প্ৰধানমন্ত্ৰীয়ে যুৱপ্ৰজন্মৰ সৈতে স্পষ্টভাষাৰে আৰু মুকলি মনেৰে কথা-বতৰাত মিলিত হয়
‘নেতাজী’ সুভাষ চন্দ্ৰ বসুৰ জীৱনৰ বিভিন্ন দিশৰ লগতে তেওঁৰ পৰা আমিনো কি শিকনি ল’ব পাৰো সেই সন্দৰ্ভত আলোচনা কৰে
প্ৰধানমন্ত্ৰীয়ে যুৱক-যুৱতীসকলক ঐতিহাসিক ব্যক্তিসকলে তেওঁলোকৰ জীৱনত কেনে প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল আৰু তেওঁলোকেনো সেয়া কেনেকৈ অতিক্ৰম কৰিছিল জানিবৰ বাবে তেওঁলোকৰ জীৱনকাহিনী পঢ়িবলৈ পৰামৰ্শ দিয়ে
যুৱক-যুৱতীসকলে প্ৰধানমন্ত্ৰীক লগ পোৱা আৰু সংসদৰ ‘চেণ্ট্ৰেল হল’ত তেওঁৰ কাষত বহিবলৈ পোৱাৰ অনন্য অভিজ্ঞতাৰ বিষয়ে অৱগত কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংসদৰ কেন্দ্ৰীয় হলত নেতাজী সুভাষ চন্দ্ৰ বসুক সন্মান জনোৱাৰ উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ 'ন ইয়ৰ লীডাৰ্ছ' শীৰ্ষক কাৰ্যসূচীৰ অধীনত নিৰ্বাচিত যুৱক-যুৱতীসকলৰ সৈতে বাৰ্তালাপ কৰে। এই বাৰ্তালাপ ৭, লোক কল্যাণ মাৰ্গত থকা তেওঁৰ বাসগৃহত অনুষ্ঠিত হৈছিল।

প্ৰধানমন্ত্ৰীয়ে যুৱসকলৰ সৈতে এক স্পষ্ট ভাষা আৰু মুকলি মনেৰে কথা-বতৰাত মিলিত হয়। ‘নেতাজী’ সুভাষ চন্দ্ৰ বসুৰ জীৱনৰ বিভিন্ন দিশ আৰু আমিনো তেওঁৰ পৰা কি শিকিব পাৰোঁ সেই বিষয়ে তেওঁ আলোচনা কৰিছিল। ঐতিহাসিক ব্যক্তিসকলে তেওঁলোকৰ জীৱনত কেনে ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল আৰু তেওঁলোকেনো কেনেদৰে এই প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰিছিল সেই বিষয়ে জনাৰ বাবে এই সেইসকল ব্যক্তিত্বৰ জীৱনী পঢ়িবলৈ প্ৰধানমন্ত্ৰীয়ে যুৱক-যুৱতীসকলক পৰামৰ্শ দিয়ে।

যুৱক-যুৱতীসকলে দেশৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ আৰু সংসদৰ ‘চেণ্ট্ৰেল হল’ত বহিবলৈ অনন্য সুযোগ লাভ কৰি উত্ফুল্লিত হোৱাৰ কথা জানিবলৈ দিয়ে। এই কাৰ্যসূচীয়ে তেওঁলোকক দেশৰ সকলো কোণৰ পৰা সমবেত হোৱা ব্যক্তিসকলক লগ পাই বৈচিত্ৰ্যৰ মাজত একতা কি সেই কথা হৃদয়ংগম কৰাৰো সুযোগ দিলে বুলি তেওঁলোকে লগতে জানিবলৈ দিয়ে।

সংসদত ৰাষ্ট্ৰীয় পুৰোধাকলক পুষ্পাঞ্জলি জ্ঞাপন কৰিবলৈ কেৱল বিশিষ্ট ব্যক্তিসকলকহে আমন্ত্ৰণ জনোৱাৰ পুৰণি প্ৰথাৰ সলনি এক আদৰণিমূলক পৰিৱৰ্তনৰ জৰিয়তে ‘নেতাজী’ সুভাষ চন্দ্ৰ বসুক সন্মান জনাবলৈ সংসদত আয়োজিত পুষ্পাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ সমগ্ৰ দেশৰ পৰা এই ৮০ গৰাকী যুৱক-যুৱতীক বাছনি কৰা হৈছিল। তেওঁলোকক 'ন ইয়ৰ লীডাৰ্ছ' কাৰ্যসূচীৰ অধীনত বাছনি কৰা হৈছিল, যাৰ জৰিয়তে সংসদত অনুষ্ঠিত হোৱা পুষ্পাঞ্জলি অনুষ্ঠানসমূহ দেশৰ যুৱক-যুৱতীসকলৰ মাজত দেশৰ ৰাষ্ট্ৰীয় পুৰোধাসকলৰ জীৱন আৰু অৱদানৰ বিষয়ে অধিক জ্ঞান আৰু সজাগতা সৃষ্টিৰ এক কাৰ্যকৰী মাধ্যম হিচাপে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰা হৈছে।

‘দীক্ষা পৰ্টেল’ আৰু ‘মাইগভ’ত অনুষ্ঠিত কুইজ প্ৰতিযোগিতাৰ লগতে এক বিস্তৃত, উদ্দেশ্যমূলক আৰু যোগ্যতা আধাৰিত প্ৰক্ৰিয়াৰ জৰিয়তে তেওঁলোকক বাছনি কৰা হৈছিল; জিলা আৰু ৰাজ্যিক পৰ্যায়ত বাকপটুতা/বক্তৃতা প্ৰতিযোগিতা; আৰু ‘নেতাজী’ৰ জীৱন আৰু অৱদান সম্পৰ্কীয় প্ৰতিযোগিতাৰ জৰিয়তে এইসকল যুৱক-যুৱতীক বিশ্ববিদ্যালয়সমূহৰ পৰা বাছনি কৰা হয়। তেওঁলোকৰ ৩১ গৰাকীয়ে সংসদৰ কেন্দ্ৰীয় হলত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ‘নেতাজী’ৰ অৱদান সন্দৰ্ভত বক্তব্য ৰখাৰ সুযোগ লাভ কৰে। তেওঁলোকে পাঁচটা ভাষাত কথা পাতিছিল: হিন্দী, ইংৰাজী, সংস্কৃত, মাৰাঠী আৰু বাংলা।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Bharat atta, rice set for market return ahead of festive season

Media Coverage

Bharat atta, rice set for market return ahead of festive season
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 জুলাই 2026
July 29, 2026

Aatmanirbhar & Eco-Conscious: PM Modi’s Record of Results in Conservation, Banking, Exports & Beyond