ক্ৰমিক নং

চুক্তি / বুজাবুজিৰ চুক্তি (MoU) / উদ্দেশ্য পত্ৰ (LoI)

উদ্দেশ্য

ভাৰতৰ গুজৰাট চৰকাৰ আৰু সংযুক্ত আৰব আমিৰাতৰ বিনিয়োগ মন্ত্ৰালয়ৰ মাজত ঢোলেৰা বিশেষ বিনিয়োগ অঞ্চলৰ উন্নয়নৰ বাবে বিনিয়োগ সহযোগিতাৰ উদ্দেশ্য পত্ৰ

গুজৰাটৰ ঢোলেৰাত বিশেষ বিনিয়োগ অঞ্চলৰ উন্নয়ন সাধনৰ ক্ষেত্ৰত ইউএই-ৰ অংশীদাৰিত্বৰ বাবে বিনিয়োগ সহযোগিতাৰ অন্বেষণ। কল্পনা কৰা অংশীদাৰিত্বৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, পাইলট প্ৰশিক্ষণ বিদ্যালয়, ৰক্ষণাবেক্ষণ, মেৰামতি আৰু অভাৰহ’ল (MRO) সুবিধা, গ্ৰীণফিল্ড বন্দৰ, স্মাৰ্ট নগৰীয়া চহৰ, ৰেলৱে সংযোগ আৰু শক্তি আন্তঃগাঁথনিকে প্ৰমুখ্য কৰি মূল কৌশলগত আন্তঃগাঁথনি উন্নয়ন অন্তৰ্ভুক্ত হ’ব।

ভাৰতৰ ভাৰতীয় ৰাষ্ট্ৰীয় মহাকাশ প্ৰসাৰ আৰু অনুমোদন কেন্দ্ৰ (IN-SPACe) আৰু সংযুক্ত আৰব আমিৰাতৰ মহাকাশ সংস্থাৰ মাজত মহাকাশ উদ্যোগ উন্নয়ন আৰু বাণিজ্যিক সহযোগিতাৰ যৌথ পদক্ষেপৰ বাবে উদ্দেশ্য পত্ৰ

মহাকাশ আৰু বাণিজ্যিকীকৰণৰ বাবে যৌথ আন্তঃগাঁথনি বিকাশৰ ক্ষেত্ৰত ভাৰত-ইউএই ৰ অংশীদাৰিত্বৰ অন্বেষণ। ইয়াত লঞ্চ কমপ্লেক্স, উৎপাদন আৰু প্ৰযুক্তি জ’ন, মহাকাশ ষ্টাৰ্ট-আপৰ বাবে ইনকিউবেচন চেন্টাৰ আৰু এক্সিলেটৰ, প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰু বিনিময় কাৰ্য্যসূচী অন্তৰ্ভুক্ত হৈছে।

কৌশলগত প্ৰতিৰক্ষা অংশীদাৰিত্ব সন্দৰ্ভত ভাৰত আৰু সংযুক্ত আৰব আমিৰাতৰ মাজত উদ্দেশ্য পত্ৰ

কৌশলগত প্ৰতিৰক্ষা অংশীদাৰিত্ব কাঠামো চুক্তি স্থাপন আৰু প্ৰতিৰক্ষা ঔদ্যোগিক সহযোগিতা, প্ৰতিৰক্ষা উদ্ভাৱন আৰু উন্নত প্ৰযুক্তি, প্ৰশিক্ষণ, শিক্ষা আৰু মতবাদ, বিশেষ অভিযান আৰু আন্তঃকাৰ্য্যক্ষমতা, চাইবাৰ স্পেচ, সন্ত্ৰাসবাদ বিৰোধী অভিযানকে প্ৰমুখ্য কৰি একাধিক ক্ষেত্ৰত প্ৰতিৰক্ষা সহযোগিতা সম্প্ৰসাৰণৰ বাবে একেলগে কাম কৰা।

হিন্দুস্তান পেট্ৰলিয়াম কৰ্প'ৰেচন লিমিটেড (HPCL) আৰু আবুধাবি ৰাষ্ট্ৰীয় তেল কোম্পানী গেছৰ (ADNOC Gas) মাজত বিক্ৰী আৰু ক্ৰয় চুক্তি (SPA)

দীৰ্ঘ-ম্যাদী চুক্তিখনে ২০২৮-ৰ পৰা আৰম্ভ কৰি ১০ বছৰৰ বাবে এডিএনঅ’চি গেছৰ পৰা এইচপিচিএলে ০.৫ এমএমপিটিএ এলএনজি ক্ৰয় কৰাৰ পথ প্ৰশস্ত কৰিব।

ভাৰতৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ কৃষি আৰু সংসাধিত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন কৰ্তৃপক্ষ (APEDA) আৰু সংযুক্ত আৰব আমিৰাতৰ জলবায়ু পৰিৱৰ্তন আৰু পৰিবেশ মন্ত্ৰালয়ৰ মাজত খাদ্য সুৰক্ষা আৰু কাৰিকৰী প্ৰয়োজনীয়তাৰ বুজাবুজিৰ চুক্তি (MoU)

এই বুজাবুজিৰ চুক্তিয়ে খাদ্য খণ্ডত বাণিজ্য, বিনিময়, সহযোগিতাৰ প্ৰসাৰ তথা ভাৰতৰ পৰা ইউএই-লৈ চাউল, খাদ্য সামগ্ৰী আৰু আন-আন কৃষিজাত সামগ্ৰী ৰপ্তানিৰ বাবে উৎসাহিত কৰিবলৈ গুণগত মানৰ পৰিমাপসমূহৰ ব্যৱস্থা প্ৰশস্ত কৰিব। ইয়াৰ দ্বাৰা ভাৰতৰ কৃষকসকল উপকৃত হ’ব আৰু ইউএই-ৰ খাদ্য সুৰক্ষাত অৰিহণা যোগোৱা হ’ব।

ক্ৰমিক নং

ঘোষণা

উদ্দেশ্য

ভাৰতত ছুপাৰ কম্পিউটিং ক্লাষ্টাৰ স্থাপন

চি-ডিএচি ইণ্ডিয়া আৰু ইউএই-ৰ জি-৪২ কোম্পানীয়ে সহযোগিতা কৰি ভাৰতত এটা ছুপাৰ কম্পিউটিং ক্লাষ্টাৰ স্থাপন কৰিব। এই পদক্ষেপ এআই ইণ্ডিয়া মিছনৰ অংশ হ’ব আৰু প্ৰতিষ্ঠা হোৱাৰ পিছত এই সুবিধা ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ গৱেষণা, এপ্লিকেচনৰ বিকাশ আৰু বাণিজ্যিক ব্যৱহাৰৰ বাবে উপলব্ধ হ’ব।

২০৩২-ৰ ভিতৰত ২০০ বিলিয়ন মাৰ্কিন ডলাৰৰ লক্ষ্যৰে দ্বিপাক্ষিক বাণিজ্যক দুগুণ কৰা

দুয়োপক্ষই ২০৩২-ৰ ভিতৰত ২০০ বিলিয়ন মাৰ্কিন ডলাৰৰ লক্ষ্যৰে দ্বিপাক্ষিক বাণিজ্যক দুগুণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ লগতে দুয়োপক্ষৰ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া খণ্ডৰ উদ্যোগক (MSME) সংযোগ কৰাত গুৰুত্ব প্ৰদান কৰা হয়। একেদৰে ভাৰত মাৰ্ট, ভাৰ্চুৱেল ট্ৰেড কৰিডৰ আৰু ভাৰত-আফ্ৰিকা সেতুৰ দৰে মূল পদক্ষেপসমূহক ক্ষীপ্ৰতাৰে ৰূপায়ণ কৰা হ’ব।

দ্বিপাক্ষিক অসামৰিক পাৰমাণৱিক সহযোগিতাক প্ৰসাৰিতকৰণ

ৰূপান্তৰিত ভাৰতৰ বাবে পাৰমাণৱিক শক্তিৰ বহনক্ষম ব্যৱহাৰ আৰু উন্নীতকৰণ (SHANTI) আইনৰ ফলশ্ৰুতিত সৃষ্ট নতুন সুযোগ গ্ৰহণেৰে বৃহৎ পাৰমাণৱিক ৰিয়েক্টৰ আৰু ক্ষুদ্ৰ মডুলাৰ ৰিয়েক্টৰৰ (SMR) বিকাশ আৰু ব্যৱহাৰকে প্ৰমুখ্য কৰি উন্নত পাৰমাণৱিক প্ৰযুক্তিৰ ক্ষেত্ৰত অংশীদাৰিত্বৰ অন্বেষণ কৰাৰ লগতে উন্নত ৰিয়েক্টৰ ব্যৱস্থা, পাৰমাণৱিক শক্তি কেন্দ্ৰ পৰিচালনা আৰু ৰক্ষণাবেক্ষণ তথা পাৰমাণৱিক সুৰক্ষাৰ ক্ষেত্ৰত সহযোগিতাৰ অন্বেষণ।

গুজৰাটৰ ‘গিফ্ট চিটি’ত ইউএই কোম্পানী - ডিপি ৱৰ্ল্ড আৰু ফাৰ্ষ্ট আবুধাবি বেংকৰ (FAB) শাখা স্থাপন

‘গিফ্ট’ত ফাৰ্ষ্ট আবুধাবি বেংকৰ এটা শাখা স্থাপন কাৰ্য্যই বাণিজ্য আৰু বিনিয়োগৰ সম্পৰ্কক প্ৰসাৰিত কৰিব। ডিপি ৱৰ্ল্ডে ‘গিফ্ট চিটি’ৰ পৰাই কাৰ্য্যকলাপ সমাপন কৰিব। ইয়াত ইয়াৰ বিশ্বব্যাপী কাৰ্য্যকলাপৰ বাবে জাহাজ লিজত দিয়াও অন্তৰ্ভুক্ত হৈছে।

১০

‘ডিজিটেল/ডাটা এম্বেছী’ স্থাপন

পাৰস্পৰিকভাৱে স্বীকৃতিপ্ৰাপ্ত সাৰ্বভৌমত্ব ব্যৱস্থাৰ অধীনত ‘ডিজিটেল এম্বেছী’ স্থাপনৰ সম্ভাৱনাৰ সন্ধান কৰা হ’ব।

১১

আবুধাবিত ‘হাউছ অৱ ইণ্ডিয়া’ প্ৰতিষ্ঠা

ভাৰত আৰু ইউএইয়ে আবুধাবিত ভাৰতীয় শিল্প, ঐতিহ্য আৰু পুৰাতত্ত্বৰ সংগ্ৰহালয়ৰে গঠিত সাংস্কৃতিক ক্ষেত্ৰ স্থাপনৰ বাবে এক ধ্বজাবাহী প্ৰকল্পত সহযোগিতা স্থাপন কৰিব।

১২

যুৱ বিনিময়ক প্ৰসাৰিতকৰণ

ভৱিষ্যৎ প্ৰজন্মৰ মাজত গভীৰ বুজাবুজি, শৈক্ষিক আৰু গৱেষণামূলক সহযোগিতা তথা সাংস্কৃতিক বন্ধন গঢ়ি তুলিবলৈ যিকোনো এখন দেশৰ যুৱ প্ৰতিনিধিৰ এটা দলৰ ভ্ৰমণৰ ব্যৱস্থা কৰাৰ দিশত কাম কৰিবলৈ নীতিগতভাৱে সহমতত উপনীত।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Modi’s Gen Z compact: Listen, respond, reform

Media Coverage

Modi’s Gen Z compact: Listen, respond, reform
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Shilpa Kanchugarakoppalu Shyla on winning Bronze in Women’s Shot Put F57 at Commonwealth Games 2026
July 28, 2026

The Prime Minister, Shri Narendra Modi, has congratulated Shilpa Kanchugarakoppalu Shyla on winning the Bronze medal in the Women’s Shot Put F57 Final at the Glasgow Commonwealth Games 2026.

The Prime Minister said that Shilpa’s personal best throw made the achievement even more remarkable.

Shri Modi congratulated her on the accomplishment.

The Prime Minister wrote on X;

“A brilliant performance by Shilpa Kanchugarakoppalu Shyla at the Commonwealth Games 2026!

Congratulations to Shilpa for having won the Bronze Medal in the Women's Shot Put F57 Final and that too with a personal best throw. This is indeed a remarkable accomplishment.

#CWG2026”