সহযোগিতা বৃদ্ধিৰ পোষকতা কৰে
প্ৰাসংগিকতা হেৰুওৱা অপৰাধী আইন বাতিলৰ লগতে কাৰাগাৰ সংস্কাৰৰো পৰামৰ্শ প্ৰদান কৰে প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত ২১ আৰু ২২ জানুৱাৰীত অনুষ্ঠিত ‘আৰক্ষী সঞ্চালক প্ৰধান/মহাপৰিদৰ্শকসকলৰ ৫৭ সংখ্যক সৰ্বভাৰতীয় সন্মিলন’ত অংশগ্ৰহণ কৰে।

আৰক্ষী বাহিনীসমূহক অধিক সংবেদনশীল কৰি তুলিবলৈ আৰু তেওঁলোকক নতুন প্ৰযুক্তিসমূহৰ সন্দৰ্ভত প্ৰশিক্ষণ দিয়াৰ পৰামৰ্শ দিয়ে প্ৰধানমন্ত্ৰীয়ে। তেওঁ বিভিন্ন সংস্থাত তথ্য বিনিময় মসৃণ কৰাৰ বাবে ৰাষ্ট্ৰীয় তথ্য শাসন পৰিকাঠামো স্থাপনত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে পৰামৰ্শ দিয়ে যে যদিও আমি বায়োমেট্ৰিক আদিৰ দৰে প্ৰযুক্তিগত সমাধানৰ অধিক সুবিধা ল'ব লাগে, তথাপিও পৰম্পৰাগত পুলিচিং প্ৰণালী যেনে ফুট পেট্ৰ'ল আদিক অধিক শক্তিশালী কৰাৰ প্ৰয়োজন আছে। তেওঁ ৰাজ্যজুৰি অপ্ৰাসংগিক হৈ পৰা অপৰাধী আইনসমূহ বাতিল কৰাৰ লগতে আৰক্ষী সংগঠনসমূহৰ বাবে মানক নিৰ্মাণৰ পৰামৰ্শ দিয়ে।  তেওঁ কাৰাগাৰসমূহৰ ব্যৱস্থাপনা উন্নত কৰিবলৈ কাৰাগাৰৰ সংস্কাৰৰ পৰামৰ্শ প্ৰদান কৰে। বিষয়াসকলৰ সঘন পৰিদৰ্শনৰ দিহা কৰি সীমান্তৰ লগতে উপকূলীয় নিৰাপত্তা শক্তিশালী কৰাৰ বিষয়েও আলোচনা কৰে প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰীয়ে সামৰ্থ্য ৰক্ষা আৰু সৰ্বশ্ৰেষ্ঠ অনুশীলনসমূহৰ ভাগ বাটোৱাৰা কৰাৰ বাবে ৰাজ্যিক আৰক্ষী আৰু কেন্দ্ৰীয় সংস্থাসমূহৰ মাজত সহযোগিতা বৃদ্ধিত গুৰুত্ব আৰোপ কৰে। তেওঁ থন্ ধৰি উঠা প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোচনা কৰাৰ বাবে আৰু তেওঁলোকৰ দলসমূহৰ মাজত গা-কৰি উঠা সৰ্বশ্ৰেষ্ঠ অনুশীলনসমূহৰ সম্পৰ্কে আলোনা কৰাৰ বাবে আৰক্ষী সঞ্চালক প্ৰধান/মহাপৰিদৰ্শক সন্মিলনৰ আৰ্হিত ৰাজ্য/জিলা পৰ্যায়ত অনুৰূপ সন্মিলন অনুষ্ঠিত কৰাৰ পৰামৰ্শ দিয়ে।

প্ৰধানমন্ত্ৰীয়ে বিশিষ্ট সেৱাৰ বাবে আৰক্ষী পদকসমূহ বিতৰণ কৰাৰ পিছত এই সন্মিলনৰ সামৰণি পৰে।

সন্মিলনখনত সন্ত্ৰাসবাদ বিৰোধী, বিদ্ৰোহ বিৰোধী আৰু চাইবাৰ নিৰাপত্তাকে ধৰি আৰক্ষী আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিভিন্ন দিশ সামৰি লোৱা হয়। কেন্দ্ৰীয় গৃহ মন্ত্ৰী, গৃহ ৰাজ্যমন্ত্ৰী, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা, কেন্দ্ৰীয় গৃহ সচিব, ৰাজ্য/কেন্দ্ৰীয় শাসিত সংস্থাৰ আৰক্ষী সঞ্চালক প্ৰধান/মহাপৰিদৰ্শক আৰু কেন্দ্ৰীয় আৰক্ষী সংগঠন/কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ মুৰব্বীসকলো সন্মিলনখনত উপস্থিত আছিল। বিভিন্ন পৰ্যায়ৰ প্ৰায় ৬০০গৰাকী বিষয়াই সন্মিলনখনত ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ পৰা ‘ভাৰ্চুৱেলী’ অংশগ্ৰহণ কৰিছিল।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s pharma exports cross $28 bn till February, likely to end up with growth in rupee terms in FY26

Media Coverage

India’s pharma exports cross $28 bn till February, likely to end up with growth in rupee terms in FY26
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 5 এপ্ৰিল 2026
April 05, 2026

From Aatmanirbhar to Viksit Bharat: PM Modi’s Leadership Powers India’s Multi-Sector Triumph