প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বেংককত অনুষঅঠিত হোৱা ১৬ তম আছিয়ান সন্মিলনত অংশ গ্ৰহণ কৰে।

আজি প্ৰধানমন্ত্ৰীয়ে উপস্থিত সকলোকে সম্বোধন কৰি ১৬ তম আছিয়ান সন্মিলনত ভাৰতৰ অংশগ্ৰহণৰ বাবে সন্তুষ্টি ব্যক্ত কৰে। থাইলেণ্ডৰ উষ্ম আতিথ্যৰো শলাগ লয় প্ৰধানমন্ত্ৰী মোদীয়ে। অহা বছৰ এই আছিয়ান সন্মিলনৰ আয়োজনৰ দায়িত্ব লাভ কৰাৰ বাবে ভিয়েটনামকো শুভেচ্ছা জনায় প্ৰধানমন্ত্ৰী মোদীয়ে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ এক্ট-ইষ্ট পলিচী হৈছে ভাৰত-প্ৰশান্তৰ এক অতি গুৰুত্বপূৰ্ণ কাৰক। তেওঁ কয় যে আছিয়ান হৈছে এই এক্ট ইষ্ট পলিচীৰ কেন্দ্ৰস্বৰূপ। এক শক্তিশালী আছিয়ানৰ পৰা ভাৰত যথেষ্ট লাভৱান্বিত হ’ব। শ্ৰী মোদীয়ে ভুগৰ্ভ, সমূদ্ৰ, বায়ু আৰু ডিজিটেল সম্পৰ্ক সৌহাদ্যপূৰ্ণ কৰি তুলিবলৈ গ্ৰহণ কৰা বিভিন্ন বিষয় তথা পদক্ষেপৰ আলোচনা কৰে। তেওঁ লগতে কয় যে ভৌতিক আৰু ডিজিটেল সম্পৰ্ক উন্নত কৰাৰ লক্ষ্যৰে এক আৰব ডলাৰৰ ভাৰতীয় ঋণ লাভজনক বিবেচিত হ’ব।

প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত বৰ্ষৰ স্মৰণীয় আছিয়ান সন্মিলন আৰু ছিংগাপুৰৰ অনানুষ্ঠানিক সন্মিলনৰ বিভিন্ন সিদ্ধান্ত কাৰ্যকৰী হোৱাৰ ফলত ভাৰত আৰু আছিয়ানৰ মাজত সম্পৰ্ক ঘনিষ্ঠ হৈ পৰে। বাৰত আৰু আছিয়ানৰ বাবে পাৰস্পৰিক লাভালাভৰ ক্ষেত্ৰসমূহত সহযোগ আৰু সম্পৰ্ক ঘনিষ্ঠ কৰাৰ বাবে ভাৰত সদা ইচ্ছুক। তেওঁ কৃষি, অনুসন্ধান, অভিযান্ত্ৰিকতা, বিজ্ঞান আৰু তথ্যবিনিময়ৰ প্ৰযুক্তি ক্ষেত্ৰসমূহতো সম্পৰ্ক বৃদ্ধি কৰা আৰু সক্ষমতা বৃদ্ধি কৰাৰ বাবে ইচ্ছা প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে সামূদ্ৰিক সুৰক্ষা আৰু নীল অৰ্থব্যৱস্থা ক্ষেত্ৰত সহযোগ বৃদ্ধি কৰিবলৈ বিচাৰে। তেওঁ ভাৰত আৰু আছিয়ান এফটিএৰ সমীক্ষা সন্দৰ্ভতো নিস্পত্তিকাৰী সিদ্ধান্তক আদৰণি জনাই কয় যে ইয়াৰ দ্বাৰা দুয়োখন দেশৰ মাজতে আৰ্থিক বুজাবুজিৰ ক্ষেত্ৰখন সুচল হৈ পৰিব।

Click here to read full text of speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From welfare to opportunity: How DPI 2.0 and AI will unlock India’s productivity

Media Coverage

From welfare to opportunity: How DPI 2.0 and AI will unlock India’s productivity
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 28 জুন 2026
June 28, 2026

From Digital India to Defence, PM Modi’s Vision for a Viksit Bharat Powering India’s Progress