মিউনিখৰ পৰা অহাৰ বাটত প্ৰধানমন্ত্ৰীয়ে আজি আবু ধাবিত উপস্থিত হৈ কিছুসময় সময় কটায়। এই সময়ছোৱাত তেওঁ ‘ইউএই’-ৰ ৰাষ্ট্ৰপতি তথা আবু ধাবিৰ শাসনকৰ্তা ‘মহামহিম’ শ্বেইখ মহম্মেদ বিন জায়েদ অল নহ্যানক সাক্ষাত্ কৰে। ২০১৯ চনত প্ৰধানমন্ত্ৰী মোদীয়ে কৰা আবু ধাবি ভ্ৰমণৰ পিচত এয়া হৈছে দুয়োগৰাকী নেতাৰ মাজত সোঁ-শৰীৰে হোৱা প্ৰথমটো সাক্ষাত্।

এই সাক্ষাতৰ প্ৰধান উদ্দেশ্য হৈছে যোৱা মাহত মৃত্যু হোৱা শ্বেইখ খালিফা বিন জায়েদ অল নহ্যানৰ পৰিয়ালক নিজে উপস্থিত হৈ সমবেদনা জ্ঞাপন কৰা। প্ৰধানমন্ত্ৰীয়ে ‘মহামহিম’ শ্বেইখ মহম্মেদ বিন জায়েদৰ লগতে ৰাষ্ট্ৰীয় নিৰাপত্তা পৰামৰ্শদাতা ‘মহামহিম’ শ্বেইখ তাহনৌন বিন জায়েদ অল নহ্যান, উপ প্ৰধানমন্ত্ৰী ‘মহামহিম’ শ্বেইখ মনছুৰ বিন জায়েদ অল নহ্যান, ‘আবু ধাবি ইনভেষ্টমেণ্ট অথ’ৰিটী’ৰ পৰিচালন সঞ্চালক ‘মহামহিম’ শ্বেইখ হামেদ বিন জায়েদ অল নহ্যান, বৈদেশিক পৰিক্ৰমা তথা আন্তঃৰাষ্ট্ৰীয় সহযোগিতা পৰিক্ৰমাৰ মন্ত্ৰী ‘মহামহিম’ শ্বাইখ আব্দুলা বিন জায়েদ অল নহ্যানকে ধৰি শ্বেইখৰ পৰিয়ালবৰ্গক আন্তৰৰে সমবেদনা জ্ঞাপন কৰে।

সাক্ষাত কালত প্ৰধানমন্ত্ৰীয়ে ‘ইউএই’ৰ তৃতীয়গৰাকী ৰাষ্ট্ৰপতি আৰু আবু ধাবিৰ শাসনকৰ্তা হিচাপে স্থলাভিষিক্ত হোৱাৰ বাবে শ্বেইখ মহম্মেদ বিন জায়েদ অল নহ্যানক অভিনন্দনো জনায়।

বিগত কেইটামান বছৰত তেওঁলোকে বিশেষ সতৰ্কতাৰে প্ৰতিপালন কৰি গঢ়ি তোলা ভাৰত-‘ইউএই’ৰ মাজৰ ‘বিস্তৃত ৰণকৌশলগত সহযোগিতা’ৰ বিভিন্ন দিশৰ পৰ্যালোচনা কৰে দুয়োগৰাকী নেতাই। উল্লেখ্য যে যোৱা ১৮ ফেব্ৰুৱাৰীত ‘ভাৰ্চুৱেল’ মাধ্যমেৰে অনুষ্ঠিত হোৱা শীৰ্ষ সন্মিলনৰ কালত দুয়োখন দেশৰ মাজত স্বাক্ষৰিত হোৱা ‘বিস্তৃত অৰ্থনৈতিক সহযোগিতা সম্পৰ্কীয় চুক্তি’ (চিইপিএ)খন মে’ মাহৰ ১ তাৰিখৰ পৰা কাৰ্যান্বিত হৈছে। ‘চিইপিএ’-ই দুয়োখন দেশৰ মাজত চলি অহা বাণিজ্য আৰু বিনিয়োগৰ পৰিসৰ আৰু অধিক বিস্তৃত কৰি তুলিব বুলি আশা কৰা হৈছে। ২০২১-২২ বিত্তীয় বৰ্ষত দুযো দেশৰ মাজত সম্পাদিত বাণিজ্যিৰ পৰিমাণ আছিল প্ৰায় ৭২ বিলিয়ন মাৰ্কিন ডলাৰ। ‘ইউএই’ হৈছে ভাৰতৰ তৃতীয় বৃহত্তম বাণিজ্যিক অংশীদাৰ দেশ আৰু দ্বিতীয় সৰ্ববৃহত ৰপ্টানী-লক্ষ্যস্থান। বিগত বহু কেইটা বছৰত ভাৰতত ‘ইউএই’ৰ বিনিয়োগ নিৰন্তৰ ৰূপত বাঢ়ি আছে আৰু সম্পৰ্তি ইয়াৰ পৰিমাণ হৈছে ১২ বিলিয়ন মাৰ্কিন ডলাৰৰো অধিক।

দুয়োগৰাকী নেতাৰ মাজত অনুষ্ঠিত ভাৰ্চুৱেল শীৰ্ষ সন্মিলনত বাণিজ্য, বিনিয়োগ, নবীকৰণযোগ্য শক্তি, খাদ্য সুৰক্ষা, স্বাস্থ্য, প্ৰতিৰক্ষা, দক্ষতা, শিক্ষা, সংস্কৃতি আৰু নাগৰিকৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক স্থাপনকে ধৰি দুয়ো দেশৰ মাজৰ সম্পৰ্ক আগবঢ়াই নিয়াৰ বাবে পথনিৰ্দেশনা দাঙি ধৰি এখন ভিজন ষ্টেটমেণ্টও প্ৰকাশ কৰা হৈছিল।

‘ইউএই’ত বসবাস কৰা ৩.৫ নিযুত ভাৰতীয় সম্প্ৰদায়ৰ লোকৰ চোৱা-চিতা কৰা, বিশেষকৈ ক’ভিড-১৯ মহামাৰীৰ সময়ত লোৱা বিশেষ তদাৰকীৰ বাবে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি তথা আবু ধাবিৰ শাসনকৰ্তা শ্বেই মহম্মেদ বিন জায়েদ অল নহ্যানৰ শলাগ লয়। তেওঁ ৰাষ্ট্ৰপতিগৰাকীক অচিৰেই ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণো জনায়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Make in India' radar programme to help Tejas track targets gets Rs 2,205 crore boost

Media Coverage

'Make in India' radar programme to help Tejas track targets gets Rs 2,205 crore boost
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 01 আগষ্ট 2026
August 01, 2026

Aatmanirbhar Bharat Delivers: Indigenous Power, Farmer Prosperity & Blue Economy