প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ জানুৱাৰী, ২০২১ তাৰিখে সংসদৰ বাজেট অধিৱেশনৰ ওপৰত অনুষ্ঠিত সৰ্বদলীয় বৈঠকত সম্বোধন কৰে। 

প্ৰধানমন্ত্ৰীয়ে মহাত্মা গান্ধীক তেওঁৰ পূণ্য তিথিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু কয় যে আমি তেওঁৰ সপোন পূৰণ কৰাৰ বাবে চেষ্টা কৰিব লাগিব। তেওঁ আজি ৰাতিপুৱা আমেৰিকা যুক্তৰাষ্ট্ৰত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি ক্ষতি কৰা ঘটনাৰ নিন্দা কৰি কয় যে এনে ঘৃণাৰ পৰিৱেশ আমাৰ বিশ্বৰ বাবে স্বাগতম জনাবলগীয়া নহয়। 

প্ৰধানমন্ত্ৰীয়ে আশ্বাস দিয়ে যে চৰকাৰে মুকলি মনৰে কৃষি আইনৰ বিষয়টোৰ ওচৰলৈ আহিছে। তেওঁ কয় যে চৰকাৰৰ স্থিতি ২২ জানুৱাৰীত থকাৰ দৰে একেই আছে আৰু কৃষিমন্ত্ৰীয়ে দিয়া প্ৰস্তাৱ এতিয়াও আছে। তেওঁ পুনৰ কয় যে কৃষিমন্ত্ৰীক কেৱল মাত্ৰ এটা ফোন কৰি আলোচনা আগুৱাই নিব পাৰি। 

২৬ জানুৱাৰীত হোৱা দুৰ্ভাগ্যজনক ঘটনাৰ ওপৰত নেতাসকলে উল্লেখ কৰা প্ৰসংগৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে কয় যে আইনে নিজৰ পথ ল'ব। 

প্ৰধানমন্ত্ৰীয়ে কয় যে বৈঠকত নেতাসকলে উত্থাপন কৰা বিষয়বোৰৰ ওপৰত বিতং আলোচনাৰ বাবে চৰকাৰ প্ৰস্তুত। তেওঁ সংসদৰ কাৰ্যকলাপ সুচাৰুৰূপে চলাই নিয়া আৰু সদনৰ মজিয়াত ব্যাপক বিতৰ্কৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ো। তেওঁ লগতে কয় যে সঘনাই হোৱা বাধাৰ ফলত সৰু দলবোৰ ক্ষতিগ্ৰস্ত হয় কিয়নো তেওঁলোকে নিজকে পৰ্যাপ্তভাৱে প্ৰকাশ কৰিব নোৱাৰে। তেওঁ কয় যে ডাঙৰ ৰাজনৈতিক দলসমূহে এয়া নিশ্চিত কৰিব লাগে যাতে সংসদৰ মজিয়াত কাম-কাজ সুচাৰুৰূপে সম্পন্ন হয়, কোনো বাধা নাথাকে আৰু এনেদৰে সৰু দলবোৰে সংসদত তেওঁলোকৰ মতামত ব্যক্ত কৰিবলৈ সক্ষম হয়। 

প্ৰধানমন্ত্ৰীয়ে বহুতো খণ্ডত বিশ্বব্যাপী ভালৰ বাবে ভাৰতে কিধৰণৰ ভূমিকা পালন কৰিব পাৰে তাৰ ওপৰত আলোকপাত কৰে। তেওঁ দেশবাসীৰ দক্ষতা আৰু সাহসৰ বিষয়ে উল্লেখ কৰে, যি বৈশ্বিক সমৃদ্ধি গুণাত্মক ৰূপত বৃদ্ধি কৰাৰ বাবে এক শক্তি হ'ব পাৰে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s pharmaceutical sector records transformative growth over 12 years, strengthening affordable healthcare and self-reliance

Media Coverage

India’s pharmaceutical sector records transformative growth over 12 years, strengthening affordable healthcare and self-reliance
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 জুন 2026
June 19, 2026

Appreciation for India’s Domestic Growth and Rising Global Influence under PM Modi’s Leadership