প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ৰ ২৭ জুনত জাৰ্মানীৰ শ্বলছ এলমাউত অনুষ্ঠিত হোৱা জি-৭ সন্মিলনৰ সমান্তৰালভাৱে দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চাইৰিল ৰামাফোছাৰ সৈতে বৈঠকত মিলিত হয়।

দুয়োগৰাকী নেতাই দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্কত হোৱা অগ্ৰগতি, বিশেষকৈ ২০১৯ চনত সহযোগিতা কৌশলগত কাৰ্যসূচী স্বাক্ষৰ কৰাৰ পিছত বাণিজ্য আৰু বিনিয়োগ, খাদ্য সুৰক্ষা, প্ৰতিৰক্ষা, ঔষধ, ডিজিটেল বিত্তীয় অন্তৰ্ভুক্তি, দক্ষতা বিকাশ, বীমা, স্বাস্থ্য আৰু দুয়ো দেশৰ জনতাৰ মাজত সম্পৰ্কৰ দৰে ক্ষেত্ৰত সহযোগিতাৰ সন্দৰ্ভত পৰ্যালোচনা কৰে।

দুয়োগৰাকী নেতাই উন্নয়নশীল দেশসমূহত ক’ভিড-১৯ ভেকচিন উৎপাদনত সহায় কৰাৰ বাবে ২০২২ চনৰ জুন মাহত বিশ্ব বাণিজ্য সংস্থাৰ মাজত স্বাক্ষৰিত চুক্তিকো আদৰণি জনায়। ভাৰত আৰু দক্ষিণ আফ্ৰিকাই ক’ভিড-১৯ প্ৰতিৰোধ, নিয়ন্ত্ৰণ বা চিকিৎসা সম্পৰ্কীয় ট্ৰিপছ চুক্তিৰ কিছুমান বিধান ৰূপায়ণৰ ক্ষেত্ৰত বিশ্ব বাণিজ্য সংস্থাৰ সকলো সদস্যৰ বাবে ৰেহাইৰ পৰামৰ্শ দি প্ৰথমটো প্ৰস্তাৱ উত্থাপন কৰিছিল।

বহুপক্ষীয় সংস্থাসমূহত নিৰন্তৰ সমন্বয় আৰু ইয়াৰ সংস্কাৰৰ প্ৰয়োজনীয়তা, বিশেষকৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সন্দৰ্ভতো তেওঁলোকৰ আলোচনাত ঠাই পায়।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi To Address Special Conference In Delhi Ahead Of Women's Quota Bill

Media Coverage

PM Modi To Address Special Conference In Delhi Ahead Of Women's Quota Bill
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 এপ্ৰিল 2026
April 12, 2026

Trust, Technology & Transformation: How India is Building a Viksit Bharat Under PM Modi