প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ইউৰোপীয়ান কাউন্সিল’ৰ অধ্যক্ষ মহামহিম চাৰ্লছ মাইকেলৰ সৈতে এক টেলিফোনিক বাৰ্তালাপত মিলিত হয়।

প্ৰধানমন্ত্ৰীয়ে ইউক্ৰেইনত অৱনমিত হোৱা পৰিস্থিতি আৰু মানৱীয়তাৰ সংকটক লৈ গভীৰ ক্ষোভ প্ৰকাশ কৰে। তেওঁ যুদ্ধ পৰিহাৰ কৰি আলোচনাৰ মেজলৈ অহাৰ বাবে ভাৰতে জনাই অহা আহ্বানকে পুনৰ দোহাৰে।

প্ৰধানমন্ত্ৰীয়ে সমসাময়িক গোলকীয় ব্যৱস্থাৱলী আন্তঃৰাষ্ট্ৰীয় আইন, ৰাষ্ট্ৰসংঘৰ চনদ আৰু সকলো দেশৰ ভৌগলিক অখণ্ডতা তথা সাৰ্বভৌমত্বৰ প্ৰতি সন্মান প্ৰদৰ্শনৰে পৰিচালিত হোৱাৰ কথাত গুৰুত্ব আৰোপ কৰে।

তেওঁ দুয়ো পক্ষৰ মাজত অনুষ্ঠিত আলোচনালৈ আদৰণি জনোৱাৰ লগতে মানৱীয় প্ৰমূল্যবোধৰ মুক্ত আৰু অবিৰত প্ৰবাহ অব্যাহত ৰখাৰ উপৰি সকলো মানুহৰ সুচল আহ-যাহৰ পৰিৱেশ বৰ্তাই ৰখাৰো পোষকতা কৰে।

প্ৰধানমন্ত্ৰীয়ে প্ৰভাৱিত অঞ্চলসমূহলৈ ঔষধ-পাতিকে ধৰি সাহায্য সামগ্ৰীসমূহৰ তত্কালীন যোগানৰ ক্ষেত্ৰত ভাৰতে গ্ৰহণ কৰা তত্পৰতা সন্দৰ্ভতো তথ্য অৱগত কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Why Abrogation Of Article 370 Was A Strategic Necessity For India

Media Coverage

Why Abrogation Of Article 370 Was A Strategic Necessity For India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 05 আগষ্ট 2026
August 05, 2026

Viksit Bharat in Action: Inclusive, Green, and Globally Competitive Under PM Modi