‘বিশ্ব স্বাস্থ্য সংস্থা’(হু)ৰ সঞ্চালক প্ৰধান মহামহিম ড০ টেড্ৰছ এধানম ঘেব্ৰেয়েছুছৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে আজি টেলিফোনৰে এক বাৰ্তালাপত মিলিত হয়।

প্ৰধানমন্ত্ৰী শ্ৰী মোডীয়ে ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে গোলকীয় প্ৰেক্ষাপটত এক সমন্বিত প্ৰত্যাহ্বান সৃষ্টি কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বাবে ‘বিশ্ব স্বাস্থ্য সংস্থা’(হু)ক প্ৰশংসা কৰে। অৱশ্যে, ইয়াৰ মাজতো আন ৰোগৰ বিৰুদ্ধে অব্যাহত থকা যুঁজৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ শিথিলতা প্ৰদৰ্শন কৰা নহয় সেই কথা নশ্চিত কৰিবলৈ আহ্বান জনোৱাৰ লগতে উন্নয়ণশীল দেশসমূহৰ স্বাস্থ্য ব্যৱস্থালৈ আগবঢ়োৱা সহযোগিতাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ‘হু’-ৰ শলাগ লয়।

বাৰ্তালাপত সঞ্চালক প্ৰধানগৰাকীয়ে ‘হু’-ৰ সৈতে ভাৰতীয় স্বাস্থ্য প্ৰাধিকাৰীসমূহৰ নিয়মীয়া সহযোগিতা অব্যাহত ৰখাত গুৰুত্ব আৰোপ কৰাৰ লগতে, ভাৰতে ৰূপায়ণ কৰা ‘আয়ুষ্মান ভাৰত’ আঁচনি আৰু যক্ষ্মা ৰোগৰ বিৰুদ্ধে আৰম্ভ কৰা অভিযান দৰে পদক্ষেপসমূহৰ প্ৰশংসা কৰে। তেওঁ কয়, গোলকীয় স্বাস্থ্য প্ৰসংগত ভাৰতে এক গুৰুত্বপূৰ্ণ ভূমিকা পালনৰ প্ৰয়োজনীয়তা আছে।

প্ৰধানমন্ত্ৰী আৰু সঞ্চালক প্ৰধানৰ মাজত পৰম্পৰাগত চিকিত্সা পদ্ধতি সম্পৰ্কে, বিশেষকৈ পৃথিৱীৰ মানৱসমাজৰ কল্যাণ আৰু ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধিৰ প্ৰসংগত এক ফলপ্ৰসু আলোচনা অনুষ্ঠিত হয়। তেওঁলোক দুয়োয়ে এক বিস্তৃত বিধি-ব্যৱস্থাৰ জৰিয়তে আধুনিক চিকিত্সা অনুশীলনৰ সৈতে পৰম্পৰাগত চিকিত্সা সমাধানৰ এক সমন্বয় সাধনৰ প্ৰয়োজনীয়তাৰ লগতে যুগসিদ্ধ পৰম্পৰাগত চিকিত্সা সামগ্ৰী আৰু অনুশীলনৰ সুচিন্তিত বৈজ্ঞানিক মূল্যায়ণৰ প্ৰসংগত সহমত ব্যক্ত কৰে।

বাৰ্তালাপত সঞ্চালক প্ৰধানগৰাকীয়ে স্বীকাৰ কৰি কয় যে, পৰম্পৰাগত চিকিত্সা পদ্ধতিৰ সম্ভাৱনীয়তাসমূহৰ সন্দৰ্ভত এই পৰ্যন্ত পৰ্যাপ্ত গুৰুত্ব প্ৰদান কৰা হোৱা নাই যদিও হু-য়ে এইক্ষেত্ৰৰ গৱেষণা, প্ৰশিক্ষণ আৰু উত্তম অনুশীলনসমূহৰ আদান-প্ৰদানক উত্সাহিত কৰাৰ বাবে সক্ৰিয়তাৰে কাম কৰি থকা বুলি জানিবলৈ দিয়ে।

প্ৰধানমন্ত্ৰীয়ে এনেবোৰ প্ৰয়াসৰ শলাগ লয় আৰু ভাৰতে ‘ক’ভিডৰ বাবে আয়ুৰ্বেদ’ শীৰ্ষক বিষয়বস্তুৰে অহা ১৩ নৱেম্বৰত ‘আয়ুৰ্বেদ দিৱস’ উদযাপন কৰিবলৈ প্ৰস্তুতি চলোৱাৰ কথা সঞ্চালক প্ৰধানগৰাকীক জানিবলৈ দিয়ে।

তেওঁলোক দুয়োয়ে ক’ভিড-১৯ক নিৰস্ত্ৰ কৰাৰ বাবে গোলকীয় প্ৰেক্ষাপটত দেশসমূহে গ্ৰহণ কৰা সমন্বিত প্ৰয়াস সম্পৰ্কেও বিস্তৃত আলোচনা কৰে। এই প্ৰসংগতে সঞ্চালক প্ৰধানজনে সমগ্ৰ মানৱসমাজৰ কল্যাণৰ লক্ষ্যৰে প্ৰতিষেধকৰ নেতৃত্ববহণকাৰী উত্পাদনকাৰী হিচাপে ভাৰতৰ সামৰ্থ্য নিয়োজিত কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোডীয়ে লোৱা ভূমিকাৰো ভূয়সী প্ৰশংসা কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's high-flying ambitions: How policy overhaul doubled nation's MRO footprint from 96 to 166

Media Coverage

India's high-flying ambitions: How policy overhaul doubled nation's MRO footprint from 96 to 166
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 16 মে’ 2026
May 16, 2026

Petroleum Reserves Secured, Dollars Pouring In, AI Supercluster Rising — Welcome to PM Modi’s New India